বাসুদেৱ কান্ব (অনুমানিক ৭৫ৰপৰা ৬৬ খ্ৰীষ্টপূৰ্ব) কান্ব বংশৰ প্ৰতিষ্ঠাপক আছিল।১ আদিতে তেওঁ শেষৰজনা শুংগ শাসক দেৱভুতিৰ অমাত্য বা মন্ত্ৰী আছিল। বাসুদেৱে শেষৰ শুংগ শাসকক হত্যা কৰি কান্ব বংশ প্ৰতিষ্ঠা কৰে।২ বাণৰ হৰ্ষচৰিতত পৰা জনা যায় যে তেওঁ দেৱভুতিৰ মৃত্যুৰ পাছত ক্ষমতালৈ আহিছিল। তেওঁৰ পিছত তেওঁৰ পুত্ৰ ভূমিমিত্ৰ ৰাজপাটত বহে।৩৪
ক্ষমতাত আৰোহণ
তেওঁ প্ৰথমে শেষৰ শুংগ শাসক দেৱভুতিৰ অমাত্য(মন্ত্ৰী) আছিল। বাসুদেৱে শেষৰ শুংগ শাসকক হত্যা কৰি কান্ব বংশ প্ৰতিষ্ঠা কৰে।৫ বানৰ হৰ্ষচৰিতমতে তেওঁ দেৱভুতিৰ মৃত্যুৰ পাছত ক্ষমতালৈ আহিছিল।৬৪৭
ৰাজত্ব
তেওঁ বৈষ্ণৱী (ভগৱান বিষ্ণুৰ উপাসক) আছিল।৭ তেওঁৰ ৰাজত্বকালত সংগ্ৰহ কৰা কৰসমূহৰ অধিকাংশই মন্দিৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল। তেওঁ কলাৰ অন্যতম বিখ্যাত পৃষ্ঠপোষক আছিল।৮৪৭ তেওঁৰ ৰাজত্বকালত ভাৰত-গ্ৰীকসকলে আক্ৰমণ কৰে যদিও তেওঁ নিজৰ সিংহাসন ৰক্ষা কৰিবলৈ সক্ষম হয়।৭ তেওঁৰ পিছত তেওঁৰ পুত্ৰ ভূমিমিত্ৰ ৰাজপাটত বহে।৯৪৭
তথ্যসূত্ৰ
- ↑ Hazra, Rajendra Chandra. (1987). Studies in the Puranic Records on Hindu Rites and Customs. Motilal Banarsidass. ISBN 81-208-0422-8 - Raychaudhuri, Hemchandra. (2006). Political History of Ancient India. Cosmo Publications. ISBN 81-307-0291-6
- ↑ Thapar 2013, পৃ. 296
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃ. 97. ISBN 9788120731882 - Shankar, Rama. (1967). History of Ancient India. Tripathi. পৃ. 189. ISBN 9788120800182
- ↑ (7 July 2019). INDIA: Brief History Volume 4. Symist
- ↑ Thapar 2013, পৃ. 296
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃ. 97. ISBN 9788120731882 - Shankar, Rama. (1967). History of Ancient India. Tripathi. পৃ. 189. ISBN 9788120800182
- ↑ (3 March 2019). INDIA: Brief History Volume 3. Symist. পৃ. 34
- ↑ Kennedy Warder, Anthony. (1989). Indian Kavya Literature. পৃ. 114. ISBN 9788120804470
- ↑ Rao, B.V. (January 2012). World history from early times to A D 2000. Sterling Publishers. পৃ. 97. ISBN 9788120731882 - Shankar, Rama. (1967). History of Ancient India. Tripathi. পৃ. 189. ISBN 9788120800182
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসুদেৱ কান্ব” প্ৰবন্ধৰ সংশোধন ৫৫৭৬৭০ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।