জৈতখাম (জয়স্তম্ভ)(Jaitkham): সৎনাম ধৰ্মৰ প্ৰতীক।
বিৱৰণ
- উচ্চতা:- ২৪৩ ফুট (বিশ্বৰ ভিতৰত ওখ)
- নিৰ্মাণ ক্ষেত্ৰফল:- ২.৫ একৰ
- নিৰ্মাণ ব্যয়:- ৫৪ কোটি
- সাত তল
- ব্যাস:- ৬০ মিটাৰ
- খটখটিৰ সংখ্যা:- ৪৩২+৪৩২
- নিৰ্মাণ:- গিৰৌদপুৰী, ছত্তীসগঢ়, ভাৰত
- বিশেষত্ব:- ধুমুহা, চক্ৰবাত, বতাহৰ তীব্ৰ হেঁচা ৰোধক (১২.৩০ ৰিখটাৰ স্কেল ভূমিকম্প সহন)।১
সৎনাম ধৰ্মৰ অনুগামী সৎনামীসকলে সৎনাম ধৰ্মৰ প্ৰৱৰ্তক তথা তেওঁলোকৰ জগত গুৰু পৰম পূজনীয় শ্ৰীশ্ৰীঘাসীদাস বাবাৰ জন্মদিন ১৮ ডিচেম্বৰ তাৰিখে প্ৰতি বছৰে প্ৰত্যেক গাঁৱৰ পুৰুষ-মহিলাই নিজৰ নিজৰ সৎনাম মন্দিৰ (নামঘৰ)ত স্থাপিত জৈতখামত পতাকা উত্তোলন কৰাৰ লগতে গুৰুজনাক স্মৰণ কৰি আৰতি-মংগল তথা গীত-নৃত্য আদি পৰিৱেশন কৰে। জয়স্তম্ভ বা জৈতখামৰ বিষয়ে পণ্ডিত ৰতনলাল ৰত্নাকৰদেৱে অৰ্থসহ বৰ্ণনা দিছে এনেধৰণৰ। জয়স্তম্ভ সৎনাম পন্থ বা ধৰ্মাৱলম্বী সৎনামী জাতিৰ প্ৰতীক হয়। জগত গুৰু শ্ৰীশ্ৰীঘাসীদাস বাবাই জনকল্যাণৰ বাবে স্থাপিত কৰিছিল। এই স্তম্ভৰ তলত তিনি স্তৰৰ চিৰহী (খটখটি) নিৰ্মিত হয়।
তিনি চিৰহী (খটখটি)ৰ মহত্ত্ব
১/ ভূ-তল বা পাতাল ল'ক ২/ ভূব বা মৃত্যু ল'ক আৰু ৩/ স্বৰ্গ বা আকাশ ল'ক।২
জয়স্তম্ভৰ মহত্ত্ব

তিনিটা খটখটিৰ ওপৰত স্তম্ভ নিৰ্মিত হয়। যিটো মানুহৰ শৰীৰৰ লগত তুলনা কৰি নিৰ্মাণ কৰা হয়। বাস্তৱত মানৱ শৰীৰৰ চৌৰাশী আঙুলকৈ তৈয়াৰ তথা ওখ হয়। মানৱ শৰীৰৰ সৃষ্টিক চৌৰাশী আঙুলকৈ চাৰি যুগত ভাগ কৰিলে এক যুগত ভাগফল একৈশ পোৱা যায়। এই কাৰণে স্তম্ভৰ দীঘ ২১ হাত ওখ তৈয়াৰ কৰা হয়। য'ত তিনিটা হুক লগোৱা হয়।২
তিনি হুকৰ মহত্ত্ব
তিনি হুকৰ মহত্ত্ব:
ভাৱ, গুণ, বন্ধন ১. প্ৰথম হুক: ভজন, সৎ, মন অৰ্থ: ভজন কৰিলে সৎ গুণৰ প্ৰাপ্তি হয় তথা মনৰ বন্ধনৰ পৰা মুক্তি পোৱা যায়। ২. দ্বিতীয় হুক: স্মৰণ, ৰজ, মায়া অৰ্থ: স্মৰণ কৰিলে ৰজগুণ বা মায়াজালৰ পৰা মুক্তি পোৱা যায়। ৩. তৃতীয় হুক: ধ্যান, তম, কায়া অৰ্থ: ধ্যান বা তপস্যা কৰিলে তম বা খং গুণৰ হ্ৰাস হয় তথা কায়া বা শৰীৰৰ মুক্তি পোৱা যায়।২
এইদৰে তিনি হুকৰ সৎ গুণৰ মহত্ত্ব কোৱা হৈছে। এই হুকত পাঁচ হাত দীঘল বাঁহ বা ৰোল মাৰি লগোৱা হয়। পাঁচ হাত দীঘল বাঁহ যিটো পঞ্চতত্ত্ব বা পঞ্চ ইন্দ্ৰিয়ৰ লগত সম্বন্ধ আছে। তলত ইয়াৰ বৰ্ণনা দিয়া হৈছে - পাঁচ নাম, পাঁচ তত্ত্ব, পাঁচ প্ৰকাশ বা জ্যোতি
* অ (অহংগনাম): আকাশ, দীপক * চ (চহংগনাম): বায়ু, সূৰ্য * জ (জহংগনাম): অগ্নি, চন্দ্ৰ,পূৰ্ণিমা * প (পহংগনাম): জল, তৰা * ক (কহংগনাম):পৃথিৱী, বিজুলী,ঢেৰেকণি
উপৰোক্ত বাঁহত এটি বগা ৰঙৰ চতুৰ্ভুজ আকাৰৰ পতাকা লগোৱা থাকে।২
পতাকাৰ মহত্ত্ব
বগা পতাকাৰ মহত্ত্ব: স্বচ্ছ বগা ৰঙৰ পতাকা যি চাৰি যুগ তথা চাৰিও দিশৰ সত্যৰ প্ৰতীক হয়।
- চাৰি যুগ: ১/ সত্যযুগ, ২/ ত্ৰেতাযুগ, ৩/ দ্বাপৰযুগ, ৪/ কলিযুগ,
- চাৰি দিশ: ১/ পূব, ২/ পশ্চিম, ৩/ উত্তৰ, ৪/ দক্ষিণ
চেতা ঝণ্ডা যুগ যুগ ছলি আয়-ছাৰও দিশ ঘাসীদাস ফহৰায়।
উপৰোক্ত সকলো গুণক ধ্যান ৰাখি জনকল্যাণৰ দৃষ্টিত সন্ত শিৰোমণি গুৰু ঘাসীদাস বাবাৰ সত্যৰ প্ৰতীক জৈতখামৰ নিৰ্মাণ হ'ল। আমি যাৰ সকলো প্ৰেৰণা লওঁ তথা ভাল কাৰ্য কৰিবলৈ প্ৰয়াস কৰোঁ।২
সৰ্বপ্ৰথম নিৰ্মাণ
গুৰু ঘাসীদাসদেৱে সৰ্বপ্ৰথম চনাখানত, তাৰ পিছত ৰতনপুৰত জৈতখাম স্থাপন কৰিছিল।২ ১৯৩৬ চনৰ পৰা মন্ত্ৰী নকুল ঢেঢ়হী দেৱে গুৰু ঘাসীদাসৰ জন্ম তিথি ১৮ ডিচেম্বৰ জৈতখাম ৰূপে গাওঁ-গাঁৱত প্ৰচলন কৰিছিল। ১৯৭০ চনৰ পৰা অসমত কবি মনোহৰ দাস নৃসিংহ দেৱে জৈতখাম স্থাপনৰ প্ৰচাৰ চলায়। কিন্তু ইয়াৰ আগতেও জৈতখাম অসমৰ বিভিন্ন ঠাইত আছিল। ছত্তীসগঢ়ত নিৰ্মিত এই বিশাল জৈতখামৰ ২৩/১২/২০০৭ তাৰিখে ছত্তীসগঢ়ৰ মুখ্যমন্ত্ৰী ড॰ ৰমন সিং দেৱে আধাৰশিলা স্থাপন কৰিছিল আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ৩১/১/২০১২ তাৰিখে।১ অসমৰ বিভিন্ন জিলাত বাস কৰা সৎনামী লোকসকলৰ গাওঁসমূহত একোখনকৈ জৈতখাম আছে আৰু প্ৰত্যেক বছৰে ১৮ ডিচেম্বৰৰ দিনা গুৰুজনাক স্মৰণ কৰি পূজা - অৰ্চনা কৰে আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰম অনুষ্ঠিত কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৈতখাম” প্ৰবন্ধৰ সংশোধন ৩১০৫৬৯ (৯ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।