ভেলেৰিয়া মৰালেছ ডেলগাডো (জন্ম: ২ জানুৱাৰী ১৯৯৮) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল, কিন্তু শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।
প্ৰাৰম্ভিক জীৱন
১৯৯৮ চনৰ ২ জানুৱাৰীত মৰালেছৰ জন্ম হৈছিল আৰু তেওঁ কলম্বিয়াৰ কেলিত ডাঙৰ-দীঘল হৈছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ ব্ৰৱাৰ্ড কলেজৰ সামাজিক যোগাযোগ বিষয়ৰ এগৰাকী ছাত্ৰী। তেওঁ 'প্ৰফেচনেল মডেলছ ফেশ্বন একাডেমী'ৰ স্বত্বাধিকাৰী।
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৮
২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত কলম্বিয়াৰ মেডেলিনৰ ক্লাব এল ৰোডিঅ’ত অনুষ্ঠিত প্ৰতিযোগিতাত মৰালেছক মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৮ হিচাপে ঘোষণা কৰা হয়। তেওঁ বিদায়ী মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৭ আৰু মিছ ইউনিভাৰ্ছ ২০১৭-ৰ প্ৰথম ৰানাৰ্ছ-আপ ল’ৰা গঞ্জালেছৰ উত্তৰাধিকাৰী হয়।১
মিছ ইউনিভাৰ্ছ ২০১৮
মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৮ হিচাপে মৰালেছে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৮ প্ৰতিযোগিতাত কলম্বিয়াক প্ৰতিনিধিত্ব কৰিছিল। প্ৰতিযোগিতাখনৰ এগৰাকী অন্যতম শক্তিশালী প্ৰতিযোগী হিচাপে গণ্য কৰা সত্ত্বেও মৰালেছে শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰাত ব্যৰ্থ হয়। ইয়াৰ ফলত ২০১৪ চনৰপৰা ২০১৭ চনলৈ কলম্বিয়াই মিছ ইউনিভাৰ্ছত একেৰাহে লাভ কৰি অহা সফলতাৰ যাত্ৰাত যতি পৰে। মিছ ইউনিভাৰ্ছ কলম্বিয়া হিচাপে নিৰ্বাচিত হোৱাৰ সময়ত ভেলেৰিয়া মৰালেছে স্পেনিছ ট্ৰেন্সজেণ্ডাৰ সুন্দৰী এঞ্জেলা পন্সৰ বিষয়ে কৰা এটা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছিল। তেওঁ কৈছিল, "মিছ ইউনিভাৰ্ছ হৈছে মহিলা হিচাপে জন্মগ্ৰহণ কৰা মহিলাসকলৰ বাবে এখন সৌন্দৰ্য প্ৰতিযোগিতা। আমি সন্মান কৰোঁ কিন্তু তেওঁৰ সৈতে এই মঞ্চখন ভগাই ল’বলৈ একমত নহয়।"
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (17 December 2018). ¿Por qué Valeria Morales no ganó?, hablan los expertos sobre su paso por Miss Universo. www.elpais.com.co
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেৰিয়া মৰালেছ” প্ৰবন্ধৰ সংশোধন ৬১২৯৭১ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।