মালায়লম চলচ্চিত্ৰৰ অভিনেত্ৰী
১৭ প্ৰবন্ধ
-
কিৰণ খেৰ
কিৰণ অনুপম খেৰ (Kirron Kher জন্ম: ১৪ জুন ১৯৫২) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা; মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিচনৰ অভিনেত্ৰী; টেলিভিচন ব্যক্তিত্ব; গায়িকা; বিনোদক; প্ৰযোজক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০১৪-ৰ মে’ত তেওঁ চণ্ডীগড় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনত বিজয়ী হৈছিল।
-
দিব্যা দত্ত
দিব্যা দত্ত ( Divya Dutta; জন্ম: ২৫ ছেপ্টেম্বৰ ১৯৭৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। মূলতঃ হিন্দী আৰু পাঞ্জাবী চিনেমাত অভিনয় কৰি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ফিল্মফেয়াৰ অ’টিটি (OTT) বঁটাকে ধৰি বিভিন্ন প্ৰশংসা লাভ কৰিছে।
-
ঈশ্বৰ্য মেনন
ঈশ্বৰ্য মেনন (Iswarya Menon) এগৰাকী ভাৰতীয় অভিনেত্ৰী; তেওঁ তামিল, কানাড়া, তেলেগু আৰু মালয়ালম ছবিত কাম কৰে। ঈশ্বৰ্য মেননৰ পৰিয়াল কেৰালাৰ চেন্দমংগলমৰ। জন্ম আৰু ডাঙৰ-দীঘল তামিলনাডুৰ ইৰোডত হৈছে। ইৰোডৰ ভেলালাৰ মেট্ৰিক স্কুলত উচ্চতৰ মাধ্যমিক শিক্ষা গ্ৰহণ কৰে।
-
কাঞ্চনা (অভিনেত্ৰী)
কাঞ্চনা ( Kanchana; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা নামেৰে সুপৰিচিত আছিল। বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি.
-
জয়ন্তী (অভিনেত্ৰী)
কমলা কুমাৰী (Kamala Kumari; ৬ জানুৱাৰী ১৯৪৫ – ২৬ জুলাই ২০২১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যাক মঞ্চনাম জয়ন্তী বুলি জনা যায়। তেওঁ মূলতঃ কানাড়ী আৰু তেলুগু চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। ১৯৬০, ১৯৭০ আৰু ১৯৮০ দশকৰ আগডোখৰলৈ চলচ্চিত্ৰত বিভিন্ন শৈলীত তেওঁৰ যোগদানৰ বাবে বিশেষভাবে খ্যাতি অৰ্জন কৰিছিল।
-
দেৱিকা
দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।
-
ফিৰোজা বেগম
ফিৰোজা বেগম (Firoza Begum) এগৰাকী ইহুদী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ কেইবাখনো বলীউড আৰু মলিউড ছবিত অভিনয় কৰিছিল। ১৯২০ আৰু ১৯৩০ দশকত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।
-
বিমলা ৰমন
বিমলা ৰমন ( Vimala Raman) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা প্ৰাক্তন মডেল, যিয়ে ভাৰতীয় চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মালয়ালম, তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ৰমনে ২০০৬ চনত তামিল ছবি “পই”ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে।
-
ৰতি অগ্নিহোত্ৰী
ৰতি অগ্নিহোত্ৰী ( Rati Agnihotri; জন্ম: ১০ ডিচেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী ভাষাৰ লগতে তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয়ৰ বাবেও পৰিচিত।
-
ৰাজশ্ৰী
ৰাজশ্ৰী থোটা পঞ্চজন্যম (জন্ম: কুসুম কুমাৰী; Rajasree) ১৯৫৬ চনৰ পৰা ১৯৭৯ চনলৈকে সক্ৰিয় এগৰাকী ভাৰতীয় অভিনেত্ৰী, যি ৰাজশ্ৰী নামেৰেও খ্যাত। তেওঁক এন টি ৰামাৰাও আৰু টেদাপল্লী লক্ষীকান্ত ৰামাৰাওৰ বিপৰীতে বহু কেইখন লোকগাথা আধাৰিত তেলুগু ছবিত ৰাজকুমাৰীৰ চৰিত্ৰ আৰু লগতে ৰবিচন্দ্ৰনৰ বিপৰীতে তামিল কমেডী…
-
ৰোজা চেলভামণি
আৰ কে ৰোজা চেলভামণি (জন্ম: শ্ৰী লতা ৰেড্ডী; Roja Selvamani) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। ২০২৪ চনৰ ১১ এপ্ৰিলৰ পৰা ২০২৪ চনৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত পৰাজয়ৰ আগলৈকে তেওঁ অন্ধ্ৰ প্ৰদেশৰ পৰ্যটন, সংস্কৃতি আৰু যুৱ উন্নতিৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
কে আৰ বিজয়া
দেৱনায়কী ( K. R. Vijaya ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম, তেলেগু আৰু কানাড়া ছবিত অভিনয় কৰিছে। তেওঁ কে আৰ বিজয়া মঞ্চনাম অধিক পৰিচিত। ১৯৬৩ চনৰ পৰা আৰম্ভ কৰি ছয় দশকৰো অধিক সময় দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত তেওঁ অভিনয় কৰি আহিছে।
-
ছৌকৰ জানকী
শংকৰমঞ্চী জানকী (Sankaramanchi Janaki; জন্ম: ১২ ডিচেম্বৰ ১৯৩১) তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী; যাক ব্যপকভাবে ছৌকৰ জানকী (Sowcar Janaki) বুলি জনা যায়। সাত দশকৰো অধিক সময়ৰ কৰ্মজীৱনত জানকীয়ে প্ৰায় ৩৯০খন ছবিত অভিনয় কৰিছে।
-
প্ৰমিলা
টি. এ. প্ৰমিলা ( Prameela ) দক্ষিণ ভাৰতীয় ছবিৰ এগৰাকী প্ৰবীণ অভিনেত্ৰী। ১৯৭০ আৰু ১৯৮০ দশকত মালয়ালম আৰু তামিল চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী হিচাপে কাম কৰিছিল আৰু কম সংখ্যক কানাড়া আৰু তেলেগু ছবিতো অভিনয় কৰিছিল। গ্লেমাৰাছ চৰিত্ৰৰ বাবে তেওঁ বিখ্যাত আছিল।
-
ভেন্নিৰা আদাই নিৰ্মলা
ভেন্নিৰা আদাই নিৰ্মলা (জন্ম:এ বি শান্তি; Vennira Aadai Nirmala; এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, মালয়ালম আৰু তেলেগু ছবিত অভিনয় কৰিছে। তেওঁ ১৯৬০ আৰু ১৯৭০ দশকৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। মালয়ালম চলচ্চিত্ৰ জগতত তেওঁক উষাকুমাৰী হিচাপে জনা যায়।
-
শান্তা দেৱী
দময়ন্তী (Santha Devi; ১৯২৭ – ২০ নৱেম্বৰ ২০১০) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী; যি তেওঁৰ মঞ্চনাম কোজিকোদ শান্তা দেৱী নামেৰে অধিক পৰিচিত। প্ৰায় ষাঠি বছৰীয়া কেৰিয়াৰত তেওঁ ১০০০ তকৈ অধিক নাটক আৰু প্ৰায় ৪৮০ খন ছবিত অভিনয় কৰিছিল।
-
শীলা
শীলা চেলিন ( Sheela Celine; জন্ম: ২২ মাৰ্চ ১৯৪৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক যাক মূলতঃ মালয়ালম চলচ্চিত্ৰত দেখা যায়। প্ৰেম নাজিৰৰ সৈতে যুটি বান্ধি, তেওঁলোকে নায়ক আৰু নায়িকাৰ ভূমিকাত সৰ্বাধিক সংখ্যক ছবিত (১৩০খন) অভিনয় কৰাৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছে।