অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চুলেইমান খান কাৰাণী

চুলাইমান খান কাৰাণী (১৫৬৫–১৫৭২) বংগৰ এজন আফগান চুলতান আছিল। ভাতৃ তাজ খান কাৰাণীৰ মৃত্যুৰ পাছত তেওঁ সিংহাসনত আৰোহণ কৰে। ৰিয়াজ-উছ-ছালাটিনৰ মতে তেওঁ তেওঁৰ ৰাজধানী গৌড়ৰপৰা তান্দালৈ স্থানান্তৰিত কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

চুলাইমান খান কাৰাণী (১৫৬৫–১৫৭২) বংগৰ এজন আফগান চুলতান আছিল। ভাতৃ তাজ খান কাৰাণীৰ মৃত্যুৰ পাছত তেওঁ সিংহাসনত আৰোহণ কৰে।১ ৰিয়াজ-উছ-ছালাটিনৰ মতে তেওঁ তেওঁৰ ৰাজধানী গৌড়ৰপৰা তান্দালৈ স্থানান্তৰিত কৰে।২

চুলাইমান, তেওঁৰ ভাতৃ তাজ আৰু চুলাইমানৰ পুত্ৰ বায়াজিদ আৰু দাউদ খান কাৰাণীয়ে বংগত মোগল সম্ৰাট আকবৰৰ এখন অল্পকালীন আফগান অধীনস্থ ৰাজ্য চলাইছিল। তেওঁলোকে অঞ্চলটোত আধিপত্য বিস্তাৰ কৰাৰ সময়তে চুলেমানে আকবৰক শ্ৰদ্ধাঞ্জলি জনায়। আকবৰৰ হাতত পৰাস্ত হোৱা আফগানসকলে তেওঁৰ পতাকাৰ তলত ভিৰ কৰিবলৈ ধৰিলে। আফগানসকল কাৰিকৰীভাৱে বংগৰ শাসক নাছিল, প্ৰকৃততে তেওঁলোক নামমাত্ৰ শাসকহে আছিল।

আকবৰৰ সৈতে সম্পৰ্ক

চুলেমান খান কাৰাণীয়ে তেওঁৰ ৰাজত্বকালত নিজাকৈ মুদ্ৰা প্ৰতিষ্ঠা কৰা নাছিল,কাৰণ সেই কাৰ্যৰে শাসকীয় মোগলসকলৰ ৰাষ্ট্ৰ ঘোষণা কৰাৰ সমান হ’লহেঁতেন।১ তেওঁ আকবৰক বংগৰ সৰ্বোচ্চ শাসক হিচাপেও সন্মান জনাইছিল আৰু বংগৰ মছজিদসমূহত শুকুৰবাৰৰ জামাতৰ নামাজত দিয়া ধৰ্মধ্বনি খুতবাহত আকবৰৰ নাম পঢ়িবলৈ বাধ্য কৰাইছিল। ১ইতিহাসবিদসকলে এই কাৰ্যসমূহক আকবৰৰ জীৱনকালত বংগ আৰু মোগল সাম্ৰাজ্যৰ মাজত কূটনৈতিক শান্তি ৰক্ষা কৰা বুলি উল্লেখ কৰিছে।১

ওড়িশা বিজয়

মুছলমান শাসকসকলে ওড়িশা জয় কৰাৰ আগতে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ কিছু অংশ শাসন কৰিছিল। ১৫৬৮ চনত চুলেইমান খানে উৎকল ওড়িশাৰ ৰজা মুকুন্দ দেৱৰ বিৰুদ্ধে তেওঁৰ পুত্ৰ বায়াজিদ খান কাৰাণী আৰু সেনাপতি কালাপাহাৰ (কালা পাহাৰ)ক পঠিয়াই দিয়ে। ওডিয়াসকলৰ বিৰুদ্ধে কেইখনমান ডাঙৰ যুদ্ধৰ পিছত, আৰু ওড়িশাৰ অন্যান্য ঠাইত গৃহ-যুদ্ধৰ সহায়ত চুলাইমানে সমগ্ৰ অঞ্চলটো নিজৰ শাসনৰ অধীনলৈ আনিবলৈ সক্ষম হয়। কালা পাহাৰে জগন্নাথ মন্দিৰ লুট-পাত কৰি পুৰীক নিয়ন্ত্ৰণত লয়। চুলেইমান কাৰাণীয়ে ক্ৰমে ইছমাইল খান লোধীক ওড়িশাৰ গৱৰ্ণৰ আৰু কুতলু খান লোহানীক পুৰীৰ গৱৰ্ণৰ হিচাপে নিযুক্তি দিয়ে।৩৪

ধৰ্ম

চুলাইমান এজন ধাৰ্মিক মুছলমান আছিল আৰু তেওঁ পুৰণি মালদহত সোণা মছজিদ নিৰ্মাণ কৰিছিল।৩`আব্দ আল-কাদিৰ বদাউনীয়ে কয় যে, প্ৰতিদিনে পুৱা চুলেইমানে যিকোনো ৰাজ্যিক ব্যৱসায়ৰ লেনদেনৰ পূৰ্বে ১৫০ জন শ্বেখ আৰু উলামাৰ সৈতে প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিছিল।৫

মৃত্যু আৰু উত্তৰাধিকাৰ

১৫৭২ চনৰ ১১ অক্টোবৰত চুলেইমান কাৰাণীৰ মৃত্যু হয় আৰু তেওঁৰ সাম্ৰাজ্য তেওঁৰ পুত্ৰ বায়াজিদ খান কাৰাণীৰ হাতত এৰি দিয়ে। তেওঁৰ চুলতানী ৰাজ্যৰ ৰাজধানী তান্দাত তেওঁক সমাধিস্থ কৰা হয়।৬

তথ্যসূত্ৰ

  1. ↑ Hasan, Perween. (2007). Sultans and Mosques: The Early Muslim Architecture of Bangladesh. I.B.Tauris. পৃ. 17–18. ISBN 978-1-84511-381-0
  2. ↑ Eaton, Richard M. (1993). The Rise of Islam and the Bengal Frontier, 1204–1760. University of California Press. পৃ. 140–2. ISBN 0-520-20507-3
  3. ↑ Ahmed, ABM Shamsuddin
  4. ↑ Brief History of the Family. Prithimpassa Nawab Family
  5. ↑ Abul Fazl Allami (translated by H. Blochman). (1873). Ain i Akbari
  6. ↑ Ibrahim, Muhammad

সম্পৰ্কিত শ্ৰেণী

ৰাজতন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুলেইমান খান কাৰাণী” প্ৰবন্ধৰ সংশোধন ৬৩২৫৩০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।