ভেৰোনা পুথ (ইংৰাজী ভাষা: Verona Pooth; জন্ম: ৩০ এপ্ৰিল ১৯৬৮) এগৰাকী জাৰ্মান অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ১৯৯৩ চনৰ মিছ জাৰ্মানী আৰু মিছ ইণ্টাৰকণ্টিনেণ্টেলৰ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৩ প্ৰতিযোগিতাত জাৰ্মানীক প্ৰতিনিধিত্ব কৰিছিল।১
প্ৰাৰম্ভিক জীৱন
পুথৰ জন্ম বলিভিয়াৰ লা পাজত ভেৰোনা ফেল্ডবাচ নামেৰে হৈছিল। তেওঁৰ পিতৃ এজন জাৰ্মান অভিযন্তা আৰ্নষ্ট ফেল্ডবাচ আৰু মাতৃ বলিভিয়ান কেশসজ্জাশিল্পী লুইচা ফেল্ডবাচ (১৯৩৫–২০১৫)।২ ১৯৭৮ চনত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়। পুথ তেওঁৰ মাতৃৰ সৈতে পিতৃৰ জন্ম চহৰ হামবাৰ্গত ডাঙৰ-দীঘল হৈছিল।
কেৰিয়াৰ
সৌন্দৰ্য প্ৰতিযোগিতা
পুথে নব্বৈৰ দশকত কেইবাখনো সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ নিম্নলিখিত সৌন্দৰ্য প্ৰতিযোগিতাসমূহৰ চূড়ান্ত পৰ্যায়ত বিজয়ী হৈছিল: মিছ হামবাৰ্গ (১৯৯২), মিছ জাৰ্মানী (১৯৯৩), মিছ ইণ্টাৰকণ্টিনেণ্টেল (১৯৯৩), আৰু মিছ আমেৰিকান ড্ৰিম (১৯৯৫)।
চলচ্চিত্ৰ আৰু টেলিভিছন

পুথে ১৯৯৬ চনৰপৰা ১৯৯৯ চনলৈ কামোদ্দীপক টিভি অনুষ্ঠান পিপ পৰিচালনা কৰিছিল৩ আৰু ১৯৯৮ চনৰপৰা ২০০০ চনলৈ তেওঁৰ নিজাকৈ লেট-নাইট কমেডী টকশ্ব’ ভেৰোনাছ ৱৰ্ল্ড চলাইছিল।৪ ১৯৯৮ চনত তেওঁ আমেৰিকান ধাৰাবাহিক কোনান দ্য এডভেন্সাৰৰ এটা খণ্ডত অভিনয় কৰিছিল। ১৯৯৯ চনত অন দ্য উইংছ অফ লাভ ছবিৰ জৰিয়তে পুথে চলচ্চিত্ৰ জগতত খোজ পেলায় আৰু নব্বৈ তথা ২০০০ৰ দশকত আন কেইবাখনো ছবিত অভিনয় কৰে। ২০০৫ চনৰপৰা তেওঁ কিছুমান কাৰ্টুন চৰিত্ৰৰ বাবে কণ্ঠদান কৰিছে, যাৰ আৰম্ভণি হৈছিল চিকেন লিটল ছবিৰ জৰিয়তে।৫
পুথে স্ক্ৰিপ্টেড ৰিয়েলিটী টিভি শ্ব’ দ্য স্বান – এনডলিচ স্কন! (২০০৪)৬ আৰু এঞ্জেল ইম ইনছাটজ – মিট ভেৰোনা পুথ (২০০৮) উপস্থাপন কৰিছিল।৭ তেওঁ টিভি শ্ব’ পুল চেম্পিয়নছ – প্ৰমিছ এণ্টাৰ ৱাছাৰৰ (২০১৩) বিচাৰকৰ আসনত আছিল৮ আৰু ৬ মাটাৰ (২০১৭) অনুষ্ঠানত নিজৰ পৰিয়ালৰ জীৱন আৰু শিক্ষাৰ বিষয়ে ব্যক্তিগত ধাৰণা আগবঢ়াইছিল।৯
পুথে ২০০৪ আৰু ২০০৬ চনত জাৰ্মান বাম্বি বঁটা লাভ কৰিছিল।১০
অন্যান্য প্ৰচেষ্টা
১৯৯০ চনত পুথক সংগীত গোষ্ঠী চকলেটত যোগদান কৰিবলৈ কোৱা হৈছিল আৰু তেওঁ "ৰিটোম ডি লা নোচে" শীৰ্ষক একক গীত পৰিৱেশন কৰিছিল।
তেওঁ টেলিভিছনৰ কেইবাটাও বিজ্ঞাপন অভিযানৰ মুখপাত্ৰ হিচাপে কাম কৰিছে, যেনে— টেলিগেট,১১ ইগলো,১২ এক্সপো ২০০০১৩ আৰু কিকৰ বাবে।১৪
পুথে ১৯৯০ চনত হামবাৰ্গত ইমাৰচোন লেবেলৰ অধীনত নিজাকৈ ফেশ্বন সংগ্ৰহ প্ৰস্তুত কৰিছিল। ২০০২ চনৰপৰা ২০০৪ চনলৈ তেওঁ ভেৰোনাছ ড্ৰিমছ লেবেলৰ অধীনত অলংকাৰ আৰু অন্তৰ্বাসৰ ব্যৱসায় কৰিছিল।১৫ ২০০৭ চনৰপৰা তেওঁ ছো... পাৰফেক্ট নামৰ এক প্ৰসাধন সামগ্ৰী ব্ৰেণ্ডৰ স্বত্বাধিকাৰী।১৬
ব্যক্তিগত জীৱন
১৯৯৬ চনৰ আগষ্ট মাহত পুথে জাৰ্মান মনোৰঞ্জনকাৰী তথা সংগীতজ্ঞ ডিটৰ বোহলেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ১৯৯৭ চনৰ মে' মাহত এই বিবাহ বিচ্ছেদ হয়।১৭ ২০০৪ চনত তেওঁ জাৰ্মান উদ্যোগী ফ্ৰাঞ্জো পুথৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৮ তেওঁলোকৰ ছান ডিয়েগো আৰু ৰক্কো আৰ্নষ্টো নামৰ দুটা পুত্ৰ সন্তান আছে।১৯
চলচ্চিত্ৰপঞ্জী
| বছৰ | নাম | চৰিত্ৰ | পৰিচালক |
|---|---|---|---|
| ১৯৯৯ | অন দ্য উইংছ অফ লাভ | ৰিকাৰ্ডা | গেব্ৰিয়েল বাৰিলি |
| ১৯৯৯ | হেইৰাট মি! | মালগৰ্জাটা কাৱালেৰোৱিকজ | ডগলাছ ৱল্ফচপাৰ্জাৰ |
| ২০০০ | ২০০১: এ স্পেচ ট্ৰেভেষ্টি | য়েটা পুচেল | এলান এ গোল্ডষ্টেইন |
| ২০০১ | ড্ৰাইভেন | নিল | ৰেনী হাৰ্লিন |
তথ্যসূত্ৰ
- ↑ Fraser, Catherine C.; Hoffmann, Dierk O. (2006). Pop Culture Germany!: Media, Arts, and Lifestyle. ABC-CLIO. পৃ. 238–. ISBN 9781851097388
- ↑ (11 September 2013). Star Datenbank - Verona Pooth
- ↑ Peep!. fernsehserien.de
- ↑ Veronas Welt
- ↑ Himmel und Huhn (2005). synchronkartei.de
- ↑ Lückerath, Thomas. (30 March 2007). Verona Pooth klagt gegen "The Swan"-Produzent. DWDL
- ↑ ENGEL IM EINSATZ - MIT VERONA POOTH. RTL2
- ↑ Die Pool Champions. RTL
- ↑ Große Liebe, kleine Frotzeleien
- ↑ » Preisträger Suche - BAMBI. bambi.de
- ↑ Bieker, Christian; Masur, Jens. (26 October 2005). Ciao, Verona!. FOCUS ONLINE
- ↑ Albrecht, Jörg. (21 June 2001). Rettet den Blubb!. ZEIT ONLINE
- ↑ (13 July 2000). Verona Feldbusch wirbt für die Expo. SPIEGEL ONLINE
- ↑ (26 December 2014). KiK sagt nach fünf Jahren "Danke, Verona!". kik-blog.de
- ↑ WELT. (23 January 2008). VERONA POOTH. Die Welt
- ↑ Huber, Joachim. (9 April 2008). RTL 2 trennt sich von Verona Pooth. TAGESSPIEGEL
- ↑ (21 June 2013). Verona Pooth und Dieter Bohlen: Erste Begegnung nach zehn Jahren. T-ONLINE
- ↑ Verona. Discogs
- ↑ (21 June 2013). "Wie bei der Bundeswehr": So hart erzieht die Werbe-Ikone Sohn San Diego. T-ONLINE
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেৰোনা পুথ” প্ৰবন্ধৰ সংশোধন ৬১৩৭৮৬ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।