কন্দৰ্প (कन्दर्प; Kandarpa) হৈছে এটা সংস্কৃত ভাষা উৎসৰ শব্দ যাৰ আক্ষৰিক অৰ্থ “আকৰ্ষণীয়” বা “সুন্দৰ”। হিন্দু ধৰ্মৰ পৌৰাণিক কাহিনীত এই শব্দটো প্ৰেমৰ দেৱতা কামদেৱৰ উপনাম হিচাপে ব্যৱহৃত।১
ব্যুৎপত্তি
“কন্দৰ্প” শব্দটো সংস্কৃত “कन्दर्प”ৰ পৰা আহিছে।২ এই শব্দৰ মূল ধাতু হৈছে “कन्द्”, অৰ্থাৎ “জ্বলা” বা “দিপ্ত হোৱা”, আৰু ইয়াৰ সৈতে “र्” আৰু “प” যোগ হৈ গঠিত হৈছে। যাৰ অৰ্থ হৈছে — “যিজনে চকুত দীপ্তি বা প্ৰেমৰ উন্মেষ ঘটায়”।৩
অৰ্থ
- সংস্কৃত সাহিত্যত “কন্দৰ্প” মানে — “কামদেৱ” বা “প্ৰেমৰ দেৱতা”।৪
- “কন্দৰ্পৰূপ” মানে — “অতি সুন্দৰ ৰূপবিশিষ্ট ব্যক্তি”।৫
- “কন্দৰ্পজনিত” মানে — “প্ৰেম বা আকৰ্ষণৰদ্বাৰা উদ্ভূত”।৬
- “কন্দৰ্পজিৎ” মানে — “প্ৰেম, সৌন্দৰ্য বা কামনাক যিয়ে জয়লাভ কৰিব পাৰে”।
ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰসঙ্গ
হিন্দু পৌৰাণিক কাহিনীত “কন্দৰ্প” হৈছে কামদেৱৰ এটা বিশেষ নাম।৭ তেওঁক “পঞ্চশৰ” (পাঁচবাণধাৰী) বুলিও কোৱা হয়। কামদেৱৰ বাণত “কন্দৰ্প” নামৰ প্ৰয়োগে সূচায় যে, তেওঁৰ প্ৰেমবাণে দেৱতা আৰু মানুহ উভয়কেই মোহিত কৰে।৮
আধুনিক ব্যৱহাৰ
“কন্দৰ্প” নামটো বৰ্তমান ভাৰত, নেপাল, আৰু ভাৰতীয় প্ৰবাসী সমাজত পুৰুষসকলৰ নাম হিচাপে প্ৰচলিত। ইয়াৰ অৰ্থ হিচাপে “প্ৰেম”, “ৰূপ”, “সুন্দৰতা”, আৰু “দৈৱিক আকৰ্ষণ” বুজোৱা হয়।৯
ব্যক্তিনামত ব্যৱহাৰ
“কন্দৰ্প” শব্দটো ভাৰতীয় ব্যক্তিনামৰ অংশ হিচাপে বহুল ব্যৱহৃত।১০ বিশেষকৈ অসম, পশ্চিমবংগ আৰু ভিয়েটনামৰ প্ৰাচীন চম্পা ৰাজত্বত এই নাম দেখা যায়।
কন্দৰ্প নামৰ ব্যক্তি
- কামদেৱ – হিন্দু দেৱতা কামদেৱৰ আন এটা নাম। ইয়াৰ উপৰিও “কন্দৰ্প” হ'ল ছিৰাজ (১৯৪৮ চলচ্চিত্ৰ)ৰ এটা চৰিত্ৰ।
- কন্দৰ্পধৰ্ম বা “কন্দৰ্পবৰ্মন” — সপ্তম শতাব্দীত ভিয়েটনামৰ চম্পা ৰাজ্যৰ ৰাজা আছিল।১১
- মহাৰাজ কন্দৰ্পনাৰায়ণ বসু – চন্দ্ৰদ্বীপ ৰাজ্যৰ শাসক, বাৰ ভূঞাৰ ভিতৰত এজন আছিল ৷
- কন্দৰ্পেশ্বৰ সিংহ – আহোম ৰাজবংশৰ এগৰাকী কোঁৱৰ আছিল।
- ড॰ কন্দৰ্প কুমাৰ ডেকা — ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, শিক্ষাবিদ।১২
- ড° কন্দৰ্প কুমাৰ শৰ্মা – গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক।১৩
- কন্দৰ্প বৰপূজাৰী – অসমীয়া কবি।১৪
- কন্দৰ্প কুমাৰ বৰবৰুৱা – অসমীয়া কবি।১৪
- কন্দৰ্প নাথ শৰ্মা — চিত্ৰশিল্পী।১৫
- কন্দৰ্পজিৎ কল্লোল – অসমীয়া ৱিকিপিডিয়াৰ এজন সদস্য।১৬
সমাৰ্থক শব্দ
- কামদেৱ
- মনমথ
- মদন
- অনঙ্গ
- ৰতিদেৱ
তথ্যসূত্ৰ
- ↑ V. S. Apte (1965). The Practical Sanskrit-English Dictionary. Poona: Prasad Prakashan, p. 178
- ↑ Macdonell, A. A. (1917). A Practical Sanskrit Dictionary. Oxford University Press
- ↑ Monier-Williams (1899), p. 256
- ↑ Apte (1965), p. 178
- ↑ Macdonell (1917), s.v. Kandarpa
- ↑ Monier-Williams (1899), p. 257
- ↑ Dowson, John (1879). A Classical Dictionary of Hindu Mythology. London: Trübner & Co., p. 159
- ↑ Macdonell (1917), p. 313
- ↑ Behind the Name Database (2024). Entry: "Kandarp". Retrieved October 2025
- ↑ Chatterji, Suniti Kumar (1951). Indian Personal Names. Calcutta University Press
- ↑ Zakharov, A. O. (2015). Political History of Central Vietnam in the 2nd–8th Centuries: Linyi and Champa. Moscow: Institute of Oriental Studies, p. 85–88
- ↑ ডিব্ৰুগড় বিশ্ববিদ্যাল. Rongili Barta
- ↑ (28 Aug 2024). গুৱাহাটী বিশ্ববিদ্যালয়ত ২১ দিনীয়া অন্তৰ্ভুক্তিৰ কাৰ্য্যক্ৰমৰ শুভাৰম্ভ. Asomiya Pratidin
- ↑ পান্থপাদপ এখন ক্ষুদ্. Poetry Without Fear
- ↑ ২০২০ ব’ৰ্ষৰ Kandarpa Nath Sarma আৰু Jharna Saikia-লৈ Kalaguru Bishnu Prabha Rabha বটাঁ সম্বোধন. NE NOW Assam
- ↑ ব্লগ-পৃষ্ঠা 93. Anya Yug
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কন্দৰ্প (শব্দ)” প্ৰবন্ধৰ সংশোধন ৫৪৫০৬১ (২৪ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।