চামেলি (Chameli) ২০০৪ চনৰ সুধীৰ মিশ্ৰৰ পৰিচালনাত নিৰ্মিত ভাৰতীয় হিন্দী ভাষাৰ এখন ছবি। এগৰাকী বেশ্যা আৰু এজন বিনিয়োগকাৰী বেংকাৰে একেলগে এৰাতি কটোৱাৰ ঘটনাক্ৰমক কেন্দ্ৰ কৰি কাহিনীটো গঢ় লৈ উঠিছে। ইয়াত কৰীনা কাপুৰ আৰু ৰাহুল বসুৱে অভিনয় কৰিছে।১ বিয়াৰ পিছত অৱসৰ লোৱাৰ পূৰ্বেএইখন আছিল ৰিংকি খান্নাৰ শেষ ছবি।
তেলেগু ভাষাত জাবিলাম্মা (২০০৮) নামেৰে ছবিখন পুনৰ নিৰ্মাণ কৰা হয়, য’ত নৱনীত কৌৰ আৰু ৰাজীৱ কনাকলাই অভিনয় কৰিছিল।
প্লট
অমন কাপুৰ এজন ধনী বিনিয়োগকাৰী বেংকাৰ, যাৰ গৰ্ভৱতী পত্নী নেহাই এদশকৰো অধিক পূৰ্বে গাড়ী দুৰ্ঘটনাত নিহত হৈছিল। এই ঘটনাই তেওঁক হতাশ আৰু অকলশৰীয়া কৰি তুলিছিল। সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ বাধ্য হৈ তেওঁ অনিচ্ছা সত্ত্বেও পাৰ্টি আয়োজন কৰে। ধুমুহা বতৰে অমনক উদ্বিগ্ন কৰি তুলে আৰু ঘৰলৈ যোৱাৰ সিদ্ধান্ত লয়। গাড়ী চলাই থকা অৱস্থাত বানপানীৰে ভৰা পথত তেওঁৰ গাড়ীখন বিকল হৈ পৰে আৰু তেওঁৰ ফোনটোৰ বেটাৰীৰ চাৰ্জ নাইকীয়া হৈ যায়। তেওঁ এটা আলিবাটত আশ্ৰয় লয়, য’ত তেওঁ চামেলি নামৰ ৰাস্তাৰ স্মাৰ্ট বেশ্যাক লগ পায়, কাহিনীটো সংঘটিত হয় এটা আন্ধাৰ, বৰষুণৰ ধুমুহাময় ৰাতি। এনেকৈয়ে কাহিনী আগবাঢ়ে।
নিৰ্মাণ
প্ৰথমে অভিনেত্ৰী অমিষা পেটেলক চামেলিৰ অফাৰ দিয়া হৈছিল। কিন্তু তেওঁ ছবিখন কৰিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে এগৰাকী বেশ্যাৰ চৰিত্ৰত তেওঁৰ চৰিত্ৰ মিল নাখায়।'' পিছত এই চৰিত্ৰটো কৰীনা কাপুৰক দিয়া হয় আৰু এইখন তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট হিচাপে পৰিগণিত হয়।২ ২০০৩ চনৰ আগষ্ট মাহত ছবিখনৰ নিৰ্মাণ আৰম্ভ হয়। ২০০৩ চনৰ ২৮ আগষ্টত ছবিখনৰ পৰিচালক অনন্ত বালানীৰ মৃত্যু হয়।৩ ছবিখন প্ৰায় বন্ধই হৈ গৈছিল। পিছত প্ৰীতিশ নন্দীয়ে সুধীৰ মিশ্ৰক ছবিখনৰ পৰিচালনাৰ বাবে ফোন কৰে। মিশ্ৰই ছবিখন বেলেগ চিত্ৰনাট্যৰে সম্পূৰ্ণ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Chameli. Rediff.com
- ↑ How Kareena became Chameli. Rediff.com
- ↑ (28 August 2003). Filmmaker Anant Balani passes away. Rediff.com
- ↑ Mathur, Abhimanyu. (21 September 2022). From director's untimely death to reluctant star: How Kareena Kapoor's career-changing Chameli was almost never made. The Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চামেলি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯০০৭৯ (১০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।