ৰাজতন্ত্ৰ
৪০ প্ৰবন্ধ
-
সঞ্জয়
সঞ্জয় (৭১৬ খ্ৰীষ্টাব্দ – ৭৪৬) অষ্টম শতিকাৰ সময়ছোৱাত মাতাৰাম ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। তেওঁৰ নাম সংস্কৃত কাংগাল শিলালিপিত খোদিত কৰা হৈছিল যিটো মধ্য জাভাৰ দক্ষিণ কেডু সমভূমিৰ উঁকিৰ বা উকিৰ পাহাৰত (প্ৰায় ৩৪০ মিটাৰ (১,১২০ ফুট) উচ্চতা) থকা গুনুং উঁকিৰ মন্দিৰত পোৱা গৈছিল।
-
দাউদ খান কাৰাণী
দাউদ খান কাৰাণী (মৃত্যু ১২ জুলাই ১৫৭৬) বংগৰ কাৰাণী বংশৰ শেষ শাসকৰ লগতে বংগৰ চুলতান শাসনৰ অন্তিমজন আছিল; তেওঁ ১৫৭২ চনৰপৰা ১৫৭৬ চনলৈকে ৰাজত্ব কৰিছিল। পিতৃ চুলেইমান খান কাৰাণীৰ ৰাজত্বকালত দাউদে ৪০,০০০ অশ্বাৰোহী বাহিনী, ৩,৬০০ হাতী, ১৪০,০০০ পদাতিক বাহিনী আৰু ২০০টা কামানৰ বিশাল সেনাৰ কমাণ্ডাৰ আছিল।
-
মাহ চুচাক বেগম
মাহ চুচাক বেগম ( অৰ্থাৎ চন্দ্ৰ ফুল; মৃত্যু ২৮ মাৰ্চ ১৫৬৪) দ্বিতীয় মোগল সম্ৰাট হুমায়ুনৰ পত্নী আছিল। তেওঁ আছিল এগৰাকী উচ্চাভিলাষী ভদ্ৰমহিলা যিয়ে নাইব চুবাদাৰক বাহিৰ কৰি নিজাববীয়াকৈ কাবুল শাসন কৰিছিল, এবাৰ তেওঁৰ সেনাবাহিনীক ব্যক্তিগতভাৱে তেওঁ নেতৃত্ব দিছিল আৰু জালালাবাদত সম্ৰাট আকবৰে মাহ চুচাকৰ…
-
গুলবদন বেগম
গুলবদন বেগম (২০ নৱেম্বৰ ১৫২২ – ৭ ফেব্ৰুৱাৰী ১৬০৩) মোগল ৰাজকুমাৰী আৰু মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক সম্ৰাট বাবৰৰ কন্যা আছিল। তেওঁৰ ভতিজা আৰু হুমায়ুনৰ পুত্ৰ সম্ৰাট আকবৰৰ অনুৰোধত লিখা তেওঁৰ সতীয়া ভাতৃ আৰু বাবৰৰ উত্তৰাধিকাৰী সম্ৰাট হুমায়ুনৰ জীৱনৰ বিৱৰণী হুমায়ুন-নামাৰ লেখিকা হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
চুলেইমান খান কাৰাণী
চুলাইমান খান কাৰাণী (১৫৬৫–১৫৭২) বংগৰ এজন আফগান চুলতান আছিল। ভাতৃ তাজ খান কাৰাণীৰ মৃত্যুৰ পাছত তেওঁ সিংহাসনত আৰোহণ কৰে। ৰিয়াজ-উছ-ছালাটিনৰ মতে তেওঁ তেওঁৰ ৰাজধানী গৌড়ৰপৰা তান্দালৈ স্থানান্তৰিত কৰে।
-
ছাকিনা বানু বেগম
ছাকিনা বানু বেগম, মৃত্যু ২৫ আগষ্ট ১৬০৪ চন; এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুন আৰু মাহ চুচাক বেগমৰ কন্যা।
-
তাজ খান কাৰাণী
তাজ খান কাৰাণী (ৰাজত্ব ১৫৬৪–১৫৬৫) আছিল কাৰাণী বংশৰ প্ৰতিষ্ঠাপক, কাৰ্লান মূলৰ আফগান বংশ, যিয়ে বংগ, উৰিষ্যা আৰু বিহাৰৰ কিছু অংশ শাসন কৰিছিল।
-
দেৱভুতি
দেৱভুতি (আনুমানিক ৮৩ – ৭৫ খ্ৰীষ্টপূৰ্ব), যাক দেৱভোমী বুলিও জনা যায়, প্ৰাচীন ভাৰতৰ শেষ শুংগ সম্ৰাট আছিল। তেওঁক হত্যা কৰিছিল তেওঁৰ মন্ত্ৰী বাসুদেৱ কান্বই। তেওঁৰ মৃত্যুৰ পিছত তাৰ পিছত শুংগ বংশৰ ঠাইত পৰৱৰ্তী কান্বসকলে স্থান লাভ কৰে।
-
বায়াজিদ
বায়াজিদ খান কাৰাণী আছিল বংগ চুলতানীৰ কাৰাণী বংশৰ তৃতীয় চুলতান।
-
বাসুদেৱ কান্ব
বাসুদেৱ কান্ব (অনুমানিক ৭৫ৰপৰা ৬৬ খ্ৰীষ্টপূৰ্ব) কান্ব বংশৰ প্ৰতিষ্ঠাপক আছিল। আদিতে তেওঁ শেষৰজনা শুংগ শাসক দেৱভুতিৰ অমাত্য বা মন্ত্ৰী আছিল। বাসুদেৱে শেষৰ শুংগ শাসকক হত্যা কৰি কান্ব বংশ প্ৰতিষ্ঠা কৰে। বাণৰ হৰ্ষচৰিতত পৰা জনা যায় যে তেওঁ দেৱভুতিৰ মৃত্যুৰ পাছত ক্ষমতালৈ আহিছিল।
-
মুনিম খান
মুনিম খান (৭ মাৰ্চ ১৫২৫ – ২৩ অক্টোবৰ ১৫৭৫) সম্ৰাট হুমায়ুন আৰু আকবৰ দুয়োৰে অধীনত কাম কৰা এজন মোগল সেনাপতি আছিল। ১৫৬০ চনত সম্ৰাট আকবৰে তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সময়ত তেওঁক খান-ই-খানান (‘খানৰ খান’) উপাধি দিয়া হৈছিল। ১৫৬৪ চনত তেওঁ জৌনপুৰৰ চুবেদাৰ হয়।
-
কান্ব বংশ
কান্ব বংশ বা কানৱা বংশ মগধৰ ব্ৰাহ্মণ শাসকৰ বংশ আছিল, যিটো বাসুদেৱ কান্বই পূৰ্বৰ শুংগ বংশক ওফৰাই পেলোৱাৰ পাছত প্ৰতিষ্ঠা কৰা হৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৭৩ চনৰপৰা খ্ৰীষ্টপূৰ্ব ২৮ চনলৈকে শাসন কৰিছিল।
-
কাৰাণী বংশ
বংগাছ জিলাৰপৰা অহা কাৰ্লানি জনগোষ্ঠীৰ এজন জনগোষ্ঠীয় আফগান তাজ খান কাৰাণীয়ে ১৯৬৪ চনত প্ৰতিষ্ঠা কৰিছিল কাৰাণী বংশ। এই অঞ্চলটো মোগল সাম্ৰাজ্যৰ চুবহ হোৱাৰ আগতেই বংগৰ চুলতানত্বত শাসন কৰা শেষ বংশটোৱেই আছিল এই বংশ।
-
কুসুমাসনা দেৱী
কুসুমাসনা দেৱী (মৃত্যু ১০ জুলাই ১৬১৩), যাক কেণ্ডীৰ ডোনা কেথেৰিনা বুলিও কোৱা হয়, ১৫৮১ চনত কেণ্ডিৰ শাসক ৰাণী আছিল। তেওঁক পদচ্যুত কৰা হয় যদিও ১৫৯৪ চনৰপৰা ১৬০৪ চনলৈকে কেণ্ডীৰ প্ৰথম বিমলধৰ্মাসূৰ্য্যৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
-
গুলচেহৰা বেগম
গুলচেহৰা বেগম (গুলচেহৰা, গুলচিহৰা বা গুলশৰা বুলিও জনা যায়; প্ৰায় ১৫১৫–১৫৫৭) এগৰাকী মোগল ৰাজকুমাৰী, ভাৰতৰ সম্ৰাট জাহিৰ উদ-দীন মহম্মদ বাবৰৰ কন্যা আৰু সম্ৰাট হুমায়ুনৰ সতীয়া ভগ্নী। পিছত তেওঁৰ সতীয়া ভতিজা ৰাজকুমাৰ জালাল-উদ-দিন মহম্মদে সম্ৰাট আকবৰ হিচাপে সাম্ৰাজ্য সিংহাসনত আৰোহণ কৰে।
-
দুৰ্ধৰা
দুৰ্ধৰা আছিল খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ হেমচন্দ্ৰৰ জৈন গ্ৰন্থ পৰিষিতপৰ্বন অনুসৰি, খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকাৰ প্ৰাচীন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক চন্দ্ৰগুপ্ত মৌৰ্যৰ সম্ৰাজ্ঞী। এই গ্ৰন্থত তেওঁক দ্বিতীয় মৌৰ্য সম্ৰাট বিন্দুসাৰৰ মাতৃ বুলি উল্লেখ কৰা হৈছে যাক অমিত্ৰঘাট বুলিও কোৱা হয়।
-
ফাহদা বিণ্ট ফালাহ আল হিথলেইন
ৰাজকুমাৰী ফাহদা বিণ্ট ফালাহ আল হিথলেইন আলাজমী বা চমুকৈ ফাহদা হৈছে চৌদি আৰবৰ ৰজা[2] ছলমান বিন আব্দুলজিজ আল ছাউদৰ তৃতীয় পত্নী। তেওঁৰ জন্ম হৈছিল ১৯৬৫ চনত। ফাহদা চৌডি আৰৱৰ আল-আজমান জনগোষ্ঠীৰ সদস্য আছিল।
-
বখ্ট-উন-নিছা বেগম
বখ্ট-উন-নিছা বেগম(প্ৰায় ১৫৪৭ – ২ জুন ১৬০৮) এগৰাকী মোগল ৰাজকুমাৰী আৰু মোগল সম্ৰাট হুমায়ুনৰ কন্যা আছিল।
-
বিদৰ্ভ ৰাজ্য
সংস্কৃত মহাকাব্য মহাভাৰতৰ বিদৰ্ভ ৰাজ্য যদু ৰজাই (ভোজ যাদৱ) শাসন কৰা বহু ৰাজ্যৰ ভিতৰত অন্যতম। ই মধ্য ভাৰতৰ বৰ্তমান মহাৰাষ্ট্ৰত এতিয়াও বিদৰ্ভ নামেৰে জনাজাত অঞ্চলত অৱস্থিত আছিল। নলৰ পত্নী দময়ন্তী আছিল বিদৰ্ভৰ ৰাজকুমাৰী। একেদৰে বাসুদেৱ কৃষ্ণৰ জ্যেষ্ঠ পত্নী ৰুক্মিণী বিদৰ্ভৰ আছিল।
-
মহাৰাণী ললিত ত্ৰিপুৰা সুন্দৰী দেৱী
ত্ৰিপুৰাসুন্দৰী (১৭৯৪ – ৬ এপ্ৰিল ১৮৩২), ললিত ত্ৰিপুৰা সুন্দৰী দেৱী নামেৰেও জনাজাত, নেপালৰ ৰজা ৰাণা বাহাদুৰ শ্বাহৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নেপালৰ এগৰাকী ৰাণী পত্নী আছিল। অতি কম বয়সতে বিধৱা আৰু সন্তানহীন হৈ দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰিজেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মহাৰাণী সুবৰ্ণ প্ৰভা দেৱী
সুবৰ্ণ প্ৰভা দেৱী (প্ৰায় ১৭৭৯–১৮০৬) ১৮০২ চনৰপৰা ১৮০৬ চনৰ ভিতৰত গিৰভান যুদ্ধ বিক্ৰম শ্বাহৰ কম বয়সীয়া অৱস্থাত নেপালৰ ৰাণী ৰিজেণ্ট আছিল।
-
ৰজা ছান্না
ছান্না খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে ইণ্ডোনেছিয়াৰ জাভা শাসন কৰা এজন ৰজা আছিল। কাংগাল শিলালিপি (খ্ৰীষ্টপূৰ্ব ৭৩২) অনুসৰি জাভা দ্বীপটো বহুদিনৰপৰা এই জ্ঞানী আৰু গুণী ৰজাৰ শাসনৰ অধীনত আছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত ৰাজ্যখন অৰাজক হৈ পৰিল।
-
ৰাজ ৰাজেশ্বৰী দেৱী
ৰাজ ৰাজেশ্বৰী দেৱী (মৃত্যু ৫ মে ১৮০৬) নেপালৰ ৰাণী পত্নী আৰু দুবাৰকৈ ৰজাৰ প্ৰতিনিধি আছিল। তেওঁ নেপালৰ ৰাণা বাহাদূৰ শ্বাহৰ ৰাণী পত্নী আছিল। ১৭৯৯ চনত পুত্ৰ গিৰভান যুদ্ধ বিক্ৰম শ্বাহ কম বয়সৰ হৈ থকা সময়ত, আৰু ১৮০১–১৮০৪ চনত তেওঁ সিংহাসনৰ প্ৰতিনিধি হিচাপে শাসন কৰিছিল।
-
ৰাণী অনুলা
অনুৰাধাপুৰাৰ ৰাণী অনুলা (মৃত্যু খ্ৰীষ্টপূৰ্ব ৪৪) আছিল শ্ৰীলংকাৰ ইতিহাসত (খ্ৰীষ্টপূৰ্ব ৪৮ – খ্ৰীষ্টপূৰ্ব ৪৪) প্ৰথম ৰাজত্ব কৰা ৰাণী। অনুৰাধাপুৰাৰ ৰজা ৱালাগবাহুৰ পুত্ৰ ৰজা চোৰা নাগা (কৰানাগা আৰু মহানাগা বুলিও জনা যায়)ৰ পত্নী হিচাপে অনুলা প্ৰথম অৱস্থাত ক্ষমতালৈ আহে।
-
ৰাণী লীলাৱতী
লীলাৱতীয়ে ১১৯৭–১২০০, ১২০৯–১২১০, আৰু ১২১১–১২১২ চনত পল্লুনাৰুৱাৰ ৰাণী হিচাপে ৰাজত্ব কৰিছিল। শ্ৰীলংকাৰ ইতিহাসত চতুৰ্থগৰাকী মহিলা যিয়ে নিজৰ অধিকাৰত সাৰ্বভৌম শাসক হিচাপে শাসন কৰিছিল। পল্লুনাৰুৱা ৰাজ্যৰ ৰজা প্ৰথম পৰাক্ৰমবাহুৰ পত্নী হিচাপে লীলাৱতী প্ৰাধান্য লাভ কৰে।
-
অমৃতপ্ৰভা
অমৃতপ্ৰভা (১ম শতিকা) অসমৰ জীয়ৰী বুলি কথিত। সয়ম্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল। বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়। পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে 'অমৃত ভৱন' নামৰ এক বিহাৰ স্থাপন কৰিছিল।
-
আইছা চুলতান বেগম
আইছা চুলতান বেগম মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম মোগল সম্ৰাট সম্ৰাট বাবৰৰ প্ৰথম পত্নী হিচাপে ফেৰঘনা উপত্যকা আৰু সমৰকন্দৰ ৰাণী পত্নী আছিল। আইছা স্বামীৰ প্ৰথম ভতিজা ভগ্নী আৰু জন্মৰপৰা টাইমুৰিড ৰাজকুমাৰী আছিল। বাবৰৰ পৈতৃক ককাক সমৰকন্দ আৰু বুখাৰাৰ ৰজা চুলতান আহমেদ মিৰ্জাৰ কন্যা।
-
আক্কাদেৱী
আক্কাদেৱী যাক ঠাইভেদে অক্কাদেভি, আক্কা-দেভি বুলিও কোৱা হয়, ১০১০–১০৬৪ খ্ৰীষ্টাব্দত কৰ্ণাটকৰ চালুক্য বংশৰ ৰাজকুমাৰী আছিল আৰু বৰ্তমানৰ বিদাৰ, বাগালকোট আৰু বিজাপুৰ জিলাত অৱস্থিত কিশুকাডু নামেৰে জনাজাত অঞ্চলৰ ৰাজ্যপাল আছিল।
-
আমালাফ্ৰিডা
আমালাফ্ৰিডা ( ৪৭৫ চনৰ আগত – fl. ৫২৩) থ্ৰাছামুণ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাণ্ডালসকলৰ ৰাণী হৈছিল। তেওঁ আছিল অষ্ট্ৰগথৰ ৰজা থিয়ডেমিৰ আৰু তেওঁৰ পত্নী এৰেলিভাৰ কন্যা। তেওঁ থিয়ডৰিক দ্য গ্ৰেটৰ ভগ্নী আৰু থিয়ডাহাডৰ মাতৃ আছিল, দুয়োজনেই অষ্ট্ৰগথৰ ৰজাও আছিল।
-
আমিনা হানিম
আমিনা হানিম ( ১৭৭০ – ১৮২৪) প্ৰাক্তন অট্টোমান ৱালি (গৱৰ্ণৰ) ইজিপ্তৰ শাসকলৈ পৰিণত আৰু পিছলৈ মহম্মদ আলী বংশৰ প্ৰথম ৰজা হিচাপে পৰিগণিত মহম্মদ আলীৰ প্ৰথম ৰাণী পত্নী আছিল।