বেৰিল লূচী মিল্ছ (ইংৰাজী ভাষা: Beryl Lucy Mills; জন্ম: ৩ জানুৱাৰী ১৯০৭ – ১৩ জুলাই ১৯৭৭) এগৰাকী বিজ্ঞাপন এজেণ্ট, পুথিভঁৰালী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।১ তেওঁ ১৯২৬ চনত মিছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল।২

প্ৰাৰম্ভিক জীৱন
বেৰিল লূচী মিল্ছৰ জন্ম ১৯০৭ চনৰ ৩ জানুৱাৰীত পশ্চিম অষ্ট্ৰেলিয়াৰ ৱাকৱেত হৈছিল। তেওঁ পিতৃ ফ্ৰেংক আৰ্নেষ্ট মিল্ছ আৰু মাতৃ কিটিৰ পঞ্চম সন্তান আছিল। ১৯২৪ চনত পশ্চিম অষ্ট্ৰেলিয়া বিশ্ববিদ্যালয়ৰ জলপানী লাভ কৰি ভাষা অধ্যয়ন কৰাৰ পাছত তেওঁক ক্লেয়াৰমণ্ট ট্ৰেইনিং কলেজত ভৰ্তি কৰা হয়।১
কেৰিয়াৰ
সৌন্দৰ্য ৰাণী
বেৰিল মিল্ছ স্মিথছ নিউজপেপাৰ লিমিটেডৰদ্বাৰা পৰিচালিত প্ৰথম মিছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ এগৰাকী প্ৰতিযোগী আছিল।৩৪ মিছ ৱেষ্ট্ৰেলিয়া হিচাপে প্ৰাৰম্ভিক সফলতা লাভ কৰাৰ পাছত তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু ১৯২৬ চনৰ জুন মাহত চিডনীত জয়লাভ কৰে।১ পুৰস্কাৰ হিচাপে তেওঁ ১০০০ পাউণ্ড, দুখন গাড়ী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰচাৰমূলক ভ্ৰমণৰ সুযোগ পাইছিল।৩৫ এই ভ্ৰমণত তেওঁৰ সৈতে তেওঁৰ মাতৃ আৰু ছাৰ ফ্ৰেংক পেকাৰ গৈছিল আৰু তেওঁ আটলাণ্টিক চিটীত অনুষ্ঠিত মিছ আমেৰিকা প্ৰতিযোগিতাৰ এগৰাকী অতিথি আছিল।১ তেওঁৰ এই ভ্ৰমণত প্ৰেচিডিঅ’ কবৰস্থানত সমাধিস্থ কৰা এজন এনজাক সৈন্যৰ কবৰত পুষ্পমাল্য অৰ্পণ, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় বাৰ্কলে কেম্পাছ ভ্ৰমণ আৰু হোৱাইট হাউচ ভ্ৰমণ অন্তৰ্ভুক্ত আছিল, য’ত তেওঁক ৰাষ্ট্ৰপতি কেলভিন কুলিজক লগ ধৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল।৬
বিজ্ঞাপন এজেণ্ট
১৯২৮ চনত চিডনীত তেওঁ 'বেৰিল মিল্ছ এডভাৰ্টাইজিং চাৰ্ভিচ' প্ৰতিষ্ঠা কৰে আৰু ১৯৩০-ৰ দশকত মেলবৰ্ণলৈ যায়।১৭
ব্যক্তিগত জীৱন
বেৰিল মিল্ছে ১৯২৮ চনৰ ১৯ মাৰ্চত চিডনীৰ ভক্লুজৰ চেইণ্ট মাইকেল এনগ্লিকান চাৰ্চত সাংবাদিক ফ্ৰাঞ্চিস কীথ ডেভিছনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকে মেলবৰ্ণলৈ যায় আৰু তাতেই ১৯৩৫ চনত তেওঁলোকৰ কন্যা জুডিথৰ জন্ম হয়।
১৯৪১ চনত মিল্ছ চিডনীত উপস্থিত হয় আৰু ফ্ৰেংক পেকাৰৰ কনচলিডেটেড প্ৰেছ লিমিটেডত পুথিভঁৰালী হিচাপে কাম কৰিবলৈ লয়। তেওঁ মেজৰ লেছলী গাৰলেণ্ড কেল্ডাৰক লগ পায় আৰু তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈ ১৯৪৬ চনৰ ১৯ ডিচেম্বৰত ভাৰ্জিনিয়াত বিবাহপাশত আবদ্ধ হয়।১ তেওঁ এগৰাকী স্বাভাৱিক আমেৰিকান নাগৰিক হৈ পৰে আৰু স্বামীৰ অৱসৰৰ পিছত ফ্লৰিডালৈ যায়। ১৯৭৭ চনৰ ১৩ জুলাইত ফ্লৰিডাৰ পুণ্টা গৰ্ডাত তেওঁৰ মৃত্যু হয়।
জনপ্ৰিয় সংস্কৃতিত
২০১৯ চনত বেৰিল মিল্ছৰ কাহিনীটোক লৈ দুটা অংকৰ এখন সংগীত নাটক নিৰ্মাণ কৰা হয়। মিছ ৱেষ্ট্ৰেলিয়া শীৰ্ষক এই নাটকখন নিৰ্মাণ কৰিছিল মেডিলিন ক্লাউষ্টন, জেক নীলছন, আমেলিয়া বাৰ্ক আৰু মেথিউ প্ৰেডনীয়ে। ইয়াক পোনপ্ৰথমে পশ্চিম অষ্ট্ৰেলিয়াৰ পাৰ্থৰ দ্য ব্লু ৰূম থিয়েটাৰত প্ৰদৰ্শন কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০২১ চনত ই পশ্চিম অষ্ট্ৰেলিয়াৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শিত হয় আৰু ইয়াৰ নাম সলাই টল পপী: এ নিউ অষ্ট্ৰেলিয়ান মিউজিকেল ৰখা হয়।৮
তথ্যসূত্ৰ
- ↑ Brooke, Marion; Griffen-Foley, Bridget. Beryl Lucy Mills (1907–1977). Australian Dictionary of Biography. National Centre of Biography
- ↑ Australasian Gazette – Miss Australia, Beryl Mills, Leaves for the US on the Sonoma (1926). National Film and Sound Archive
- ↑ Miss Australia: A Nations Quest. National Museum of Australia
- ↑ Conor, Liz. (January 2001). Beauty contestant in the photographic scene. Journal of Australian Studies. পৃ. 33–43
- ↑ Smart, Judith. (January 2001). Feminists, flappers and miss Australia: Contesting the meanings of citizenship, femininity and nation in the 1920s. Journal of Australian Studies. পৃ. 1–15
- ↑ Ustinoff, Julie; Saunders, Kay. (2004). Celebrity, nation and the new Australian woman: Tania Verstak, Miss Australia 1961 (Paper in: Construction Works. Nile, Richard with Tallis, Denise (eds).). Journal of Australian Studies. পৃ. 61–73,187–189. ISBN 978-0-7022-3530-6
- ↑ Dickenson, Jackie. (2016). Australian Women in Advertising in the Twentieth Century. Palgrave Pivot, London. পৃ. 10–23. ISBN 978-1-349-70302-9
- ↑ Live Tracks from Tall Poppy: A New Australian Musical. SoundCloud
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেৰিল মিল্ছ” প্ৰবন্ধৰ সংশোধন ৫৯৯৫৩৮ (১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।