অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভেলৰী ডমিংগুৱেজ

ভেলৰী ডমিংগুৱেজ তাৰুড (ইংৰাজী: Valerie Domínguez; জন্ম: ১২ জানুৱাৰী ১৯৮১) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল, ডিজাইনাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০০৫ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৬ ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ভেলৰী ডমিংগুৱেজ তাৰুড (ইংৰাজী ভাষা: Valerie Domínguez; জন্ম: ১২ জানুৱাৰী ১৯৮১) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল, ডিজাইনাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০০৫ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৬ ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

তেওঁ [[ইটালী][ৰ মিলানত ফেশ্বন ডিজাইনিং অধ্যয়ন কৰিছিল আৰু কলম্বিয়াত এগৰাকী অলংকাৰ ডিজাইনাৰ (জুৱেলাৰী ডিজাইনাৰ) হিচাপে কাম কৰে।

সৌন্দৰ্য প্ৰতিযোগিতা

ডমিংগুৱেজে মিছ কলম্বিয়া ২০০৫ ত প্ৰতিযোগিতা কৰি জয়লাভ কৰে আৰু লছ এঞ্জেলছত অনুষ্ঠিত হোৱা মিছ ইউনিভাৰ্ছ ২০০৬ ত কলম্বিয়াক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। ডমিংগুৱেজে উক্ত প্ৰতিযোগিতাত শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।১

কেৰিয়াৰ

ভেলৰী তেওঁৰ টেলিভিছনৰ উপস্থিতিৰ বাবেও ব্যাপকভাৱে পৰিচিত। তেওঁ আষ্টা কে লা প্লাটা নছ চিপাৰে ধাৰাবাহিকত 'মেৰিয়ান চাজিৰ' চৰিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ উপৰি তেওঁ কৰ্হে আলী ত্ৰিয়ানাৰ ছবি এষ্টো হুৱেলে মাল-ত 'মানুৱেলা'ৰ চৰিত্ৰত অভিনয় কৰি কলম্বিয়াৰ চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে।২ তেওঁ টেলিভিছন ড্ৰামা এল উল্টিমো মেট্ৰিমনিও ফেলিজি-ৰ অভিনয় শিল্পীৰ দলটোৰ অংশ আছিল।৩ ভেলৰীৰ বেৰেনকুইলাত এখন অলংকাৰৰ দোকান আছে য’ত তেওঁৰ নিজৰ ডিজাইনসমূহ প্ৰদৰ্শন কৰা হয়। তেওঁ অতি সোনকালে বগোটাত আন এখন দোকান খুলিব।

টেলিছিৰিজসমূহ (টেলিনোভেলা)

মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰাৰ পাছত তেওঁ টেলিভিছন জগতত প্ৰৱেশ কৰে আৰু আৰচিএন টেলিভিছনৰ কলম্বিয়ান টেলিনোভেলা এল উল্টিমো মেট্ৰিমনিও ফেলিজি-ত সহ-অভিনেত্ৰী হিচাপে আৰু আষ্টা কে লা প্লাটা নছ চিপাৰে-ত এটা সহযোগী চৰিত্ৰত অভিনয় কৰে।৪ ইয়াৰ উপৰি কৰ্হে আলী ত্ৰিয়ানাৰ বোলছবি এষ্টো হুৱেলে মাল-ত 'মানুৱেলা'ৰ চৰিত্ৰত তেওঁ প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰত অভিনয় কৰে।

তাৰ পিছত তেওঁ চনীৰদ্বাৰা নিৰ্মিত ধাৰাবাহিক লছ কাবালেৰোছ লাছ প্ৰিফিয়েৰেন ব্ৰুটাছ-ত অভিনয় কৰে যিটো লেটিন আমেৰিকাৰ কেবল টেলিভিছনৰ বাবে নিৰ্মাণ কৰা হৈছিল। ইয়াত তেওঁ 'ক্ৰিষ্টিনা'ৰ চৰিত্ৰত অভিনয় কৰে। এই ধাৰাবাহিকখন ইছাবেলা চাণ্টো ডমিংগোৰ একে নামৰ কিতাপখনৰ ওপৰত আধাৰিত। বৰ্তমান তেওঁ ফক্স আৰচিএন টেলি কলম্বিয়াৰদ্বাৰা নিৰ্মিত উন চুৱেনো ইয়ামাডো চালচা নামৰ এখন টেলিনোভেলাত অভিনয় কৰি আছে।

ডমিংগুৱেজক বিয়ণ্ড ব্ৰাদাৰহুড (২০১৭) আৰু ডু ইউ বিলিভ? (২০১৫) বোলছবিত কৰা অভিনয়ৰ বাবেও জনা যায়।৫

ব্যক্তিগত জীৱন

ভেলৰী গায়িকা শাকিৰাৰ সম্পৰ্কীয় ভগ্নী আৰু তেওঁ লেবাণীজ তথা চিৰিয়ান মূলৰ।৬৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 December 2020). (Video) Valerie Domínguez confirma que está embarazada. RCN Radio
  2. ↑ mal-2007 Esto huele mal (2007)
  3. ↑ (2 November 2021). El Último Matrimonio Feliz. El último matrimonio feliz
  4. ↑ Heraldo, El. (5 August 2021). Valerie Domínguez revela cómo recuperó su figura después de dar a luz. EL HERALDO
  5. ↑ Uzcategui, Daniella. (26 October 2017). Beyond Brotherhood. panamun
  6. ↑ Miss Colombia, prima de Shakira. Univision
  7. ↑ (27 November 2018). Conoce a Valerie Domínguez, la espectacular prima de Shakira que triunfa en Instagram

সম্পৰ্কিত শ্ৰেণী

কলম্বিয়াৰ ব্যক্তিমডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলৰী ডমিংগুৱেজ” প্ৰবন্ধৰ সংশোধন ৫৯৬২৫০ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।