মুনিম খান (৭ মাৰ্চ ১৫২৫ – ২৩ অক্টোবৰ ১৫৭৫) সম্ৰাট হুমায়ুন আৰু আকবৰ দুয়োৰে অধীনত কাম কৰা এজন মোগল সেনাপতি আছিল। ১৫৬০ চনত সম্ৰাট আকবৰে তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াৰ সময়ত তেওঁক খান-ই-খানান (‘খানৰ খান’) উপাধি দিয়া হৈছিল। ১৫৬৪ চনত তেওঁ জৌনপুৰৰ চুবেদাৰ হয়। ১৫৭৪ চনৰপৰা ১৫৭৫ চনলৈকে বংগ চুবহ আৰু ১৫৫৬ চনৰপৰা ১৫৬০ চন আৰু ১৫৬৩ চনৰপৰা ১৫৭৫ চনলৈকে দুটা পৃথক কাৰ্যকালত কাবুলৰ প্ৰথম মোগল গৱৰ্ণৰ আছিল মুনিম খান।১২
প্ৰাথমিক জীৱন আৰু পৰিয়াল
১৫২৫ চনৰ ৭ মাৰ্চত জৌনপুৰত পাৰ্চী তুৰ্কী পৰিয়ালত খানৰ জন্ম হৈছিল আৰু তেওঁৰ পূৰ্বপুৰুষসকল প্ৰথমে বৰ্তমানৰ উজবেকিস্তানৰ আন্দিজান চহৰৰপৰা আহিছিল। তেওঁৰ পিতৃৰ নাম মীৰাণ বেগ আন্দিজানী আৰু তোলনীয়া ভাতৃ মিৰ্জা আস্কৰী।১
কৰ্মজীৱন
১৫৬০ চনত বৈৰাম খানে সাম্ৰাজ্যৰ ৱকিল (প্ৰধানমন্ত্ৰী)ৰ ভূমিকাৰপৰা অৱসৰ গ্ৰহণ কৰে আৰু তাৰ পিছত মোগল সম্ৰাট আকবৰে এই দায়িত্বত মুনিমক নিযুক্তি দিয়ে। আকবৰৰ নিৰ্দেশত মুনিমে সম্ৰাটৰ আদেশ উলংঘা কৰা মাহ চুচাক বেগমৰ সৈতে যুদ্ধত লিপ্ত হয় যদিও জালালাবাদত তেওঁৰ হাতত পৰাস্ত হয় আৰু মুনিমৰ পুত্ৰ ঘানী খানক মৃত্যুদণ্ড দিয়া হয়।৩ জৌনপুৰৰ উজবেকসকলে বিদ্ৰোহ কৰাৰ পাছত মুনিম খানক জৌনপুৰ আৰু পূব জিলাৰ গৱৰ্ণৰৰ দায়িত্ব দিয়া হয়। খানক ৫০০০ সৈনিকৰ মনসবদাৰ (সামৰিক সেনাপতি)লৈ পদোন্নতি দিয়া হয়, যিটো সেই সময়ত সৰ্বোচ্চ পদবী আছিল।১
দাউদ খান কাৰাণীৰ বিৰুদ্ধে অভিযান
মোগল সাম্ৰাজ্যক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰা বংগৰ স্বাধীন চুলতান দাউদ খান কাৰাণীক দমন কৰিবলৈ আকবৰে খানক পঠিয়াইছিল। প্ৰথম অৱস্থাত ব্যৰ্থ হোৱাৰ পিছত মুনিম খানে সফলতাৰে হাজীপুৰ আৰু পাটনা দখল কৰে। তাৰ পিছত খানক বংগৰ (য’ত সেই সময়ত বিহাৰকো সামৰি লৈছিল) চুবেদাৰ (ৰাজ্যপাল) হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ ১৫৭৪ চনৰ ২৫ ছেপ্টেম্বৰত বংগৰ পূৰ্বৰ ৰাজধানী খাছপুৰৰ তান্দা দখল কৰে।১ ১৫৭৫ চনৰ ৩ মাৰ্চত হোৱা টুকৰোই যুদ্ধৰ সময়ত মুনিম খানে দাউদ কাৰাণীক এনে এখন সন্ধিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰে যাৰ ফলত কেৱল ওড়িশাহে দাউদৰ নিয়ন্ত্ৰণত থাকিল। ইয়াৰ পিছত মুনিম খানে বংগৰ ৰাজধানী তান্দাৰ পৰা গৌড়লৈ স্থানান্তৰিত কৰে।
ব্যক্তিগত জীৱন
মুনিম খানৰ ৮ গৰাকী উপপত্নী আছিল, আৰু তেওঁৰ দুটা সন্তান আছিল:
- ঘানী খান - সম্ৰাজ্ঞী মাহ চুচাক বেগমৰ নিৰ্দেশত কাবুলত ফাঁচী দিয়া হয়।
- সাহিলা বানু বেগম - ১৬০৭ চনত সম্ৰাট জাহাংগীৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
মৃত্যু
১৫৭৫ চনৰ ২৩ অক্টোবৰত গৌড়ত প্লেগ মহামাৰীৰ পৰা পলায়ন কৰি মুনিমৰ তান্দাত মৃত্যু হয়। মৃত্যুৰ পিছত দাউদ কাৰাণীয়ে গৌড়ক পুনৰ দখল কৰে।১
তথ্যসূত্ৰ
- ↑ Husain, AKM Yaqub
- ↑ Peshawar, Pakistan, 1980. Crossing the River Kabul. Potomac Books. পৃ. 153–155
- ↑ Rekha Misra. (1967). Women in Mughal India, 1526–1748 A.D.. Munshiram Manoharlal. পৃ. 24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুনিম খান” প্ৰবন্ধৰ সংশোধন ৫৩৯৬২৪ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।