বক
১১ প্ৰবন্ধ
-
বৰটোকোলা
বৰটোকোলা (Lesser Adjutant Stork, বৈজ্ঞানিক নাম: Leptoptilos javanicus) Ciconiidae পৰিয়ালৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ বগলীজাতীয় চৰাই। এই গোত্ৰৰ অন্যান্য চৰাই সমূহৰ দৰেই ইয়াৰ ডিঙি আৰু মূৰত কোনো নোম বা পাখি নাই (bare)। ইয়াক সাধাৰণতে জলাশয় সমূহত চৰি থকা দেখা যায়।
-
হাড়গিলা
হাড়গিলা ( Greater Adjutant, বৈজ্ঞানিক নাম: Leptoptilos dubius) চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত বগলী জাতীয় এবিধ চৰাই। পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটত বৰ্ত্তি আছে।
-
বৰ বগ
বৰ বগ (Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
-
কণামুছৰি
কণামুছৰি (Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক…
-
কৰ্চন চৰাই
কৰ্চন চৰাই (বৈজ্ঞানিক নাম: Grus antigone) গ্ৰুইডু গোত্ৰ বা পৰিয়ালৰ অন্তৰ্গত বক গণৰ অন্তৰ্গত এবিধ ডাঙৰ আকাৰৰ চৰাই। সহজে দৃষ্টিগ্ৰাহ্য ও দৰ্শনীয় ইয়াক দেশীয় শাৰস বুলিও কোৱা হয়। এই চৰাইবিধ উৰিব পৰা চৰাইৰ ভিতৰত দীৰ্ঘতম, প্ৰায় ১.৮ মিটাৰ (৫.৯ ফুট)।
-
গো-বগ
গো-বগ বা গৰু বগলী (Cattle Egret, বৈজ্ঞানিক নাম-Bubulcus ibis) এটা বহুলভাৱে বিস্তৃত হৈ থকা বগলীৰ প্ৰজাতি। ই Ardeidae পৰিয়াল তথা Bubulcus গোত্ৰৰ অন্তৰ্ভুক্ত। পূৰ্বতে ই কেৱল এছিয়া, আফ্ৰিকা তথা ইউৰোপত বিস্তৃত হৈ আছিল যদিও শেহতীয়াকৈ ইয়াৰ জনসংখ্যাই পৃথিৱীৰ অন্য অঞ্চলসমূহলৈ দ্ৰুত বিস্তৃতি লাভ কৰিছে।
-
বামুণ বগলী
বামুণ বগলী (Little Egret, বৈজ্ঞানিক নাম-Egretta garzetta) এটা সৰু আকাৰৰ বগলীৰ প্ৰজাতি৷ ই বহুলভাৱে বিস্তৃত জলচৰ চৰাই৷
-
ইটাগুৰীয়া
ইটাগুৰীয়া (Cinnamon Bittern বা Chestnut Bittern, বৈজ্ঞানিক নাম-Ixobrychus cinnamomeus) এটা সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ এছিয়া মহাদেশৰ পাকিস্তান, চীন, ইণ্ডোনেছিয়া আদি দেশত প্ৰজনন কৰে বুলি জনা যায়৷
-
ক'লা আকুহী বগ
ক'লা আকুহী বগ (Red-naped Ibis বা Indian Black Ibis, বৈজ্ঞানিক নাম-Pseudibis papillosa) ভাৰত উপমহাদেশত বিস্তৃত হৈ থকা এবিধ জলচৰ প্ৰজাতিৰ চৰাই৷
-
ঢেঁৰা
ঢেঁৰা বা ভেলা (Spot-billed Pelican, বৈজ্ঞানিক নাম: Pelecanus philippensis), 'পেলিকান' গোটৰ এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই প্ৰধানকৈ দক্ষিণ এছিয়াৰ পাকিস্তান, ভাৰতৰ পৰা ইণ্ডোনেছিয়া পৰ্যন্ত প্ৰজনন কৰে বুলি জনা যায়। এই চৰাইবিধে সাধাৰণতে নদী আৰু সাগৰৰ বৃহৎ জলাশয়ত বাস কৰে।
-
পানী বগলী
পানী বগলী (Intermediate Egret বা Median Egret, বা Smaller Egretবা Yellow-billed Egret, বৈজ্ঞানিক নাম-Mesophoyx intermedia) এটা মজলীয়া আকাৰৰ বগলীৰ প্ৰজাতি৷ ই পূব আফ্ৰিকা, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াৰ এটা স্থানীয় চৰাই৷