অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আমালাফ্ৰিডা

আমালাফ্ৰিডা ( ৪৭৫ চনৰ আগত – fl. ৫২৩) থ্ৰাছামুণ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাণ্ডালসকলৰ ৰাণী হৈছিল। তেওঁ আছিল অষ্ট্ৰগথৰ ৰজা থিয়ডেমিৰ আৰু তেওঁৰ পত্নী এৰেলিভাৰ কন্যা। তেওঁ থিয়ডৰিক দ্য গ্ৰেটৰ ভগ্নী আৰু থিয়ডাহাডৰ মাতৃ আছিল, দুয়োজনেই অষ্ট্ৰগথৰ ৰজাও আছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৬ ২০৬ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

আমালাফ্ৰিডা ( ৪৭৫ চনৰ আগত – fl. ৫২৩) থ্ৰাছামুণ্ডৰ সৈতে বিবাহপাশত আবদ্ধ হৈ ভাণ্ডালসকলৰ ৰাণী হৈছিল। তেওঁ আছিল অষ্ট্ৰগথৰ ৰজা থিয়ডেমিৰ আৰু তেওঁৰ পত্নী এৰেলিভাৰ কন্যা। তেওঁ থিয়ডৰিক দ্য গ্ৰেটৰ ভগ্নী আৰু থিয়ডাহাডৰ মাতৃ আছিল, দুয়োজনেই অষ্ট্ৰগথৰ ৰজাও আছিল।

৫০০ চনত ইটালীৰ অষ্ট্ৰগথিক ৰাজ্যৰ শাসক থিয়ডৰিক উত্তৰ আফ্ৰিকাৰ ভাণ্ডালসকলৰ ৰজা থ্ৰাছামুণ্ডৰ সৈতে আমালাফ্ৰিডাৰ বিবাহ কৰাই বৈবাহিক মিত্ৰতাৰ ব্যৱস্থা কৰে যাতে ভাণ্ডালসকলৰ ওপৰত নিজৰ কৰ্তৃত্ব আৰু অধিক শক্তিশালী হয়। থ্ৰাছামুণ্ড আমালাফ্ৰিডাৰ দ্বিতীয় স্বামী হৈ পৰে। তেওঁ লগত অতি বৃহৎ পৰিমাণৰ যৌতুক আনিছিল, কিন্তু লগতে ১০০০ গথিক অভিজাত যোদ্ধাৰ লগতে ৫,০০০ সশস্ত্ৰ ৰিটেইনাৰৰ সৈতেও আনিছিল।১

স্বামী থ্ৰাছামুণ্ডৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী হিল্ডেৰিকে নিৰ্বাসনৰ পৰা সকলো কেথলিক বিচপ আৰু গতানুগতিকতাৰ কঠোৰ দাবীদাৰ বনিফেচ আফ্ৰিকান গীৰ্জাৰ বিচপক ঘূৰাই অনাৰ নিৰ্দেশ জাৰি কৰে। ইয়াৰ উত্তৰত আমালাফ্ৰিডাই বিদ্ৰোহী দল এটাৰ নেতৃত্ব দিছিল; লিবিয়াৰ মৰুভূমিৰ প্ৰান্তত ৰাজধানী কাৰ্থেজৰ পৰা প্ৰায় তিনিশ মাইল দক্ষিণে থকা কেপছাত তেওঁ মুৰসকলৰ সহায় বিচাৰিছিল।২

৫২৩ চনত আমালাফ্ৰিডাৰ দলটোক পৰাস্ত কৰা হয় আৰু হিল্ডেৰিকে অষ্ট্ৰগথিক আধিপত্যক উফৰাই পেলোৱাৰ সফল প্ৰচেষ্টাত তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ভৰাই থোৱা হয়; হিল্ডেৰিকে আমালাফ্ৰিডাৰ গথিক সৈন্যকো হত্যা কৰি নাশ কৰিছিল। কাৰাগাৰতে আমালাফ্ৰিডাৰ মৃত্যু হয়, মৃত্যুৰ সঠিক তাৰিখ অজ্ঞাত।৩

আমালাফ্ৰিডাৰ দুটা সন্তান আছিল, পূৰ্বে উল্লেখ কৰা থিয়ডাহাড আৰু আমালাবাৰ্গা, যিয়ে থুৰিংগিৰ ৰজা হাৰ্মানফ্ৰিডক বিয়া কৰাইছিল। তেওঁৰ এই ল’ৰা-ছোৱালীবোৰৰ পিতৃ কোন আছিল জানিব পৰা হোৱা নাই।

তথ্যসূত্ৰ

  1. ↑ Peter Heather, The Goths (Oxford: Blackwell, 1996), p. 231
  2. ↑ Hodgkin, Thomas, Italy and Her Invaders: The Ostrogothic invasion, 476-535, p. 587-590
  3. ↑ Heather, The Goths, p. 248

সম্পৰ্কিত শ্ৰেণী

ইটালীৰ ব্যক্তিৰাজতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমালাফ্ৰিডা” প্ৰবন্ধৰ সংশোধন ৫৯১৮৬১ (২১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।