অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অয়' ৰুমছ্

অয়' ৰুমছ্ (OYO নামেৰে বিশেষ শৈলীত অংকিত, যি অয়' হোটেলছ্ & হোমছ্ নামেৰেও জনাজাত) হৈছে চুক্তিৰ বাবদ ভাৰাত লোৱা আৰু কৰ্তৃত্ব চলোৱা হোটেল, ঘৰ আৰু বাসস্থানৰ এটা ভাৰতীয় বহুজাতিক আতিথ্য শৃংখল কোম্পানী। ২০১২ চনত ৰিতেশ আগৰৱালে প্ৰতিষ্ঠা কৰা অয়' প্ৰথম অৱস্থাত মূলতঃ কমখৰছী হোটেলেৰে গঠিত হৈছিল।

হালনাগাদ: ২৫ ফেব্ৰুৱাৰী ২০২৬ ৪৩৫ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ
জহৰ, মালয়েছিয়াত অৱস্থিত অয়' হোটেল
জহৰ, মালয়েছিয়াত অৱস্থিত অয়' হোটেলছবি: Chongkian · CC BY-SA 4.0

অয়' ৰুমছ্ (OYO নামেৰে বিশেষ শৈলীত অংকিত, যি অয়' হোটেলছ্ & হোমছ্ নামেৰেও জনাজাত) হৈছে চুক্তিৰ বাবদ ভাৰাত লোৱা আৰু কৰ্তৃত্ব চলোৱা হোটেল, ঘৰ আৰু বাসস্থানৰ এটা ভাৰতীয় বহুজাতিক আতিথ্য শৃংখল কোম্পানী।১২৩ ২০১২ চনত ৰিতেশ আগৰৱালে প্ৰতিষ্ঠা কৰা অয়' প্ৰথম অৱস্থাত মূলতঃ কমখৰছী হোটেলেৰে গঠিত হৈছিল। ২০২০ চনৰ জানুৱাৰী মাহলৈকে অয়'ৰ অধীনত ভাৰত, মালয়েছিয়া,৪ ইউ এ ই, নেপাল,৫ চীন, ব্ৰাজিল, মেক্সিকো, ব্ৰিটেইন, ফিলিপাইন, ৬জাপান,৭ চৌদি আৰৱ, শ্ৰীলংকা,৮ ইণ্ডোনেছিয়া, ভিয়েটনাম, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে৯১০১১ ধৰি বিশ্বৰ ৮০ খন দেশৰ ৮০০ খন চহৰত ৪৩,০০০ তকৈ অধিক সম্পত্তি আৰু ১০ লাখ কোঠা আছে।১২

কোম্পানীটোৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে- চফ্টবেংক গ্ৰুপ, দিদি চুক্সিং, গ্ৰীণ’কছ কেপিটেল, ছিকোয়া ইণ্ডিয়া, লাইটস্পীড ইণ্ডিয়া, হিৰো এণ্টাৰপ্ৰাইজ, এয়াৰবিএনবি আৰু চাইনা লজিং গ্ৰুপ।

ইতিহাস

২০১২ চনত ৰিতেশ আগৰৱালে কমখৰছী বাসস্থানৰ তালিকাভুক্তকৰণ আৰু আৰক্ষণ কৰিব পৰাকৈ 'অৰাভেল ষ্টেইজ্' আৰম্ভ কৰিছিল। ২০১৩ চনত তেওঁ প্ৰতিষ্ঠানটোৰ নাম সলনি কৰি অয়' (OYO) ৰাখিছিল।১৩ অয়'ই ভিন ভিন চহৰত একেধৰণৰ আতিথ্য অভিজ্ঞতা প্ৰদান কৰিবলৈ হোটেলসমূহৰ সৈতে অংশীদাৰিত্ব কৰে। অৰাভেল ষ্টেইজ্ আৰম্ভ কৰাৰ কিছু দিন পিছতে আগৰৱালে পেইপলৰ সহ-প্ৰতিষ্ঠাপক পিটাৰ থিয়লৰ পৰা পোৱা দুবছৰীয়া কাৰ্যসূচীৰ থিয়েল ফেল'শ্বিপৰ অংশ হিচাপে এক লাখ ডলাৰৰ অনুদান লাভ কৰে।১৪১৫১৬

২০১৯ চনত অয়'ৰ অধীনত বিশ্বজুৰি ১৭,০০০ তকৈ অধিক কৰ্মচাৰী নিয়োজিত আছিল।১৭১৮ ইয়াৰে প্ৰায় ৮০০০ কৰ্মচাৰী ভাৰত আৰু দক্ষিণ এছিয়াত কৰ্মৰত হৈ আছে। অয়' হোটেলছ্ & হোমছ্ (OYO Hotels & Homes) হৈছে এটা পূৰ্ণাংগ হোটেল শৃংখল, যিয়ে সম্পত্তি ভাৰাত লয় আৰু কৰ্তৃত্বৰে পৰিচালনা কৰে। কোম্পানীটোৱে কেপেক্সত বিনিয়োগ কৰে,১৯ কাৰ্য্যকলাপ আৰু গ্ৰাহকৰ অভিজ্ঞতা চোৱাচিতা কৰিবলৈ মহাপ্ৰবন্ধক নিয়োগ কৰে, আৰু কেৱল ভাৰত২০ আৰু দক্ষিণ এছিয়াত প্ৰায় এক নিযুত চাকৰিৰ সুযোগ সৃষ্টি কৰিছে। ২০১৯ চনত সমগ্ৰ ভাৰততে আতিথ্যক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকসকলৰ বাবে অয়’ই ২৬টা প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰে।২১

২০১৯ চনৰ এপ্ৰিল মাহত কোম্পানীটোৱে OPEN কাৰ্যসূচী আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যিটো ইয়াৰ অংশীদাৰ হোটেলসমূহৰ বাবে তেওঁলোকৰ ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব পৰা এক পদক্ষেপ। ইয়াৰ উপৰিও কোম্পানীটোক সকলো ব্যৱসায় আৰু গ্ৰাহকৰ সূচকত সম্পূৰ্ণ দৃশ্যমানতা প্ৰদান কৰিবলৈ হোটেল অংশীদাৰসকলৰ বাবে এটা উন্নীতকৃত Co-OYO এপ প্ৰৱৰ্তন কৰে।২২

২০২১ চনৰ জুন মাহত অয়ো ৰুমছে যাত্ৰা, এয়াৰবিএনবি, আৰু ইজমাইট্ৰিপৰ সৈতে সহযোগিতা কৰি ভাৰতৰ পৰ্যটন খণ্ডৰ বাবে কনফেডাৰেচন অৱ হস্পিটেলিটি, টেকন'লজি এণ্ড টুৰিজিম ইণ্ডাষ্ট্ৰী (CHATT) নামৰ উদ্যোগ সংস্থাটো গঠন কৰে।২৩

২০২১ চনৰ অক্টোবৰ মাহত অয়’ই পেৰালিম্পিয়ান দীপা মালিকক কোম্পানীটোৰ পৰিচালনা সমিতিৰ স্বতন্ত্ৰ পৰিচালক হিচাপে নিযুক্তি দিয়ে।২৪ ২০২১ চনৰ ডিচেম্বৰ মাহত অয়’ই এছবিআইৰ প্ৰাক্তন অধ্যক্ষ ৰজনীশ কুমাৰক ইয়াৰ কৌশলগত গোটৰ উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰে।২৫

সমালোচনা

২০১৯ চনত অয়'ই এক ডিজিটেল পঞ্জীয়ন ব্যৱস্থা ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছিল, যিয়ে চৰকাৰৰ সৈতে গ্ৰাহকৰ তথ্য বাস্তৱ সময়ত ভাগ-বতৰা কৰিব পাৰিব। ইয়াক গোপনীয়তাৰ প্ৰতি ভাবুকি বুলি কোৱা হৈছিল।২৬

অয়'ই লুণ্ঠনমূলক মূল্য নিৰ্ধাৰণ কৰা আৰু নিজৰেই চুক্তি মানি নচলাৰ লগতে হোটেলসমূহক একপক্ষীয়ভাৱে কিছুমান দফা সলনি কৰিবলৈ, আৰু তাকে নকৰিলে ধন পৰিশোধ নকৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে।২৭

২০১৮ চনত কোম্পানীটোৱে প্ৰতিদ্বন্দ্বীসকলৰ জ্যেষ্ঠ আৰু মধ্যম পৰ্যায়ৰ কৰ্মচাৰীসকলক উদ্দেশ্যি অযাচিত চাকৰিৰ প্ৰস্তাৱ সম্বলিত ইমেইল প্ৰেৰণ কৰিছিল।২৮

তথ্যসূত্ৰ

  1. ↑ Sahay, Priyanka. (10 July 2019). With 8.5 lakh rooms, Oyo claims third spot globally. Moneycontrol
  2. ↑ Soni, Sandeep. (7 April 2019). How OYO became India’s 3rd best company to work for in just 6 years. Financial Express
  3. ↑ Gooptu, Biswarup. (22 May 2019). Oyo Hotels: Have become the second-largest hotel group in China: Oyo. The Economic Times
  4. ↑ -Mishra, Aparna. (12 January 2016). OYO Rooms Goes International; Launches in Malaysia. Inc42
  5. ↑ PTI. (27 April 2017). OYO expands international presence with hotel launch in Nepal. Business Standard
  6. ↑ (30 January 2019). OYO Launches in the Philippines, Invests $50 Million. Tech Pilipinas
  7. ↑ Gooptu, Biswarup; Chaturvedi, Anumeha. (4 April 2019). OYO commences hotel operations in Japan · OYO Hotels. The Economic Times
  8. ↑ (14 December 2018). OYO expands international presence entering Sri Lanka. Daily Mirror
  9. ↑ (19 June 2019). Hotel Unicorn Oyo Plots $300 Million Push into the U.S. Market. Bloomberg L.P
  10. ↑ Chaudhary, Deepti. (2 March 2018). More room at the top. Fortune
  11. ↑ Jog, Natasha; Singh, Abhishek. (6 August 2015). At 21, He's the Mind Behind Multi-Million Dollar Start-Up OYO. NDTV
  12. ↑ Kaushik, Manu. (8 March 2020). Mystery of the Oyo Rooms. Business Today
  13. ↑ Chatterjee, Paramita. (16 May 2017). How OYO's Ritesh Agarwal transformed the business of budget accommodation. Forbes
  14. ↑ (7 July 2021). Startup Success Story of OYO Rooms (Case Study). Startup
  15. ↑ Bergen, Mark. (10 May 2013). Oravel founder Ritesh Agarwal wins Thiel Fellowship. Mint
  16. ↑ Ghosh, Shona. (22 September 2018). Ritesh Agarwal: Interview with founder of Peter Thiel-backed Oyo. Business Insider
  17. ↑ (21 August 2019). OYO to add over 3,000 employees in India. Business Line
  18. ↑ (22 August 2019). OYO plans mass recruitment in India to boast of 12k staff by year-end. KrASIA
  19. ↑ (26 June 2019). OYO announces Rs 1,400 crore investments, launches new property 'Collection O' targeting millennials. Business Today
  20. ↑ (10 April 2019). Have created over 1 lakh direct and indirect jobs in India: OYO. The Economic Times
  21. ↑ (6 September 2019). OYO opens Gurgaon campus, plans to launch a skill training center. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  22. ↑ (18 April 2019). OYO launches OPEN programme for asset owners. The Economic Times
  23. ↑ Alawadhi, Neha. (9 June 2021). CHATT: New association announced, will help tourism, hospitality with tech. Business Standard India
  24. ↑ Chaturvedi, Anumeha. Oyo appoints Indian woman Paralympics medallist Deepa Malik as independent director. The Economic Times
  25. ↑ Chaturvedi, Anumeha. Oyo ropes in former SBI chairman Rajnish Kumar as strategic group advisor. The Economic Times
  26. ↑ (15 January 2019). Oyo Rooms wants to share digital record of your check-ins with government. ইণ্ডিয়া টুডে
  27. ↑ Chaturvedi, Anumeha. (1 December 2018). Budget hotels teaming up to take legal route against Oyo. The Economic Times
  28. ↑ S.H, Salman. (27 April 2018). All’s fair in talent war: Oyo targets staff at rivals. Mint

সম্পৰ্কিত শ্ৰেণী

কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অয়' ৰুমছ্” প্ৰবন্ধৰ সংশোধন ৫৮১৯১২ (২৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।