১৯৮৫ বৰ্ষৰ চলচ্চিত্ৰ
৫ প্ৰবন্ধ
-
অগ্নিস্নান
অগ্নিস্নান (Agnisnaan) হৈছে ১৯৮৫ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন ড্ৰামাভিত্তিক অসমীয়া চলচ্চিত্ৰ। শইকীয়াৰ অন্তৰীপ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়। চলচ্চিত্ৰখনত অভিনয় কৰে ইন্দ্ৰ বণিয়া, কাশ্মীৰি শইকীয়া বৰুৱা, মলয়া গোস্বামী, বিজু ফুকন আদিয়ে।
-
মিৰ্ছ মছালা
মিৰ্ছ মছলা (Mirch Masala)) ১৯৮৭ চনত মুক্তি পোৱা কেতন মেহতা পৰিচালিত এখন হিন্দী মনস্তাত্বিক থ্ৰিলাৰ ছবি। ইয়াত নাছিৰুদ্দিন শ্বাহ আৰু স্মিতা পাটিলে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখন প্ৰযোজনা কৰিছিল NFDC-এ।
-
চিদাম্বৰম (চলচ্চিত্ৰ)
চিদাম্বৰম (Chidambaram; ചിദംബരം) জি অৰবিন্দ ৰচিত, পৰিচালিত আৰু প্ৰযোজিত ১৯৮৫ চনৰ এখন মালয়ালম ভাষাৰ ছবি। এইখন চি.ভি. সীতাৰমনৰ এটা চুটিগল্পৰ চলচ্চিত্ৰীয় অভিযোজন। ছবিখনত গোপামত বাস কৰা তিনিজন লোকৰ জীৱনৰ মাজেৰে পুৰুষ-মহিলাৰ সম্পৰ্কৰ বিভিন্ন দিশ অন্বেষণ কৰা হৈছে।
-
পৰমা
পৰমা ( The Ultimate Woman ) অপৰ্ণা সেনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় বাংলা পূৰ্ণদৈৰ্ঘ্য ছবি। ১৯৮৫ চনত উষা এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন মুক্তি পায়।
-
ফুলন দেৱী (চলচ্চিত্ৰ)
ফুলন দেৱী (Phoolan Devi) ১৯৮৫ চনত মুক্তি পোৱা, অশোক ৰায় পৰিচালিত আৰু ৰাজীৱ কৌল প্ৰযোজিত এখন বঙালী একচন ছবি। এই ছবিখনত ভাৰতীয় ডকাইত আৰু পিছলৈ ৰাজনীতিবিদ হোৱা ফুলন দেৱীৰ জীৱনৰ ওপৰত শিথিলভাৱে আধাৰিত আছিল। ছবিখন হিন্দী ভাষাত কাহানী ফুলৱতী কী নামেৰে মুক্তি পাইছিল।