অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভিক্টোৰিয়া কেজৰ থেইলভিগ

ভিক্টোৰিয়া কেজৰ থেইলভিগ (ইংৰাজী: Victoria Kjær Theilvig; জন্ম: ১৩ নৱেম্বৰ ২০০৩) এগৰাকী ডেনিছ মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০২৪ৰ মুকুট লাভ কৰিছিল। থেইলভিগ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ডেনিছ মহিলা।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৩৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ভিক্টোৰিয়া কেজৰ থেইলভিগ (ইংৰাজী ভাষা: Victoria Kjær Theilvig; জন্ম: ১৩ নৱেম্বৰ ২০০৩) এগৰাকী ডেনিছ মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০২৪ৰ মুকুট লাভ কৰিছিল। থেইলভিগ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ডেনিছ মহিলা। তেওঁ যোৱা ২০ বছৰৰো অধিক সময়ৰ ভিতৰত এই খিতাপ জিকা প্ৰথমগৰাকী সোণালী চুলিৰ মহিলা।

প্ৰাৰম্ভিক জীৱন

কেজৰ থেইলভিগৰ জন্ম ২০০৩ চনৰ ১৩ নৱেম্বৰত ক’পেনহেগেনৰ উপকণ্ঠ অঞ্চল হাৰ্লেভত হৈছিল আৰু তেওঁ তাতে ডাঙৰ-দীঘল হৈছিল।১ তেওঁ লিংবি হেণ্ডেলছজিমনেচিয়ামত অধ্যয়ন কৰিছিল, য’ত তেওঁ ব্যৱসায় আৰু বিপণন বিষয়ত শিক্ষা গ্ৰহণ কৰিছিল।২১ কেজৰ থেইলভিগ পৰৱৰ্তী সময়ত এগৰাকী পেছাদাৰী নৃত্যশিল্পী হৈ পৰে। ইয়াৰ উপৰি তেওঁ মানসিক স্বাস্থ্য সজাগতা, পশু অধিকাৰ আৰু সৌন্দৰ্য উদ্যোগত উদ্যোগী হোৱাৰ বাবে ওকালতি কৰি আহিছে।২১

সৌন্দৰ্য প্ৰতিযোগিতা

প্ৰাৰম্ভিক পৰ্যায়

কেজৰ থেইলভিগে ২০২১ চনত মিছ ডেনমাৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৌন্দৰ্য প্ৰতিযোগিতাৰ যাত্ৰা আৰম্ভ কৰিছিল, য’ত তেওঁ দ্বিতীয় ৰানাৰ্ছ-আপ হিচাপে স্থান লাভ কৰিছিল।১ ২০২২ চনত তেওঁক মিছ গ্ৰেণ্ড ডেনমাৰ্ক হিচাপে নিযুক্তি দিয়া হয়, যাৰ ফলত তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২২ প্ৰতিযোগিতাত অংশ ল’বলৈ সুযোগ পায় আৰু তাত তেওঁ শীৰ্ষ ২০ গৰাকীৰ ভিতৰত স্থান লাভ কৰে।৩৪৫

মিছ ইউনিভাৰ্ছ ২০২৪

২০২৪ চনত কেজৰ থেইলভিগক মিছ ইউনিভাৰ্ছ ডেনমাৰ্ক হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ কাৰণ আছিল মিছ ডেনমাৰ্ক ২০২৪-ৰ বিজয়ী এমা হেইষ্টে মিছ ইউনিভাৰ্ছ ২০২৪-ত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছিল। হেইষ্টে মিছ ৱৰ্ল্ড ২০২৫-ত অংশগ্ৰহণ কৰিছিল, য’ত তেওঁ কোনো স্থান লাভ কৰিব পৰা নাছিল।

মিছ ইউনিভাৰ্ছ ডেনমাৰ্ক হিচাপে কেজৰ থেইলভিগে ১৬ নৱেম্বৰত মেক্সিকো চিটিত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০২৪-ত অংশগ্ৰহণ কৰে আৰু বিজয়ী সাব্যস্ত হয়। কেজৰ থেইলভিগ মিছ ইউনিভাৰ্ছৰ মুকুট পিন্ধা প্ৰথমগৰাকী ডেনিছ মহিলা আৰু ২০০৪ চনত অষ্ট্ৰেলিয়াৰ জেনিফাৰ হকিন্সৰ পিছত প্ৰথমগৰাকী সোণালী চুলিৰ বিজয়ী।৬৭ ২০০১ চনত কেথাৰিণা চভেনচনে মিছ আৰ্থ জয় কৰাৰ পাছত যিকোনো বৃহৎ আন্তৰ্জাতিক সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন কৰা তেওঁ দ্বিতীয়গৰাকী ডেনিছ মহিলা।৮

প্ৰাৰম্ভিক প্ৰতিযোগিতাৰ সময়ত কেজৰ থেইলভিগে ৰঙা আৰু সোণালী অলংকাৰৰে সজ্জিত এগৰাকী ভাইকিং যোদ্ধা দেৱী হিচাপে ৰাষ্ট্ৰীয় সাজ-পোছাক উপস্থাপন কৰিছিল। তেওঁ শীৰ্ষ পাঁচগৰাকীৰ প্ৰশ্নোত্তৰ শিতানলৈ উন্নীত হৈছিল, য’ত তেওঁক সোধা হৈছিল যে যদি তেওঁ জানিলেহেঁতেন যে কোনেও তেওঁৰ বিচাৰ নকৰে, তেন্তে তেওঁ নিজৰ জীৱনটো কিমান বেলেগকৈ অতিবাহিত কৰিলেহেঁতেন। তেওঁৰ উত্তৰত তেওঁ কৈছিল যে তেওঁ নিজৰ জীৱনৰ একোৱেই সলনি নকৰিলেহেঁতেন আৰু তাৰ পৰিৱৰ্তে জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী বজাই ৰাখিলেহেঁতেন। দ্বিতীয়টো প্ৰশ্নোত্তৰ শিতানত কেজৰ থেইলভিগক তেওঁক চাই থকা মহিলাসকলক সম্বোধন কৰিবলৈ কোৱা হৈছিল। তাৰ প্ৰত্যুত্তৰত তেওঁ মানুহৰ লক্ষ্যৰ প্ৰতি সহনশীলতা আৰু আত্ম-বিশ্বাসৰ ওপৰত এক বাৰ্তা প্ৰদান কৰিছিল।

অনুষ্ঠানৰ শেষত বিদায়ী খিতাপধাৰী নিকৰাগুৱাৰ শ্বেয়ানিছ পালাচিঅ’চে কেজৰ থেইলভিগক মিছ ইউনিভাৰ্ছ ২০২৪-ৰ মুকুট পিন্ধাইছিল।৯ সেই অনুসৰি, তেওঁ মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেচনৰদ্বাৰা সেই বছৰতে উন্মোচন কৰা 'লাইট অফ ইনফিনিটি' নামৰ সোণালী মুকুতাৰ মুকুট পিন্ধা প্ৰথমগৰাকী বিজয়ী হিচাপে পৰিগণিত হয়।

২০২৪ চনৰ নৱেম্বৰ মাহত এম্পায়াৰ ষ্টেট বিল্ডিঙত এটা টিকটক ভিডিঅ’ৰ বাবে "এম্পায়াৰ ষ্টেট অফ মাইণ্ড" গীতটোৰ মূল গীতৰ কথাৰ সৈতে লিপ-চিংক কৰাৰ সময়ত কেজৰ থেইলভিগে এটা জাতিগত অপশব্দ ব্যৱহাৰ কৰাৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল।১০ মিছ ডেনমাৰ্ক অৰ্গেনাইজেচনে তেওঁ সেই শব্দটো উচ্চাৰণ কৰা বুলি অস্বীকাৰ কৰিছিল যদিও ভিডিঅ’টো চাইটটোৰপৰা আঁতৰাই দিয়া হৈছিল।১১

মিছ ইউনিভাৰ্ছ হিচাপে কেজৰ থেইলভিগে মেক্সিকো, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু থাইলেণ্ড ভ্ৰমণ কৰিছে।৯১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Díaz, Francisco Javier. (17 November 2024). ¿Quién es la nueva Miss Universe 2024? Lo que debes saber sobre la ganadora. El Nuevo Día
  2. ↑ Yap, Jade Veronique. (17 November 2024). Who is Miss Universe 2024 Victoria Kjaer Theilvig?. GMA Network
  3. ↑ Bracamonte, Earl D. C. (2022-10-26). Philippines finishes in top 20, Brazil wins Miss Grand International 2022. Philstar.com
  4. ↑ (18 September 2022). Miss Grand Denmark 2022 is Victoria Kjær Theilvig & More Latest News Here. ABC News
  5. ↑ (26 October 2022). Philippines finishes in top 20, Brazil wins Miss Grand International 2022. Philstar Global
  6. ↑ Konstantinides, Anneta. (17 November 2024). 20 Miss Universe contestants who made history during the 2024 pageant. Business Insider. Yahoo!
  7. ↑ (17 November 2024). Victoria Kjær Theilvig of Denmark is crowned the 73rd Miss Universe. Associated Press
  8. ↑ Bolledo, Jairo. (2024-11-17). Victoria Kjær Theilvig wins Miss Universe 2024, the first crown for Denmark. RAPPLER
  9. ↑ (17 November 2024). Denmark's Victoria Kjaer Theilvig is Miss Universe 2024. PUSH.COM.PH
  10. ↑ Grover, Ashima. (November 26, 2024). Miss Universe 2024 faces backlash for using racial slur atop Empire State Building in viral video. MSN
  11. ↑ Harrington, Grace. (November 25, 2024). Miss Universe Under Fire After Lip-Syncing Racial Slur in Viral Video. Daily Beast
  12. ↑ (January 19, 2025). Miss Universe 2024, Victoria Kjær Theilvig, was among the attendees at the 'Hispanic Inaugural Ball'. Hola! USA

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া কেজৰ থেইলভিগ” প্ৰবন্ধৰ সংশোধন ৫৯৬১৭৮ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।