অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভানেছা মেণ্ডোজা

ভানেছা আলেকজেণ্ড্ৰা মেণ্ডোজা বাষ্টোচ (জন্ম: ২৫ জুলাই ১৯৮১), যি ভানেছা মেণ্ডোজা নামেৰে অধিক পৰিচিত, এগৰাকী কলম্বিয়ান ৰাজনীতিবিদ, অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভানেছা আলেকজেণ্ড্ৰা মেণ্ডোজা বাষ্টোচ (জন্ম: ২৫ জুলাই ১৯৮১), যি ভানেছা মেণ্ডোজা নামেৰে অধিক পৰিচিত, এগৰাকী কলম্বিয়ান ৰাজনীতিবিদ, অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০১ চনৰ মিছ কলম্বিয়াৰ মুকুট লাভ কৰিছিল আৰু এই খিতাপ জয় কৰা তেওঁ আছিল প্ৰথমগৰাকী এফ্ৰ’-কলম্বিয়ান (কৃষ্ণাংগ) মহিলা।

জীৱনী

মেণ্ডোজাৰ জন্ম ১৯৮১ চনত কলম্বিয়াৰ চ’কো বিভাগৰ কুইবড’ত হৈছিল। তেওঁ উনগুয়া নামৰ এখন সৰু চহৰত ডাঙৰ-দীঘল হৈছিল। মেণ্ডোজাৰ শৈশৱ দৰিদ্ৰতাৰ মাজেৰে অতিবাহিত হৈছিল আৰু তেওঁ পিতৃ-মাতৃৰ ষোল্লগৰাকী সন্তানৰ ভিতৰত অন্যতম আছিল। তেওঁ সৰু থাকোঁতেই পিতৃৰ মৃত্যু হোৱাত মাতৃয়ে গোটেই পৰিয়ালটোৰ দায়িত্ব ল’বলগীয়া হৈছিল। পৰিয়ালটোৱে চৰম অভাৱৰ সন্মুখীন হোৱা সত্ত্বেও ভানেছাই সৰুৰেপৰাই মডেল হোৱাৰ আগ্ৰহ দেখুৱাইছিল আৰু সেই দিশত আগবাঢ়িছিল।

২০০১ চনত মেণ্ডোজা মিছ চ’কো নিৰ্বাচিত হয়। সেই বছৰটোত মিছ কলম্বিয়া প্ৰতিযোগিতাখনে বৰ্ণবাদৰ বিতৰ্কৰ সন্মুখীন হৈছিল। প্ৰথম ৰানাৰ্ছ-আপ কনছুৱেলো গুজমান পাৰাক পৰাস্ত কৰি তেওঁ প্ৰথমগৰাকী কৃষ্ণাংগ মিছ কলম্বিয়া হিচাপে পৰিগণিত হয়। বৰ্ণবাদৰ বদনাম মচিবলৈকে তেওঁক বিজয়ী কৰা হৈছে বুলি একাংশই সন্দেহ কৰিছিল যদিও মেণ্ডোজা কলম্বিয়ানসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল। তেওঁক মানুহে মৰমতে "ব্লেক বাৰ্বী" বুলি মাতিছিল। বিজয়ৰ পিছত কাৰ্টাজেনাত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল, য’ত তেওঁ নিজৰ জাতি আৰু দেশক প্ৰতিনিধিত্ব কৰাৰ সংকল্প ঘোষণা কৰিছিল।

মেণ্ডোজাই আন্দ্ৰিয়া নোচেটিৰ পিছত মিছ কলম্বিয়াৰ দায়িত্ব গ্ৰহণ কৰে। ২০০১ চনৰ প্ৰতিযোগিতাখনৰ তেৱেঁই আছিল একমাত্ৰ প্ৰতিযোগী যিয়ে প্ৰতিযোগিতাৰ বাবে প্লাষ্টিক চাৰ্জাৰী কৰা বুলি স্বীকাৰ কৰা নাছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০০২ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পোছাকৰ বঁটা লাভ কৰে।

২০০৫ চনৰ ২ মাৰ্চত তেওঁ আৰু আমেৰিকাৰ কমেডিয়ান ক্ৰিচ টকাৰে বেনেডিক্ট কলেজত এক বক্তৃতা প্ৰদান কৰিছিল।

ৰাজনীতি

তেওঁ কংগ্ৰেছত কৃষ্ণাংগ সংখ্যালঘুৰ আসনত জয়লাভ কৰে আৰু ২০১৭ চনৰপৰা ২০১৮ চনলৈ কলম্বিয়াৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।১ কলম্বিয়াৰ ১০ শতাংশ কৃষ্ণাংগ সংখ্যালঘুৰ বাবে নিম্ন সদনৰ ১৬৬খন আসনৰ ভিতৰত দুখন আসন সংৰক্ষিত থাকে।২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (28 October 2017). Admiten demanda contra llamado a exreina Vanessa Mendoza para curul afro. www.elpais.com.co
  2. ↑ colombiareports. (2017-07-07). Former Miss Colombia to represent black minority in Congress. Colombia News · Colombia Reports

সম্পৰ্কিত শ্ৰেণী

মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানেছা মেণ্ডোজা” প্ৰবন্ধৰ সংশোধন ৫৯৬০৯৯ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।