নিকাহ (Nikaah) ১৯৮২ চনৰ ভাৰতীয় হিন্দী ভাষাৰ ৰোমান্টিক নাট্যধৰ্মী চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালক বি. আৰ. চোপ্ৰা।
ছবিখনত ৰাজ বব্বৰ, দীপক পৰাশৰ আৰু চালমা আগাই অভিনয় কৰিছে আৰু তিনিওজনৰে বলীউডৰ ছবিত সেয়া প্ৰথম অভিনয় আছিল। ছবিখনত সহযোগী চৰিত্ৰত আছিল আচৰানী আৰু ইফতিকাৰ। ৰবিয়ে ৰচনা কৰা এই ছবিখনৰ সংগীতে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ছবিখনৰ মূল নাম আছিল “তালাক তালাক তালাক”, কিন্তু ইছলামিক ধৰ্মগুৰুসকলৰ জোৰত ইয়াৰ নাম “নিকাহ”লৈ সলনি কৰা হয়।১
ছবিখনে ১৯৮২ চনত শ্ৰেষ্ঠ সংলাপ আৰু শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।২ এইখন ১৯৮২ চনৰ ষষ্ঠ সৰ্বাধিক উপাৰ্জন কৰা বলীউডী ছবি।৩
বঁটা
ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী- চালমা আগা (“দিল কে আৰমান”ৰ বাবে)
- শ্ৰেষ্ঠ সংলাপ- আচলা নাগৰ৪
তথ্যসূত্ৰ
- ↑ Awards in 1982. MySwar.in website
- ↑ Top Earners of 1982 (Nikaah is #6 on the list). BoxOfficeIndia website
- ↑ Nikaah (1982 film). Upperstall.com website
- ↑ Bhagyalakshmi Seshachalam. (21 June 2019). Nikaah (1982) Depicts An Indian Muslim Woman’s Predicament (film review of Nikaah). MONEYLIFE.in website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিকাহ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৪৮১৭ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।