নৰ্থব্ৰুক গেট (Northbrook Gate) ১৮৭৪ চনত গুৱাহাটীত, ব্ৰিটিছ ভাইছৰয় ল'ৰ্ড নৰ্থব্ৰুকক গুৱাহাটীত আদৰাৰ অৰ্থে নিৰ্মাণ কৰা হৈছিল। এই গেট বা তোৰণ নিৰ্মাণ কৰা হৈছিল শুক্ৰেশ্বৰ ঘাটত য'ত ভাইছৰয় গৰাকীয়ে অসম ভ্ৰমণৰ সময়ত প্ৰথম পদাৰ্পণ কৰিছিল। ব্ৰিটিছ যুগৰ নিৰ্মাণ-শৈলীৰে নিৰ্মিত এই নৰ্থব্ৰুক গেট হৈছে অসমৰ এই প্ৰকাৰৰ একমাত্ৰ চিহ্ন। যোৱা ১৪০ বছৰ ধৰি ই গুৱাহাটীৰ বুৰঞ্জীৰ বিভিন্ন ঘটনাৰ সাক্ষী হৈ ব্ৰহ্মপুত্ৰ নদৰ পাৰত থিয় হৈ আছে। ব্ৰিটিছ বিষয়া মহলে ইয়াক গেটৱে অৱ আসাম বুলিও অভিহিত কৰিছিল। সাম্প্ৰতিক সময়ত সংৰক্ষণৰ অভাৱত ই নিজৰ অস্তিত্ব ৰক্ষাৰ যুঁজত অৱতীৰ্ণ হব লগা হৈছে।১

বুৰঞ্জী
নৰ্থব্ৰুক গেট গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদৰ দাঁতিত অৱস্থিত আৰু ইয়াক ১৮৭৪ চনৰ ২৭ আগষ্টত সেই সময়ৰ ভাৰতৰ ভাইছৰয় থমাছ জ'ৰ্জ বেৰিঙক (বা ল'ৰ্ড নৰ্থব্ৰুক) আদৰাৰ অৰ্থে নিৰ্মাণ তথা উদ্বোধন কৰা হৈছিল। ইয়াক শুক্ৰেশ্বৰ ঘাটত নিৰ্মাণ কৰা হৈছিল য'ত ভাইছৰয় গৰাকীয়ে কলিকতাৰ পৰা অসমলৈ জাহাজেদি অহোতে প্ৰথম পদাৰ্পণ কৰে। এই গেটখন ল'ৰ্ড কাৰ্জনক গুৱাহাটীত আদৰণি জনোৱাৰ বাবে পুনৰ ব্যৱহাৰ কৰা হয়।২
১৮৭৪ চনত যেতিয়া ল'ৰ্ড নৰ্থব্ৰুকে অসম ভ্ৰমণৰ সিদ্ধান্ত লয়, স্থানীয় প্ৰসাশনে তেওঁক অসমত এক উষ্ণ আদৰণি জনোৱাৰ যো-জা আৰম্ভ কৰে। তেওঁলোকে গেট অৱ অ'নাৰ ৰূপে ব্ৰিটিছ স্থাপত্যৰ আৰ্হিৰে এখন তোৰণ নিৰ্মাণৰ সিদ্ধান্ত লয় আৰু বহু বিচাৰ আৰু আলোচনাৰ অন্তত শুক্ৰেশ্বৰ মন্দিৰৰ দাঁতিত ইয়াক নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰে।৩
গৱৰ্ণৰ জেনেৰেল নৰ্থব্ৰুকৰ জাহাজ ১৮৭৪ চনৰ ২৭ আগষ্টত গুৱাহাটীৰ শুক্ৰেশ্বৰ ঘাটত উপস্থিত হ্য়। তেওক বহুবোৰ টোপ-ধ্বনিৰে আদৰা হয় আৰু সেই আদৰণিৰ পিছত তেখেতে এই নৱ নিৰ্মিত গেট বা তোৰণেৰে গুৱাহাটীত প্ৰৱেশ কৰে। সেইদিনাৰ পৰা ই গুৱাহাটীৰ সন্মানৰ প্ৰতীক হিচাপে চিহ্নিত হৈ আহিছে।
নিৰ্মাণ আৰ্হি
সেই সময়ৰ অসমৰ ব্ৰিটিছ কৰ্ত্তৃপক্ষই ইংলেণ্ডৰ বিখ্যাত কিংছ্ কলেজৰ একে আৰ্হিত ল'ৰ্ড নৰ্থব্ৰুকক আদৰাৰ বাবে গেটখন নিৰ্মাণৰ সিদ্ধান্ত লয়। এই চতুৰ্ভূজ আকৃতিৰ গেটখন সৰ্বমুঠ ১২টা বৃত্তাংশ সদৃশ অংশৰে নিৰ্মিত; দুয়োপিনে দীঘলী ৫ টাকৈ আৰু পথালিয়ে ১ টাকৈ বৃত্তাংশ সদৃশ অংশ আছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰ্থব্ৰুক গেট” প্ৰবন্ধৰ সংশোধন ৬০৩৬১৮ (৩০ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।