ভাৰতীয় কমেডিয়ান
৯ প্ৰবন্ধ
-
ভুৱন বাম
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত। মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।
-
কানন গীল
কানন সিং গিল (Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰ। পাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে।
-
জাকিৰ খান (কমেডিয়ান)
জাকিৰ খান ( Zakir Khan; জন্ম: ২০ আগষ্ট ১৯৮৭) এজন ভাৰতীয় কমেডিয়ান। ২০১২ চনত কমেডী চেণ্ট্ৰেলৰ কমেডী প্ৰতিযোগিতা ‘ইণ্ডিয়াছ বেষ্ট ষ্টেণ্ড আপ’ত জয়লাভ কৰি জাকিৰ খানে জনপ্ৰিয়তা লাভ কৰিছিল। খান এআইবিৰ (AIB) সৈতে অন এয়াৰ নামৰ এটা নিউজ কমেডী শ্ব'ৰ অংশ আছিল।
-
বিশ্ব কল্যাণ ৰথ
বিশ্ব কল্যাণ ৰথ (Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
বীৰ দাস
বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।
-
আকাশ গুপ্তা
আকাশ গুপ্তা (Aakash Gupta) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা, ইউটিউবাৰ আৰু থিয়েটাৰ শিল্পী তেওঁ সময় ৰাইনাৰ সৈতে ষ্টেণ্ড-আপ কমেডী প্ৰতিযোগিতা কমিকষ্টানৰ দ্বিতীয় ছিজনৰ সহ-বিজয়ী আছিল।তেওঁ পৰিবেশন কলা আৰু স্কেচ কমেডীৰ প্ৰশিক্ষণ লাভ কৰিছে।.
-
জেমী লিভাৰ
জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
সতীশ শ্বাহ
সতীশ ৰবিলাল শ্বাহ (Satish Ravilal Shah; ২৫ জুন ১৯৫১ – ২৫ অক্টোবৰ ২০২৫) এজন ভাৰতীয় অভিনেতা আছিল। জানে ভি দো ইয়াৰো (১৯৮৩), য়েহ জো হেয় জিন্দেগী (১৯৮৪), চাৰাভাই বনাম চাৰাভাই (২০০৪), মেইন হুন না (২০০৪), কল হো না হো (২০০৩), ফানা (২০০৬) আৰু ওম শান্তি ওম (২০০৭) আদি ছবিত কমিক চৰিত্ৰত অভিনয়ৰ বাবে তেওঁ…