বায়াজিদ খান কাৰাণী আছিল বংগ চুলতানীৰ কাৰাণী বংশৰ তৃতীয় চুলতান।
জীৱন
পিতৃ চুলেইমান খান কাৰাণীৰ ৰাজত্বকালত ১৫৬৭ চনত উৰিষ্যালৈ অভিযান চলাই এটা বাহিনীৰ কমাণ্ড দিছিল। এই অভিযান সফল হয় আৰু ১৫৫০ চনত উৰিষ্যা জয় কৰা অন্ধ্ৰৰ পূব চালুক্য ৰজাই পৰাস্ত হয়। লগতে তেওঁ পীৰ বাইজিনক জীৱনত চিনি পাইছিল।১
১৫৭২ চনৰ ১১ অক্টোবৰত পিতৃৰ মৃত্যুৰ পাছত তেওঁ সিংহাসনত আৰোহণ কৰে। ক্ষমতা দখল কৰি তেওঁ পিতৃয়ে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্যৰ প্ৰতি আনুগত্য আৰু বাহ্যিক আধিপত্য ভংগ কৰে আৰু স্বাধীনতা ঘোষণা কৰে।২ তেওঁ জুম্মাৰ নামাজত খুতবাহৰ সময়ত নিজৰ নাম পঢ়িবলৈ দিছিল আৰু নিজৰ নামেৰে মুদ্ৰা জাৰি কৰিছিল।৩ এই কাৰ্যই তেওঁৰ পিতৃৰ আফগান মুখীয়াল আৰু সম্ভ্ৰান্তসকলক, বায়াজিদৰ বিৰুদ্ধে যাবলৈ বাধ্য কৰিলে - যাৰ ফলত তেওঁ এজন অ-জনপ্ৰিয় শাসক হৈ পৰিল। বায়াজিদে আফগান সম্ভ্ৰান্ত লোকসকলক বহিষ্কাৰ কৰাৰ চেষ্টা কৰে আৰু শেষত তেওঁলোকে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে।৪
মৃত্যু
মাত্ৰ কেইমাহমানহে শাসন কৰিছিল তাৰ পিছত তেওঁৰ ভতিজা ভায়েক আৰু ভনীয়েকৰ স্বামী হান্সুৱে তেওঁক প্ৰতাৰণা কৰি হত্যা কৰিছিল। পিছলৈ ৱাজিৰ লুদি খানৰ নেতৃত্বত চুলেমান খানৰ বিশ্বাসযোগ্য সম্ভ্ৰান্ত লোকসকলে হান্সুক সিংহাসনৰপৰা নমাই হত্যা কৰে। অৱশেষত বায়াজিদৰ কনিষ্ঠ ভাতৃ দাউদ খান কাৰাণীয়ে ক্ষমতা দখল কৰে।২
আধুনিক কিশোৰগঞ্জ জিলাৰ বায়াজিদপুৰ, বৰ্তমানৰ বাজিতপুৰ, তেওঁৰ নামেৰে নামকৰণ কৰা বুলি কোৱা হয়।৫
তথ্যসূত্ৰ
- ↑ Tara Boland-Crewe; David Lea. (2 Sep 2003). The Territories and States of India. Routledge. পৃ. 195
- ↑ Ahmed, ABM Shamsuddin
- ↑ Ahmed, ABM Shamsuddin
- ↑ Roy, Atul Chandra. (1968). History of Bengal: Mughal Period, 1526-1765 A.D.. Nababharat Publishers. পৃ. 21
- ↑ Ali, Syed Murtaza. (July 1964). The Origin of Place Names in Bengal. Oriental Geographer. পৃ. 121
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বায়াজিদ” প্ৰবন্ধৰ সংশোধন ৫৩৯৫২২ (২০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।