অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কানন গীল

কানন সিং গিল (Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰ। পাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে।

হালনাগাদ: ১৭ জুন ২০২৬ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

কানন সিং গিল (Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰ। পাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ১ ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে। গীল ইউটিউব কমেডী হাণ্টৰ আঁৰৰ অন্যতম মূল ব্যক্তিত্ব আছিল আৰু ইউটিউব ফেনফেষ্ট ইণ্ডিয়াৰ সহ-আয়োজক আছিল। ২০১৭ চনত তেওঁ নিজৰ এঘণ্টীয়া কমেডী বিশেষ, কিপ ইট ৰিয়েল আমাজন প্ৰাইম ভিডিঅ'ত মুকলি কৰে।.২ সোণাক্ষী সিনহাৰ সৈতে নূৰ চিনেমাৰ জৰিয়তে তেওঁ চিনেমা জগতত অভিষেক ঘটায়। ২০১৮ চনত তেওঁ আমাজন প্ৰাইম ভিডিঅ’ৰ কমেডী ৰিয়েলিটি টিভি শ্ব’ কমিকষ্টানত বিচাৰক হিচাপেও কাম কৰিছিল। তেওঁৰ নতুন ষ্টেণ্ড আপ বিশেষ Is this it? ২০২৪ চনত ইউটিউবত মুকলি হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

বৰেলীৰ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰা কাননে প্ৰাৰম্ভিক বছৰবোৰ ডেৰাডুন আৰু দিল্লীত কটায়। তেওঁৰ পিতৃ ভাৰতীয় সেনাৰ এজন বিষয়া৷ তেওঁৰ নাম ৰণজিৎ সিং গীল৷ তেওঁ বাংগালুৰুৰ ৰাষ্ট্ৰীয় সামৰিক বিদ্যালয়ৰ অধ্যক্ষও আছিল। সৰুতে গীল বেংগালুৰুলৈ আহে। তেওঁ নতুন দিল্লীৰ আহলকন পাব্লিক স্কুল আৰু বেংগালুৰুৰ দ্য ফ্ৰেংক এণ্টনি পাব্লিক স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৪ তেওঁ বি.ই. এম এছ ৰমাইয়া ইনষ্টিটিউট অৱ টেকন’লজিত কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী লাভ কৰে। তেওঁ এটা বেণ্ডৰ অংশ আছিল য'ত তেওঁ পিছলৈ গীত লিখিবলৈ আৰম্ভ কৰাৰ সময়ত মুখ্য গায়ক হৈছিল।

কৰ্মজীৱন

কাননে এক্সেটাৰ গ্ৰুপ ইনকৰ্পৰেশ্যনত তিনি বছৰ ধৰি চফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰিছিল।৫ ইয়াৰ মাজতে তেওঁ পাঞ্চলাইন বেংগালুৰু নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়লাভ কৰে আৰু তাৰ পিছত মুম্বাইৰ কমেডী ষ্ট’ৰত আন এক জয় লাভ কৰে। ইয়াৰ পিছত তেওঁ চাকৰি এৰি কমেডীত কেৰিয়াৰ গঢ়িবলৈ লয়।

ভাইৰেল ইউটিউব ধাৰাবাহিক প্ৰেটেন্সিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ জনপ্ৰিয়তা লাভ কৰে। তেওঁ বিশ্ব কল্যাণ ৰথৰ সৈতে সমালোচনাত্মকভাৱে জনপ্ৰিয় হিন্দী চিনেমাসমূহৰ পৰ্যালোচনা কৰিছিল। কানানে এটা ইম্প্ৰভাইজড স্কেচ কমেডী শ্ব' দ্য লিভিং ৰুম অন কমেডী চেণ্ট্ৰেলতো কাম কৰিছিল।৬৭৮৯১০১১১২১৩১৪১৫ ২০১৭ চনত গীলে সোণাক্ষী সিনহাৰ সৈতে সুনহিল চিপ্পীৰ ছবি নূৰত অভিষেক ঘটায়।১৬ সেই বছৰতে গীলে তেওঁৰ বিশেষ কিপ ইট ৰিয়েল আমাজন প্ৰাইম ভিডিঅ'ত মুকলি কৰে।১৭ ২০২০ চনত তেওঁৰ বিশেষ 'Yours Sincerely' নেটফ্লিক্সত মুক্তি পাইছিল।

২০২৩ চনত তেওঁ ইডা উৰচিন-হলমৰ সৈতে ক্ৰীছমাছ এজ ইউজুৱেল নামৰ নৰৱেৰ ৰোমাণ্টিক কমেডী ছবিখনতো অভিনয় কৰে।

২০২৪ চনৰ ১৮ জানুৱাৰীত হাৰ্পাৰকলিন্সে গীলৰ প্ৰথম উপন্যাস এক্টছ অৱ গড মুকলি কৰে।১৮ এইখন হৈছে ২০১৬-১৭ চনত তেওঁ লিখা এটা চুটিগল্পৰ আধাৰত নিৰ্মিত কমেডী-কল্পবিজ্ঞান কাহিনী।

তথ্যসূত্ৰ

  1. ↑ Pretentious Movie Reviews
  2. ↑ The Improvisers: Something from Nothing
  3. ↑ (2023-07-10). Kanan Gill’s Is This It? review: Crisis comedy for the anxious age. CNBCTV18
  4. ↑ Rodricks, Allan Moses. (13 June 2014). Take it from Gill. The Hindu
  5. ↑ About Stand Up Comedian: Kanan Gill
  6. ↑ (December 2014). Kanan Gill unplugged. Deccan Chronicle
  7. ↑ Comedy Central to premiere 'The Living Room'. Afaqs.com
  8. ↑ (26 November 2014). Disney owned YouTube MCN Maker Studios signs up Indian channels: AIB, Kanan Gill, others. Medianama.com
  9. ↑ Reviewer duo Kanan Gill and Biswa Kalyan Rath throw a few punches at bad Bollywood movies
  10. ↑ Tuli, Aanchal. Kanan Gill and Biswa Kalyan Rath's first live show in Gurgoan. The Times of India
  11. ↑ Allan Moses Rodricks. (13 June 2014). Take it from Gill. The Hindu
  12. ↑ How To Make Your YouTube Videos Work
  13. ↑ (3 May 2014). Boys of Bollywood. The Indian Express
  14. ↑ Anil Wanvari. Indian Television Dot Com - Comedy Central sees potential in localised content. Indiantelevision
  15. ↑ Kanan Gill. CreativeMornings
  16. ↑ Natasha Coutinho. (6 July 2016). Today's headlines are tomorrow's garbage: Sonakshi. Times Of India
  17. ↑ Keep It Real. IMDb
  18. ↑ (2024-01-19). Kanan Gill is more excited about writing movies than acting in them. Vogue India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ইউটিউবাৰষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় কমেডিয়ানউত্তৰ প্ৰদেশৰ ব্যক্তিঅভিনয় শিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় অভিনয় শিল্পীকমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কানন গীল” প্ৰবন্ধৰ সংশোধন ৬১২৬৪৪ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।