অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰিতেশ আগৰৱাল

ৰিতেশ আগৰৱাল এগৰাকী ভাৰতীয় বিলিয়নাৰ উদ্যোগী ব্যক্তি। তেওঁ অয়' ৰুমছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ৪১৫ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ৰিতেশ আগৰৱাল এগৰাকী ভাৰতীয় বিলিয়নাৰ উদ্যোগী ব্যক্তি। তেওঁ অয়' ৰুমছৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া।

প্ৰাৰম্ভিক জীৱন

উৰিষ্যাৰ বিছাম কটকত এটা মাৰোৱাৰী সম্প্ৰদায়ৰ পৰিয়ালত ৰিতেশ আগৰৱালৰ জন্ম হৈছিল।১ তেওঁ তিতিলাগড়ত ডাঙৰ-দীঘল হৈছিল।২৩৪৫৬ ৰিতেশৰ পৰিয়ালটোৱে দক্ষিণ উৰিষ্যাৰ ৰায়াগড়া নামৰ চহৰখনত এখন সৰু দোকান চলাইছিল। তেওঁ ৰায়াগড়াৰ ছেক্ৰেড হাৰ্ট স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।৭ ১৩ বছৰ বয়সত তেওঁ চিম কাৰ্ড বিক্ৰী কৰিবলৈ আৰম্ভ কৰে।৮ ছেইণ্ট জনছ্ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত ৰিতেশে কলেজীয়া শিক্ষা লাভ কৰিবলৈ ২০১১ চনত দিল্লীলৈ যায়।৯ কিন্তু তেওঁ শিক্ষা আধাতে এৰি দিয়ে, আৰু ২০১৩ চনত থিয়েল ফেল'শ্বিপৰ (পিটাৰ থিয়েলে আৰম্ভ কৰা) বাবে নিৰ্বাচিত হয়।১০১১

কেৰিয়াৰ

আগৰৱালে কমখৰচী হোটেল আৰক্ষণৰ ব্যৱস্থা কৰিবলৈ "অৰেভেল ষ্টেইজ" নামৰ এটা মিতব্যয়ী বাসস্থান পৰ্টেল আৰম্ভ কৰিছিল।১২১৩ ২০১২ চনৰ ছেপ্টেম্বৰ মাহত ভেঞ্চৰ নাৰ্চাৰীয়ে ইয়াক 'এক্সিলাৰেটৰ প্ৰগ্ৰেম'ত অন্তৰ্ভুক্ত কৰে, আৰু পিছলৈ ২০১৩ চনৰ থিয়েল ফেল'শ্বিপ প্ৰগ্ৰেমৰ অন্যতম বিজয়ী হিচাপে ই এক লাখ ডলাৰৰ অনুদান লাভ কৰে।১৪১৫ ২০১৩ চনৰ মে' মাহত কোম্পানীটো অয়' ৰুমছ্ (OYO Rooms) হিচাপে আৰম্ভ কৰা হয়।১৬১৭১৮

২০১৮ চনৰ ছেপ্টেম্বৰ মাহলৈকে কোম্পানীটোৱে ১ বিলিয়ন ডলাৰ সংগ্ৰহ কৰে।১৯ ২০১৯ চনৰ জুলাই মাহত আগৰৱালে কোম্পানীটোৰ ২ বিলিয়ন ডলাৰৰ শ্বেয়াৰ ক্ৰয় কৰাৰ খবৰ ওলাইছিল, যাৰ ফলত তেওঁৰ অংশীদাৰিত্ব তিনিগুণ বৃদ্ধি পাইছিল।২০২১২২

"হুৰুণ ৰিচ্ছ্ লিষ্ট ২০২০" অনুসৰি ২০২০ চনত তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১.১ বিলিয়ন ডলাৰ (₹৭২৫৩ কোটি) বুলি অনুমান কৰা হৈছিল। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহলৈকে তেওঁ কাইলী জেনাৰৰ পিছতে বিশ্বৰ দ্বিতীয় কনিষ্ঠ স্ব-নিৰ্মিত বিলিয়নাৰ।২৩২৪২৫

ফ'ৰ্বছে প্ৰকাশ কৰা এছিয়া মহাদেশৰ ৩০ৰ অনূৰ্ধ্বৰ ৩০ গৰাকী ব্যক্তিৰ তালিকাত তেওঁৰ নামো সন্নিৱিষ্ট হৈছে।২৬

বিতৰ্ক

অয়’ৰ সহ-প্ৰতিষ্ঠাপকৰ দ্বাৰা প্ৰতাৰণা কৰাৰ অভিযোগ

আগৰৱালে কোম্পানীটোৰ প্ৰাৰম্ভিক সময়ছোৱাত অয়'ৰ সহ-প্ৰতিষ্ঠাপক মনীষ সিনহাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে।২৭

আমেৰিকাত জৰিমনা

আগৰৱালে তেওঁৰ কোম্পানী অয়'ৰ জৰিয়তে আমেৰিকাৰ হোটেলৰ মালিকসকলৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল, য’ত মালিকসকলৰ অট্টালিকাসমূহক ক্ষতিপূৰণ আৰু নিশ্চিত ৰাজহ প্ৰদানৰ বিনিময়ত অয়’ৰ নামেৰে নামাকৰণ কৰা হ’ব। কিন্তু অয়'ই কেলিফ'ৰ্ণিয়া ৰাজ্যত কৰ্তৃত্বশীল ব্যৱসায় চলাবলৈ অনুমোদন নোপোৱাৰ কথাটো জনা নাছিল, যাৰ বাবে ২০১৯ চনৰ মাৰ্চ মাহত কেলিফৰ্ণিয়াৰ নিয়ন্ত্ৰকসকলে অয়'ক ২ লাখ ডলাৰ জৰিমনা বিহে। ৱাশ্বিংটনৰ নিয়ন্ত্ৰকসকলেও তাত সঠিক পঞ্জীয়ন নকৰাকৈ বহুতো হোটেলৰ মালিক আৰু পৰিচালকক অয়'ই তেওঁলোকৰ সেৱা আগবঢ়াবলৈ আমন্ত্ৰণ জনোৱা বুলি জানিবলৈ পোৱাত কোম্পানীটোক ৱাশ্বিংটনত তেওঁলোকৰ ব্যৱসায় বন্ধ কৰাৰ নিৰ্দেশ দিছিল।২৮

প্ৰৱঞ্চনাৰ অভিযোগ

২০২০ চনৰ ছেপ্টেম্বৰ মাহত ডেৰা বাছিত চণ্ডীগড়ৰ এজন ব্যৱসায়ীয়ে আগৰৱালৰ বিৰুদ্ধে IPC 420 (প্ৰৱঞ্চনা) 120 B (অপৰাধৰ চক্ৰান্ত)ৰ অধীনত জালিয়াতি আৰু ষড়যন্ত্ৰৰ গোচৰ তৰিছিল।২৯

ভাৰতৰ ১০ হাজাৰ হোটেল মালিকৰ পৰা অয়'ই নেতিবাচক প্ৰতিক্ৰিয়াৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁলোকৰ মতে, হোটেলসমূহে অয়’ত যোগদান কৰাৰ সময়ত দিবলগীয়া অপ্ৰকাশ্য মাচুলৰ জৰিয়তে অয়’ই ৰাজহৰ আধা বা ততোধিক ধন সংগ্ৰহ কৰে।

২০১৯ চনৰ অক্টোবৰ মাহত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি আগৰৱালৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ কৰি কৰ্ণাটকৰ বেংগালুৰু, মহীশূৰ, আৰু অন্যান্য চহৰত হোটেল পৰিচালকসকলে আৰক্ষীৰ গোচৰ তৰিছিল। অৱশ্যে বেংগালুৰুত তৰা এটা গোচৰত স্থগিতাদেশৰ বাবে আগৰৱালে সফলতাৰে আবেদন জনায়।৩০

তথ্যসূত্ৰ

  1. ↑ Chowdhry, Seema; Khurana, Chanpreet. (30 November 2013). Entrepreneurs · The company of teens. Mint
  2. ↑ Here are 6 interesting facts you didn't know about OYO founder Ritesh Agarwal. Business Insider
  3. ↑ (6 October 2015). 21-Yr-Old Start-Up Entrepreneur Ritesh Agarwal Started By Selling SIM Cards In Rayagada. The Times of India
  4. ↑ (25 July 2019). His ₹30 lakh stake in Oyo would have been thousands of crores today but... Livemint
  5. ↑ Chengappa, Sangeetha. For OYO's Ritesh Agarwal, there is more room for growth. @businessline
  6. ↑ OYO raises $1 billion fund: How 24-year-old Ritesh Agarwal turned his idea into India's second most valuable start-up. Firstpost
  7. ↑ Ritesh Agarwal: Interesting facts about oyo founder ritesh agarwal. Business Insider
  8. ↑ (25 June 2018). SIM card seller, college dropout, millionaire at 22: Boy from Naxal area scripts incredible story. The Economic Times
  9. ↑ Jr, Bernd Debusmann. Too many entrepreneurs give up, says Oyo CEO Ritesh Agarwal. ArabianBusiness.com
  10. ↑ Gilchrist, Karen. (30 January 2019). Peter Thiel's advice helped this 25-year-old build one of India's most valuable start-ups. CNBC
  11. ↑ Nair, Radhika P. (11 May 2013). Ritesh Agarwal, a young Indian entrepreneur selected for 'Thiel Fellowship'. The Economic Times
  12. ↑ (9 July 2019). If you meet a 17- or 18-year-old entrepreneur, just invest in their firm
  13. ↑ (17 July 2019). Ritesh Agarwal's Cayman based firm to bring funds to Oyo. The Economic Times
  14. ↑ Menon, Rashmi. (19 August 2015). Meet OYO Rooms' Ritesh Agarwal: The dropout who dined with Peter Thiel. The Economic Times
  15. ↑ Bergen, Mark. (10 May 2013). Oravel founder Ritesh Agarwal wins Thiel Fellowship. Livemint
  16. ↑ (16 July 2019). Ritesh Agarwal's OYO, SoftBank set up investment vehicle, seek CCI approval for increasing stake in Oravel Stays. The Financial Express
  17. ↑ Gooptu, Biswarup. (21 November 2018). OYO manages more rooms in China than in India. The Economic Times
  18. ↑ (26 September 2018). This is how 24 year-old Ritesh Agarwal built OYO Rooms a $5 billion hotel chain in just five years. The Financial Express
  19. ↑ Bloomberg, Saritha Rai. (26 September 2018). How 24-year-old Ritesh Agarwal built Oyo into a $5 billion startup in just 5 years. www.livemint.com
  20. ↑ Chaudhary, Deepti. (19 July 2019). Oyo founder Ritesh Agarwal to triple his stake with $2 bn share buyback
  21. ↑ India's Oyo valued at $10B after founder purchases $2B in shares. TechCrunch
  22. ↑ OYO founder Ritesh Agarwal to buy back shares from early investors for USD 2 bn - Times of India. The Times of India
  23. ↑ Agarwal, Nikhil. (27 February 2020). Oyo's Ritesh Agarwal is the world's second youngest self-made billionaire. Livemint
  24. ↑ Tyagi, Harshita. (27 February 2020). This 26-yr-old Indian just became world's 2nd youngest self-made billionaire. Times Now
  25. ↑ (29 February 2020). Oyo founder, Ritesh Agarwal, named the youngest Indian billionaire by Hurun. The Economic Times
  26. ↑ 30 Under 30 2016 Asia: Consumer Tech. Forbes
  27. ↑ Mishra, Ashish. (7 January 2015). Will the real Ritesh Agarwal please stand up. Mint
  28. ↑ Jeans, David. (23 April 2020). Softbank-Backed Hotel Unicorn Oyo Faces Regulatory Smackdown In Multiple U.S. States. Forbes
  29. ↑ (14 September 2020). Oyo founder booked for fraud, company refutes charges. Hindustan Times
  30. ↑ (8 October 2019). Hotel operators who partnered with Oyo call it 'biggest online fraud', demand criminal probe against Softbank-backed startup now poised to raise $1.5 bn - Business News, Firstpost. Firstpost

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় উদ্যোগীওড়িশাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰিতেশ আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৫৪৫৯৪২ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।