ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান
১১ প্ৰবন্ধ
-
ৰাজু শ্ৰীবাস্তৱ
সত্য প্ৰকাশ শ্ৰীবাস্তৱ (Satya Prakash Srivastav) (২৫ ডিচেম্বৰ ১৯৬৩ – ২১ ছেপ্টেম্বৰ ২০২২), পেছাগতভাৱে ৰাজু শ্ৰীবাস্তৱ নামেৰে পৰিচিত। তেওঁক প্ৰায়ে গজোধৰ নামেৰে মতা হয়। তেওঁ এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু ৰাজনীতিবিদ।
-
উৰুজ আছফাক
উৰুজ আছফাক (Urooj Ashfaq) মুম্বাইৰ এগৰাকী কমেডিয়ান, লেখক আৰু অভিনয়-শিল্পী। ২০২৩ চনত এডিনবৰা কমেডী এৱাৰ্ডত তেওঁ শ্ৰেষ্ঠ নৱাগত বঁটা লাভ কৰে।
-
কানন গীল
কানন সিং গিল (Kanan Gill) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, অভিনেতা, লেখক আৰু ইউটিউবাৰ। পাঞ্চ লাইন বাংগালুৰু প্ৰতিযোগিতাত তেওঁ জয়লাভ কৰে। তেওঁ ইউটিউব চিৰিজ প্ৰেটেন্সিয়াছ মুভি ৰিভিউ ৰ বাবে পৰিচিত য'ত তেওঁ সহযোগী ষ্টেণ্ড আপ কমেডিয়ান বিশ্ব কল্যাণ ৰথৰ সৈতে বলিউডৰ ছবিৰ পৰ্যালোচনা কৰে।
-
জাকিৰ খান (কমেডিয়ান)
জাকিৰ খান ( Zakir Khan; জন্ম: ২০ আগষ্ট ১৯৮৭) এজন ভাৰতীয় কমেডিয়ান। ২০১২ চনত কমেডী চেণ্ট্ৰেলৰ কমেডী প্ৰতিযোগিতা ‘ইণ্ডিয়াছ বেষ্ট ষ্টেণ্ড আপ’ত জয়লাভ কৰি জাকিৰ খানে জনপ্ৰিয়তা লাভ কৰিছিল। খান এআইবিৰ (AIB) সৈতে অন এয়াৰ নামৰ এটা নিউজ কমেডী শ্ব'ৰ অংশ আছিল।
-
বিশ্ব কল্যাণ ৰথ
বিশ্ব কল্যাণ ৰথ (Biswa Kalyan Rath) এগৰাকী ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু ইউটিউবাৰ। ইউটিউবযোগে মুকলি কৰা কমেডী শৃংখল প্ৰেটেণ্টিয়াছ মুভি ৰিভিউৰ জৰিয়তে তেওঁ সহযোগী কমেডিয়ান কানান গীলৰ সৈতে পৰিচিতি লাভ কৰে। ২০১৬ চনত নেটফ্লিক্সৰ চেক্স কমেডী ছবি ব্ৰহ্ম নমনত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।
-
বীৰ দাস
বীৰ দাস (Vir Das; জন্ম: ৩১ মে' ১৯৭৯) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা আৰু সংগীতশিল্পী। ষ্টেণ্ডআপ কমেডীত কেৰিয়াৰ আৰম্ভ কৰাৰ পিছত দাসে বদমাছ কোম্পানী (২০১০), দিল্লী বেলি (২০১১), আৰু গ' গোৱা গ'ন (২০১৩) আদি ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰি হিন্দী চিনেমাত কিছু পৰিচয় অৰ্জন কৰে।
-
আকাশ গুপ্তা
আকাশ গুপ্তা (Aakash Gupta) এজন ভাৰতীয় কমেডিয়ান, অভিনেতা, ইউটিউবাৰ আৰু থিয়েটাৰ শিল্পী তেওঁ সময় ৰাইনাৰ সৈতে ষ্টেণ্ড-আপ কমেডী প্ৰতিযোগিতা কমিকষ্টানৰ দ্বিতীয় ছিজনৰ সহ-বিজয়ী আছিল।তেওঁ পৰিবেশন কলা আৰু স্কেচ কমেডীৰ প্ৰশিক্ষণ লাভ কৰিছে।.
-
জেমী লিভাৰ
জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।
-
বিপুল গোয়েল
বিপুল গোয়েল (Vipul Goyal) এজন ভাৰতীয় ষ্টেণ্ড আপ কমেডিয়ান আৰু অভিনেতা। ভাৰতৰ শীৰ্ষ কমেডী অভিনেতাসকলৰ ভিতৰত তেওঁক গণ্য কৰা হয় ৷ ৱেব-ধাৰাবাহিক হিউমাৰাছলি ইউৰছৰ মূল নায়কৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল।
-
ভাৰতী সিং
ভাৰতী সিং (Bharati Singh,(জন্ম ৩ জুলাই ১৯৮৪) এজন ভাৰতীয় কমেডিয়ান আৰু টেলিভিছন ব্যক্তিত্ব। সিঙে অসংখ্য কমেডী শ্ব’ সৃষ্টি কৰাৰ লগতে বিভিন্ন বঁটা-প্ৰদান অনুষ্ঠানত ঘোষক হিচাপে দায়িত্ব পালন কৰিছে।
-
সুমুখী সুৰেশ
সুমুখী সুৰেশ (Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক। হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।