অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চান্দনী বাৰ

চান্দনী বাৰ (Chandni Bar) ২০০১ চন মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাট্যধৰ্মী ছবি। ইয়াৰ উপৰিও ইয়াত অনন্যা খাৰে, ৰাজপাল যাদৱ, মীনাক্ষী সাহানী আৰু বিশাল ঠাক্কৰে অভিনয় কৰিছে। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু চাৰিটাকৈ ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়।

হালনাগাদ: ১০ মাৰ্চ ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

চান্দনী বাৰ (Chandni Bar) ২০০১ চন মধুৰ ভাণ্ডাৰকাৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ অপৰাধ নাট্যধৰ্মী ছবি। ইয়াত পতিতাবৃত্তি, ডান্স বাৰ আৰু অপৰাধকে ধৰি মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ কঠিন জীৱনৰ চিত্ৰায়ণ কৰা হৈছে। ছবিখনত টাবু আৰু অতুল কুলকাৰ্ণীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১ ইয়াৰ উপৰিও ইয়াত অনন্যা খাৰে, ৰাজপাল যাদৱ, মীনাক্ষী সাহানী আৰু বিশাল ঠাক্কৰে অভিনয় কৰিছে। ছবিখনে সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু চাৰিটাকৈ ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা পাবলৈ সক্ষম হয়। এই চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- অন্যান্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী (তাবু), শ্ৰেষ্ঠ সহযোগী অভিনেতা (কুলকাৰ্ণী) আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (খাৰে) শিতানত লাভ কৰিছিল।২৩৪

এইখন এখন হিট ছবি আছিল আৰু ১.৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ছবিখনে বক্স অফিচত ৬.৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল।৫

বঁটা

২০০২- ৪৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ অন্য সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • শ্ৰেষ্ঠ অভিনেত্ৰী (টাবু)
  • শ্ৰেষ্ঠ সহযোগী অভিনেতা (অতুল কুলকাৰ্ণী)
  • শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (অনন্যা খাৰে)

তথ্যসূত্ৰ

  1. ↑ Chandni Bar. Bollywood Hungama
  2. ↑ Happy Birthday Tabu: From Andhadhun, Astitva, Chandni Bar to Cheeni Kum, Drishyam, Haider; actor's best roles till date | Latest News & Updates at DNAIndia.com. DNA India
  3. ↑ Happy Birthday Tabu: From Andhadhun, Astitva, Chandni Bar to Cheeni Kum, Drishyam, Haider; actor's best roles till date | Latest News & Updates at DNAIndia.com. DNA India
  4. ↑ Happy Birthday Tabu: From Andhadhun, Astitva, Chandni Bar to Cheeni Kum, Drishyam, Haider; actor's best roles till date | Latest News & Updates at DNAIndia.com. DNA India
  5. ↑ Happy Birthday Tabu: From Andhadhun, Astitva, Chandni Bar to Cheeni Kum, Drishyam, Haider; actor's best roles till date | Latest News & Updates at DNAIndia.com. DNA India

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ২০০১ বৰ্ষৰ চলচ্চিত্ৰভাৰতৰ পতিতাবৃত্তি সম্পৰ্কীয় চলচ্চিত্ৰভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দনী বাৰ” প্ৰবন্ধৰ সংশোধন ৪৯০০৮৭ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।