অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

নমকীন

নমকীন ( Namkeen; অনু: নিমখীয়া) ১৯৮২ চনত মুক্তি পোৱা গুলজাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত হিন্দী ভাষাৰ এখন সামাজিক নাট্যধ্ৰমী ছবি, য'ত অভিনয় কৰিছে সঞ্জীৱ কুমাৰ, শৰ্মিলা ঠাকুৰ, শাবানা আজমী আৰু ৱাহিদা ৰহমানে।

হালনাগাদ: ১০ ফেব্ৰুৱাৰী ২০২৫ ১৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নমকীন ( Namkeen; অনু: নিমখীয়া) ১৯৮২ চনত মুক্তি পোৱা গুলজাৰৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত হিন্দী ভাষাৰ এখন সামাজিক নাট্যধ্ৰমী ছবি, য'ত অভিনয় কৰিছে সঞ্জীৱ কুমাৰ, শৰ্মিলা ঠাকুৰ, শাবানা আজমী আৰু ৱাহিদা ৰহমানে। গুলজাৰৰ এই ছবিখন বিশেষকৈ গ্ৰাম্য অঞ্চলৰ ভাৰতীয় সমাজৰ কিছুমান অতি স্পৰ্শকাতৰ, কিন্তু অস্পৃশ্য দিশৰ ওপৰত নিৰ্মিত। “অকাল বসন্ত” নামৰ সমৰেশ বসুৰ গল্প এটাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।১ এইজন লেখকৰ গল্পৰ আধাৰত ইয়াৰ পূৰ্বে গুলজাৰে ইয়াৰ পূৰ্বে “কিতাব” (১৯৭৭) নিৰ্মাণ কৰিছিল।[2] ২

নমকীনে ১৯৮৩ চনত এছাভাই এম সুৰতৱালাৰ শ্ৰেষ্ঠ অডিঅ’গ্ৰাফীৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৩০তম ফিল্মফেয়াৰ বঁটাত ছবিখন শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ কলা পৰিচালনাৰ বঁটা লাভ কৰাৰ বিপৰীতে ৱাহিদাই শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ মনোনয়ন পাবলৈ সক্ষম হৈছিল।

বঁটা

৩০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ অডিঅ’গ্ৰাফী- ইচাভাই এম সুৰতৱালা৩

৩০তম ফিল্মফেয়াৰ বঁটা

  • শ্ৰেষ্ঠ কাহিনী- সমৰেশ বসু
  • শ্ৰেষ্ঠ কলা নিৰ্দেশক- অজিত নানেৰ্জি

তথ্যসূত্ৰ

  1. ↑ (2019-12-11). Samaresh Basu Birth Anniversary: Here Are 5 Films Based on His Novels. News18
  2. ↑ Gulazar; Govind Nihalani; Saibal Chatterjee. (2003). Encyclopaedia Of Hindi Cinema. Popular Prakashan. পৃ. 357. ISBN 978-81-7991-066-5
  3. ↑ 30th National Film Awards. Directorate of Film Festivals

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰ১৯৮২ বৰ্ষৰ চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নমকীন” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৮১ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।