ঘূমাৰ (ইংৰাজী অৰ্থ: Spinner) ২০২৩ চনত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ ক্ৰীড়া নাট্যধৰ্মী ছবি।১ ইয়াত অভিনয় কৰিছে শ্বাবানা আজমী, অভিষেক বচ্চন, ছেয়ামী খেৰ, আৰু অংগদ বেদীয়ে।২
২০২৩ চনৰ ১২ আগষ্টত মেলবৰ্ণৰ দ্বাদশ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত উন্মোচন ছবি হিচাপে ঘূমাৰৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হয়।৩ ২০২৩ চনৰ ১৮ আগষ্টত ভাৰতৰ ছবিগৃহত মুক্তি পায়।৪৫ ৬৯তম ফিল্মফেয়াৰ বঁটাত ছবিখনে শ্ৰেষ্ঠ অভিনেতা (সমালোচক) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীকে ধৰি তিনিটা মনোনয়ন লাভ কৰে।৬
সাৰাংশ
অনিনা "অনি" দীক্ষিত এজনী উজ্জ্বল আৰু উদীয়মান ক্ৰিকেটৰ বেটিং প্ৰতিভা। এটা দূৰ্ঘটনাত তেওঁ সোঁহাতখন হেৰুৱাই পেলায়। সহানুভূতিহীন আৰু ব্যৰ্থ টেষ্ট ক্ৰিকেটাৰ পদম "পেডী" সিং সোধীয়ে বলাৰৰ ৰূপত তেওঁৰ মনত নতুন আশাৰ সঞ্চাৰ কৰে। বলাৰ হিচাপে তেওঁৰ ভাগ্য ঘূৰাই আনিবলৈ সোধীয়ে তেওঁক অগতানুগতিক কৌশলেৰে প্ৰশিক্ষণ দিয়ে। স্পিনিং বা "ঘূমাৰ" তেওঁলোক দুয়োজনে উদ্ভাৱন কৰা বলিঙৰ এক নতুন কৌশল। পিছে অনিনাই ১০ মাহতকৈও কম সময়ত যোগ্যতা অৰ্জন কৰি বলাৰ হিচাপে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিব পাৰিবনে? ৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (31 July 2023). 'Ghoomer': Abhishek Bachchan, Saiyami Kher's first look motion poster out. The Hindu
- ↑ (31 July 2023). 'Lefty hai? Left hi hai': Abhishek Bachchan and Saiyami Kher's first look from Ghoomer out, film to hit theatres on Aug 18. The Indian Express
- ↑ (10 July 2023). Abhishek Bachchan-R Balki's 'Ghoomer' to open Indian Film Festival of Melbourne. India Today
- ↑ (31 July 2023). Ghoomer motion poster: Saiyami Kher determined to play cricket with one hand, Abhishek Bachchan is her coach. Hindustan Times
- ↑ (31 July 2023). R Balki's 'Ghoomer' to hit screens on August 18. The Print
- ↑ (15 January 2024). Nominations for the 69th Hyundai Filmfare Awards 2024 with Gujarat Tourism: Full list out. Filmfare
- ↑ Bollywood News: Abhishek Bachchan, Saiyami Kher Look Promising In 'Ghoomer' First Look Motion Poster. Zee News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঘূমাৰ” প্ৰবন্ধৰ সংশোধন ৪৯০৮৯৪ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।