ক্ৰু (Crew) হৈছে ৰাজেশ কৃষ্ণণৰ দ্বাৰা পৰিচালিত ২০২৪ চনত মুক্তিপ্ৰাপ্ত ভাৰতীয় হিন্দী ভাষাৰ এখন ক্ৰাইম কমেডী চলচ্চিত্ৰ। তবু, কৰিণা কাপুৰ খান, কৃতি সেনন আৰু দিলজিৎ দোসাঞ্ঝে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে। বালাজী মোচন পিকচাৰ্ছ, অনিল কাপুৰ ফিল্মছ এণ্ড কমিউনিকেচন নেটৱৰ্কৰ বেনাৰত একতা কাপুৰ, ৰিয়া কাপুৰ আৰু অনিল কাপুৰে ছবিখনৰ প্ৰযোজনা কৰিছে। ২০২৪ চনৰ ২৯ মাৰ্চত ছবিখন ছবিগৃহত মুক্তি পায়।
কাহিনীভাগ
ছবিখনৰ কাহিনীভাগ তিনিগৰাকী অধ্যৱসায়ী মহিলাৰ জীৱনক কেন্দ্ৰ কৰি ৰচিত হৈছে। জীৱনযাত্ৰাৰ পথত তেওঁলোক কিছুমান অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হয়; শেষত তেওঁলোক প্ৰতাৰণাৰ জালত আবদ্ধ হৈ পৰে।১
কলা-কুশলী
- তবু - গীতা
- কৰিণা কাপুৰ - জেচমিন ৰাণা
- কৃতি সেনন - দিব্যা ৰাণা
- দিলজিৎ দোসাঞ্ঝ - জয় সিং ৰাথোৰ
- কপিল শৰ্মা (কেমিঅ' ৰ'ল)
উৎপাদন
২০২৩ চনৰ ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা প্ৰিন্সিপাল ফটোগ্ৰাফী ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সমাপ্ত হয়।২৩ মুম্বাই, গোৱা আৰু আবুধাবিত ছবিখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল।৪
মুক্তি
২০২৪ চনৰ ২৯ মাৰ্চত ছবিখন ছবিগৃহত মুক্তি পায়।
তথ্যসূত্ৰ
- ↑ (24 February 2024). Crew teaser: Tabu, Kareena Kapoor and Kriti Sanon are about to take you on a flight that's ‘too hot for you’. Hindustan Times
- ↑ Kriti Sanon, Kareena Kapoor Khan and Tabu starrer The Crew begins shoot. Bollywood Hungama
- ↑ It’s a wrap! Tabu concludes shooting for Crew. Bollywood Hungama
- ↑ (9 May 2023). EXCLUSIVE: Kareena Kapoor Khan, Tabu, Kriti Sanon will head to THESE locations next for The Crew, Read Deets. PINKVILLA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰু (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৮১৯৪৩ (২৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।