অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিশ্ব কল্যাণ ৰথ

বিশ্ব কল্যাণ ৰথ (Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

হালনাগাদ: ৭ জানুৱাৰী ২০২৬ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বিশ্ব কল্যাণ ৰথ (Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউ১ৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ২০১৭ চনৰ আমাজন প্ৰাইম ভিডিঅ’ৰ ধাৰাবাহিক লাখো মেইন এক ৰ নিৰ্মাণ কৰে। ২০২০ চনৰ ৯ ডিচেম্বৰত ৰথে অভিনেত্ৰী সুলগনা পানীগ্ৰহীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২

কেৰিয়াৰ

২০১২ চনত আইআইটি খড়্গপুৰৰ পৰা জৈৱ প্ৰযুক্তিবিদ্যাত স্নাতক হোৱাৰ পিছত৩৪৫ তেওঁ ম'বাইল ছিকিউৰিটি ষ্টাৰ্টআপ বিটজাৰম’বাইলত কাম কৰিছিল। এই সময়তে তেওঁ ২০১৩ চনত বেংগালুৰুত অনুষ্ঠিত হোৱা মুকলি মাইক অনুষ্ঠানত কানন গীলক লগ পায়।৬ ২০১৪ চনত তেওঁ অৰেকলৰ চাকৰি এৰি পূৰ্ণকালীন কমেডিয়ান হৈছিল।৭

বিশ্ব আৰু কাননে প্ৰেটেন্সিয়াছ মুভি ৰিভিউৰ ধাৰণাটো লৈছিল, যিটো ভিডিঅ’ৰ ধাৰাবাহিকতা অতি সোনকালেই ইউটিউবত ভাইৰেল হৈ পৰিছিল। এই ধাৰাবাহিকখনত তেওঁলোকে সমালোচনাত্মকভাৱে লিখা বলিউডৰ ছবিসমূহৰ পৰ্যালোচনা কৰে।৮ ভাৰতীয় পপ সংস্কৃতিত ইমানেই নিহিত হৈ থকাৰ বাবেই তেওঁলোকে বলিউডৰ চিনেমা বাছি লৈছিল।৯১০ ২০১৪ চনত তেওঁ কানন গিলৰ সৈতে গুৰগাঁৱত প্ৰথমটো লাইভ শ্ব' পৰিৱেশন কৰে।১১

২০১৫ চনত তেওঁ ষ্টেণ্ড-আপ কমেডি কৰিবলৈ আৰম্ভ কৰে আৰু ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তেওঁৰ প্ৰথম একক ৰাষ্ট্ৰীয় ভ্ৰমণ কৰে আৰু বেংগালুৰু,পুনে, মুম্বাই, হায়দৰাবাদ আৰু কলকাতাত শ্ব' কৰে।১২ ২০১৫ চনত তেওঁ এআইবি আৰু অন্যান্য কমেডিয়ানসকলৰ সৈতে কমেডী হাণ্টৰ আয়োজক আছিল আৰু বিশ্ব মস্ত আদমী নামেৰেও ভ্ৰমণ কৰিছিল।১৩ তেওঁ "লাখো মেইন এক" নামৰ এখন ৱেব ছিৰিজ নিৰ্মাণ কৰিছে যিখন ২০১৭ চনৰ অক্টোবৰ মাহত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি পাইছিল।১৪ আৰু এইচ ডি এফ চি লাইফৰ বিহাইণ্ড দ্য জাৰ্নি ভিডিঅ' ছিৰিজত অভিনয় কৰিছিল১৫

২০২০ চনৰ ডিচেম্বৰ মাহত বিশ্বই ফ্ৰন্টৰ'ৰ সৈতে উদীয়মান ষ্টেণ্ড আপ কমেডিয়ানসকলৰ বাবে এক এক্সক্লুছিভ মাষ্টাৰক্লাছ১৬ আৰম্ভ কৰে।

তথ্যসূত্ৰ

  1. ↑ Pretentious Movie Reviews
  2. ↑ (19 December 2020). Biswa Kalyan Rath gets married to Sulagna Panigrahi
  3. ↑ (2017-03-27). During my IIT days, I realised I like joking more than engineering: Biswa Kalyan Rath. The Times of India
  4. ↑ India, IIT KGP Alumni Foundation. Unique Talents of KGP'ians: Biswa Kalyan Rath, from KGP to TV - Newsroom. IIT KGP Alumni Foundation India
  5. ↑ Biswa Kalyan Rath • EartH (Evolutionary Arts Hackney). earthackney.co.uk
  6. ↑ Apoorva Sripathi. (9 March 2015). Reels of fun. The Hindu
  7. ↑ Rhea Yadav. (5 September 2014). In Conversation With Biswa Kalyan Rath: Of Pretentiousness and Gamechanging. University Express
  8. ↑ ET Bureau. (9 May 2014). Reviewer duo Kanan Gill and Biswa Kalyan Rath throw a few punches at bad Bollywood movies. The Economic Times
  9. ↑ During my IIT days, I realised I like joking more than engineering: Biswa Kalyan Rath - Times of India. The Times of India
  10. ↑ Somya Lakhani. (9 May 2014). Boys of Bollywood. The Indian Express
  11. ↑ Aanchal Tuli. (22 August 2014). Kanan Gill and Biswa Kalyan Rath's first live show in Gurgoan. The Times of India
  12. ↑ Manali Shah. (23 October 2015). Most serious ever: Biswa on life before Pretentious Movie Reviews. The Hindustan Times
  13. ↑ Hena Mehta. (4 October 2015). Comedians stand up and get counted. The Hindu
  14. ↑ Laakhon Mein Ek Trailer
  15. ↑ Behind the Journey with Biswa
  16. ↑ Learn Comedy on FrontRow with Biswa

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া ব্যক্তিভাৰতীয় ইউটিউবাৰষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ানভাৰতীয় কমেডিয়ান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব কল্যাণ ৰথ” প্ৰবন্ধৰ সংশোধন ৫৬৮২১৬ (৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।