বুৰ্জ খালিফা হ'ল সংযুক্ত আৰৱ আমিৰাতৰ ৰাজধানী ডুবাইত অৱস্থিত এটি বিশ্ববিখ্যাত গগনচুম্বী অট্টালিকা (skyscraper)। ই বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ওখ মানৱসৃষ্ট স্থাপত্য হিচাপে স্বীকৃত। আৰম্ভণীতে ইয়াক 'বুৰ্জ ডুবাই' বুলি জনা গৈছিল যদিও পিছলৈ ই 'বুৰ্জ খালিফা' নামেৰেই প্ৰসিদ্ধি লাভ কৰে। ইয়াৰ উচ্চতা ৮২৯.৮ মিটাৰ(২৭২২ ফুট)। ইয়াৰ নিৰ্মানকাৰ্য ২১ চেপ্তেম্বৰ ২০০৪ ত আৰম্ভ হয় আৰু ১ অক্টোবৰ ২০০৯ ত ইয়াৰ কাম সম্পূৰ্ণ হৈ উঠে। ১৬৩ মহলাৰ এই বৃহৎ অট্টালিকাটো ৪ জানুৱাৰী ২০১০ ত ব্যৱহাৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়া হয়।
পৰিকল্পনা
৩০০০০ ঘৰ, নখন হোটেল, ৩ হেক্টৰ (৭.৪ এঅকৰ) গাড়ী ৰখোৱা ঠাই, কমেও ১৯টা সুুউচ্চ আৱাসিক ভৱন, ডুবাই মল আৰু ১২ হেক্টৰ (৩০ একৰ) জুৰি থকা মানৱ নিৰ্মিত বুৰ্জ খালিফা হ্ৰদটোৰ কেন্দ্ৰস্থল হিচাপে বুৰ্জ খালিফাক গঢ়ি তোলাৰ বাবে পৰিকল্পনা কৰা হৈছিল। বুৰ্জ খালিফা নিৰ্মাণৰ আঁৰত আছিল চৰকাৰৰ এক সিদ্ধান্ত, যাৰ জৰিয়তে দেশ খনৰ তৈল ভিত্তিক অৰ্থনিতীক সেৱা আৰু ভ্ৰমণৰ জৰিয়তে বিভিন্নতা প্ৰদান কৰিব পৰা যাব। চৰকাৰী সূত্ৰৰ মতে, অধিক আন্তৰাষ্ট্ৰীয় স্বীকৃতি আৰু লগতে বিনিয়োগৰ বাবে ডুবাই চহৰত বুৰ্জ খালিফাৰ নিৰ্মাণ অত্যন্ত প্ৰয়োজনীয় আছিল।
মজিয়াৰ পৰিকল্পনা
| মজিয়া | উদ্দেশ্য১ | কাৰ্য্য অনুসৰি ৰং-ক'ড কৰা মজিয়াৰ সৈতে ডাইমেট্ৰিক প্ৰজেকচন২ | |
|---|---|---|---|
| ১৬০–১৬৩ | যান্ত্ৰিক | ||
| ১৫৬–১৫৯ | যোগাযোগ আৰু সম্প্ৰচাৰ | ||
| ১৫৫ | যান্ত্ৰিক | ||
| ১৫২–১৫৪ | লাউঞ্জ মানৱ নিৰীক্ষণ কেন্দ্ৰ | ||
| ১৪৯–১৫১ | কৰ্পৰেট ছুইট | ||
| ১৪৮ | টপ স্কাই মানৱ নিৰীক্ষণ কেন্দ্ৰত | ||
| ১৩৯–১৪৭ | কৰ্পৰেট ছুইট | ||
| ১৩৬–১৩৮ | যান্ত্ৰিক | ||
| ১২৫–১৩৫ | কৰ্পৰেট ছুইট | ||
| ১২৪ | টপ মানৱ নিৰীক্ষণ কেন্দ্ৰত | ||
| ১২৩ | স্কাই লবী | ||
| ১২২ | At.mosphere ৰেষ্টুৰেণ্ট | ||
| ১১১–১২১ | কৰ্পৰেট ছুইট | ||
| ১০৯–১১০ | যান্ত্ৰিক | ||
| ৭৭–১০৮ | আৱাসিক | ||
| ৭৬ | স্কাই লবী | ||
| ৭৩–৭৫ | যান্ত্ৰিক | ||
| ৪৪–৭২ | আৱাসিক | ||
| ৪৩ | স্কাই লবী | ||
| ৪০–৪২ | যান্ত্ৰিক | ||
| ৩৮–৩৯ | আৰ্মানি হোটেলৰ ছুইট | ||
| ১৯–৩৭ | আৱাসিক | ||
| ১৭–১৮ | যান্ত্ৰিক | ||
| ৯–১৬ | আৰ্মানি ৰেচিডেন্স | ||
| ১–৮ | আৰ্মানি হোটেলৰ | ||
| ভূমি | আৰ্মানি হোটেলৰ লবী | ||
| কনকৰ্চ | আৰ্মানি হোটেলৰ লবী | ||
| বি১–বি২ | পাৰ্কিং, যান্ত্ৰিক |
তথ্যসূত্ৰ
- ↑ (28 December 2009). Inside the Burj Dubai. Maktoob News
- ↑ Burj Khalifa – Structural engineering. Skidmore, Owings & Merrill LLP
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুৰ্জ খালিফা” প্ৰবন্ধৰ সংশোধন ৫৯৬০১৩ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।