কমেডিয়ান
১৬ প্ৰবন্ধ
-
ৰাজু শ্ৰীবাস্তৱ
সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।
-
ভুৱন বাম
ভুৱন অভনীন্দ্ৰ শংকৰ বাম (জন্ম ২২ জানুৱাৰী ১৯৯৪) ভাৰতৰ দিল্লীৰ এজন ভাৰতীয় কমেডিয়ান, লেখক, গায়ক, গীতিকাৰ, আৰু ইউটিউব ব্যক্তিত্ব। ইউটিউবত BB Ki Vines নামৰ কমেডী চেনেলটোৰ বাবে তেওঁ পৰিচিত। মহাৰাষ্ট্ৰীয় বামে ১৯৯৪ চনৰ ২২ জানুৱাৰীত গুজৰাটৰ বদোদৰাত জন্মগ্ৰহণ কৰিছিল অভনীন্দ্ৰ আৰু পদ্ম বামৰ ঘৰত।
-
উৰুজ আছফাক
উৰুজ আছফাক (Urooj Ashfaq) মুম্বাইৰ এগৰাকী কমেডিয়ান, লেখক আৰু অভিনয়-শিল্পী। ২০২৩ চনত এডিনবৰা কমেডী এৱাৰ্ডত তেওঁ শ্ৰেষ্ঠ নৱাগত বঁটা লাভ কৰে।
-
জাকিৰ খান (কমেডিয়ান)
জাকিৰ খান ( Zakir Khan; জন্ম: ২০ আগষ্ট ১৯৮৭) এজন ভাৰতীয় কমেডিয়ান। ২০১২ চনত কমেডী চেণ্ট্ৰেলৰ কমেডী প্ৰতিযোগিতা ‘ইণ্ডিয়াছ বেষ্ট ষ্টেণ্ড আপ’ত জয়লাভ কৰি জাকিৰ খানে জনপ্ৰিয়তা লাভ কৰিছিল। খান এআইবিৰ (AIB) সৈতে অন এয়াৰ নামৰ এটা নিউজ কমেডী শ্ব'ৰ অংশ আছিল।
-
বীৰ দাস
বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।
-
অৰ্পণা নাঞ্চেৰলা
অৰ্পণা নাঞ্চেৰলা (ইংৰাজী: Aparna Nancherla) এগৰাকী আমেৰিকান ষ্টেণ্ড-আপ কমেডিয়ান আৰু অভিনেত্ৰী। তেওঁ বোজাক হৰ্চমেন আৰু কৰ্পোৰেটৰ দৰে ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ লেট নাইট উইথ চেথ মেয়াৰ্ছ আৰু টোটেলী বায়াস্ড উইথ ডব্লিউ কামাউ বেলৰ বাবে লিখিছে।
-
আকাশ গুপ্তা
আকাশ গুপ্তা (Aakash Gupta) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা, ইউটিউবাৰ আৰু থিয়েটাৰ শিল্পী তেওঁ সময় ৰাইনাৰ সৈতে ষ্টেণ্ড-আপ কমেডী প্ৰতিযোগিতা কমিকষ্টানৰ দ্বিতীয় ছিজনৰ সহ-বিজয়ী আছিল।তেওঁ পৰিবেশন কলা আৰু স্কেচ কমেডীৰ প্ৰশিক্ষণ লাভ কৰিছে।.
-
কনিজ চুৰকা
কনিজ চুৰকা (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী ভাৰতীয় ভিত্তিক দক্ষিণ আফ্ৰিকান ইমপ্ৰভ শিল্পী, অভিনেত্ৰী, ধেমেলীয়া অভিনেতা আৰু এগৰাকী ইউটিউবাৰ। তেওঁ দ্য উইক দ্যাট ৱাজন'ট শ্বোৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিভিন্ন ষ্টেণ্ড আপ মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছে।
-
কুইণ্টা ব্ৰানছন
কুইণ্টা ব্ৰানছন (জন্ম: ২১ ডিচেম্বৰ ১৯৮৯) এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক অভিনেতা, লেখিকা আৰু প্ৰযোজক। তেওঁ এবিচি কমেডী ধাৰাবাহিক এৰট এলিমেণ্টৰী (২০২১–বৰ্তমান)-ৰ স্ৰষ্টা, কাৰ্যবাহী প্ৰযোজক আৰু সহ-লেখিকা। এই ধাৰাবাহিকখনত তেওঁ দ্বিতীয় শ্ৰেণীৰ শিক্ষয়িত্ৰী জেনিন টিগছৰ চৰিত্ৰত অভিনয় কৰিছে।
-
জেনিফাৰ ৰবাৰ্টছন
জেনিফাৰ ৰবাৰ্টছন (ইংৰাজী: Jennifer Robertson; জন্ম: ২৪ নৱেম্বৰ, ১৯৭১) এগৰাকী কানাডিয়ান অভিনেত্ৰী, লেখিকা আৰু ধেমেলীয়া অভিনেতা। তেওঁ চিবিচি চিটকম ছিটছ ক্ৰীক (২০১৫–২০২০) ত জচেলিন ছিটৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।
-
জেনেল জেমছ
জেনেল জেমছ (জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭৯) এগৰাকী আমেৰিকান কৌতুক অভিনেতা, অভিনেত্ৰী আৰু লেখিকা। তেওঁ এবিচি টেলিভিছন ধাৰাবাহিক এৰট এলিমেণ্টৰী-ত আভা ক’লমেনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছিকৈ পৰিচিত।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
বিপুল গোয়েল
বিপুল গোয়েল (Vipul Goyal) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু অভিনেতা। ভাৰতৰ শীৰ্ষ কমেডী অভিনেতাসকলৰ ভিতৰত তেওঁক গণ্য কৰা হয় ৷ ৱেব-ধাৰাবাহিক হিউমাৰাছলি ইউৰছৰ মূল নায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
-
মিণ্ডী কেলিং
ভেৰা মিণ্ডী চোকালিংগম (জন্ম: ২৪ জুন, ১৯৭৯), পেছাদাৰীভাৱে মিণ্ডী কেলিং (ইংৰাজী: Mindy Kaling; জন্ম: ২৪ জুন, ১৯৭৯) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক শিল্পী, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। টেলিভিছনৰ কামৰ বাবে পৰিচিত কেলিঙে এটা টনী বঁটা আৰু প্ৰাইমটাইম এমি বঁটাত ছয়টাকৈ মনোনয়ন লাভ কৰিছে।
-
সুমুখী সুৰেশ
সুমুখী সুৰেশ (Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক। হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।
-
ৰোজ আবডু
ৰোজ মেৰী আবডু (ইংৰাজী: Rose Marie Abdoo; জন্ম: ২৮ নৱেম্বৰ, ১৯৬২) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু কমেডিয়ান। তেওঁ বিশেষকৈ গিলমৰ গাৰ্লছত ষ্টাৰ্ছ হল'ৰ স্থানীয় মেকানিক জিপ্ছী, দ্যাটছ ছ' ৰেভেনত স্পেনিছ শিক্ষক চেনিঅ'ৰিটা ৰড্ৰিগেজ আৰু হেকছ ধাৰাবাহিকত জোচেফিনাৰ চৰিত্ৰত অভিনয়ৰ বাবে পৰিচিত।