অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পৰায়া ধন (১৯৭১ চলচ্চিত্ৰ)

পৰায়া ধন (पराया धन; Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২২ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

পৰায়া ধন (पराया धन; Estranged Wealth) হৈছে ৰাজেন্দ্ৰ ভাটিয়াৰ দ্বাৰা পৰিচালিত ১৯৭১ চনৰ এখন ভাৰতীয় হিন্দী ভাষাৰ চলচ্চিত্ৰ, য'ত অভিনয় কৰিছে- বলৰাজ চাহনী, হেমা মালিনী, ৰাকেশ ৰোশন আৰু অজিৎ খানে।১

প্লট

ৰাজ্জু ওৰফে ৰজনী (হেমা মালিনী) তেওঁৰ দেউতাক গোবিন্দৰাম (বলৰাজ চাহনী) -ৰ সৈতে ভাৰতৰ এখন সৰু গাঁৱত বাস কৰে, যি এগৰাকী সন্মানীয় ভদ্ৰলোক আৰু লগতে গাঁও চৰপঞ্চ। যেতিয়া ৰজনীৰ বয়স হৈ আহে গোবিন্দৰামে শেৱাৰামৰ পুত্ৰ শংকৰ (ৰাকেশ ৰোশন) -ৰ সৈতে তেওঁৰ বিবাহ ঠিক কৰে। শংকৰে ৰজনীক চাবলৈ আহে আৰু দুয়ো ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হৈ পৰে। ৰজনীয়ে তেওঁৰ প্ৰকৃত পিতৃক তেতিয়াহে গম পায় যেতিয়া হীৰালাল (অজিৎ খান) নামৰ ডকাইত এগৰাকী কাৰাগাৰৰ পৰা পলাই আহি গোবিন্দৰামৰ ঘৰত আশ্ৰয় লয়। হীৰালাল কাৰাগাৰৰ পৰা পলাই অহাৰ পিছত গাঁওখনৰ শান্তি ভাগি পৰে। গোবিন্দৰামক হীৰালালে হত্যা কৰে আৰু অৱশেষত ৰজনীয়ে গোবিন্দৰামৰ হত্যাকাৰী ডকাইত হীৰালালক হত্যা কৰে আৰু তাৰ বাবে তেওঁ সন্মান লাভ কৰে।২

অভিনয়ত

  • শংকৰৰ চৰিত্ৰত ৰাকেশ ৰোশন ১
  • ৰজনীৰ চৰিত্ৰত হেমা মালিনী১
  • গোবিন্দৰামৰ চৰিত্ৰত বলৰাজ চাহনী
  • মীনাৰ চৰিত্ৰত জয়শ্ৰী টী
  • জ্বলা সাহায়ৰ চৰিত্ৰত অভি ভট্টাচাৰ্য১
  • মিচেছ সাহায়ৰ চৰিত্ৰত অচলা সহদেৱ
  • হীৰালালৰ চৰিত্ৰত অজিৎ খান১
  • গংগাৰামৰ চৰিত্ৰত ওম প্ৰসাদ

প্ৰডাকচন

চলচ্চিত্ৰখনৰ মুখ্য দৃশ্য গ্ৰহণ কৰা হৈছে কুল্লু মানালীত।১

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে আৰ. ডি. বৰ্মনে।৩

নংগীতৰ ফাঁকিকণ্ঠশিল্পীদৈৰ্ঘ্য
১"আজ উনসে পহলে মুলাকাত হোগী"কিশোৰ কুমাৰ০৫:৪৮
২“আয়ো ঝুমে গায়ে”আশা ভোছলে, কিশোৰ কুমাৰ০৬:৩৩
৩“আশা গয়ী উষা গয়ী”আশা ভোছলে০৫:০৭
৪“দিল হায়ে মেৰা দিল”কিশোৰ কুমাৰ০৪:০৯
৫“হোলী ৰে হোলী”আশা ভোছলে, মান্না দে০৩:৫২
৬“তেৰে মেৰে জুদা হোনা (তু প্যাৰ তু প্ৰীত”লতা মংগেশকাৰ, কিশোৰ কুমাৰ০৪:৫৬

তথ্যসূত্ৰ

  1. ↑ MALHOTRA, APS. (2016-04-22). Paraya Dhan (1971). The Hindu
  2. ↑ Plot Summary
  3. ↑ Paraya Dhan by R.d. Burman. Saregama

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ১৯৭১ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰায়া ধন (১৯৭১ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩১৪১৫৯ (১৪ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।