সাহিত্যিক
২৭১ প্ৰবন্ধ
-
ম’য়া কেনন
ম’য়া কেনন ( Moya Cannon; জন্ম: ১৯৫৬) এগৰাকী আইৰিছ লেখিকা আৰু কবি আৰু তেওঁৰ সাতখন প্ৰকাশিত সংকলন আছে, শেহতীয়াকৈ মানচেষ্টাৰৰ Carcanet Pressৰ পৰা ২০২১ চনত কবিতা সংকলন প্ৰকাশ পায়।
-
য়'ক' টাৱাডা
য়'ক' টাৱাডা (多和田葉子 Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা এগৰাকী জাপানী লেখক। তেওঁ জাপানী আৰু জাৰ্মান দুয়োটা ভাষাতে লিখে।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
-
য়িয়ুন লি
য়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰাকী লেখক। অলেখ পুৰস্কাৰ আৰু প্ৰশংসাৰে তেওঁৰ গল্প আৰু উপন্যাসে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।
-
লক্ষ্মী চান্দ জৈন
লক্ষ্মী চান্দ জৈন (Lakshmi Chand Jain; জন্ম:১৯২৫-মৃত্যু:২০১০) এগৰাকী ৰাজনৈতিক এক্টিভিষ্ট আৰু লেখক। পিছলৈ বিভিন্ন সময়ত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে, দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে, বান্ধ সম্পৰ্কীয় বিশ্ব আয়োগৰ (WCD) সদস্য হিচাপে আৰু ভাৰতীয় সমবায় সংঘ আৰু সৰ্বভাৰতীয় হস্তশিল্প…
-
লাছলো ক্ৰাছনাহৰ্কাই
লাছলো ক্ৰাছনাহৰ্কাই ((জন্ম হৈছিল: ৫ জানুৱাৰী ১৯৫৪ চনত) হ'ল এজন হাঙ্গেৰীৰ ঔপন্যাসিক আৰু চিত্ৰনাট্যকাৰ। তেওঁক ২০২৫ চনৰ সাহিত্যৰ নোবেল বঁটা দিয়া হৈছে। সাহিত্যৰ নবেল বঁটা পোৱাৰ আগেয়ে ২০১৫ চনত তেওঁ পুৰুষৰ আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছিল।
-
লায়লা সাৰাহাত ৰুশানী
লায়লা সাৰাহাত ৰুশানী (প্ৰায় ১৯৫২-৫৪ – ২১ জুলাই ২০০৪) এগৰাকী আফগান কবি আছিল। তেওঁৰ প্ৰথম নাম লায়লা ৰূপেও পোৱা যায়। আৰু কাবুল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল। তেওঁৰ ভগ্নী অষ্ট্ৰেলিয়াত মৃত্যু মুখত পৰিছিল আৰু তাৰ পাছতেই তেওঁৰ মাতৃৰো মৃত্যু হয়। তেওঁ প্ৰধানকৈ আধুনিক ফাৰ্চী কবিতাৰ সংকলন প্ৰকাশ কৰিছিল।
-
শঙ্কু মহাৰাজ
শঙ্কু মহাৰাজ (৭ মাৰ্চ ১৯৩১ - ১৮ অক্টোবৰ ২০০৪; প্ৰকৃত নাম জ্যোতিৰ্ময় ঘোষদস্তিদাৰ) হ'ল বাংলা সাহিত্যৰ সুপৰিচিত ভ্ৰমণকাহিনী লেখক।
-
শেহনাজ মুন্নী
শেহনাজ মুন্নী (Shahnaz Munni, জন্ম ১৯৬৯) এগৰাকী বাংলাদেশী সাংবাদিক, কবি আৰু লেখক। ২০১৬ চনৰ জানুৱাৰী মাহৰপৰা তেওঁ ঢাকাস্থিত টেলিভিছন চেনেল নিউজ ২৪ৰ মুখ্য নিউজ এডিটৰ ৰূপে কৰ্মৰত। শেহনাজ শিশু কল্যাণমূলক কাম-কাজৰ সৈতে জড়িত।
-
শ্বাৰ্ল পেৰ'
শ্বাৰ্ল পেৰ’ (ইংৰাজী: Charles Perrault; ১২ জানুৱাৰী ১৬২৮ – ১৬ মে’ ১৭০৩) আছিল এগৰাকী ফৰাচী লেখক আৰু ফৰাচী একাডেমীৰ সদস্য। তেওঁ পূৰ্বৰ লোককথা বা সাধুকথাৰপৰা সমল লৈ ১৬৯৭ চনত প্ৰকাশ কৰা ইষ্টোৱাৰ উ কঁত দ্যু তঁ পাছে নামৰ কিতাপখনৰ জৰিয়তে এক নতুন সাহিত্যিক ধাৰা অৰ্থাৎ সাধুকথাৰ আধাৰশিলা স্থাপন কৰিছিল।
-
শ্বেনা মেকে
শ্বেনা মেকে এফ আৰ এছ এল (জন্ম ৬ জুন ১৯৪৪) এডিনবাৰ্গত জন্মগ্ৰহণ কৰা এজন স্কটিছ ঔপন্যাসিক। ১৯৯৬ চনত দ্য অৰ্চাৰ্ড অন ফায়াৰৰ বাবে বুকাৰ প্ৰাইজ ফৰ ফিকচনৰ বাবে চৰ্টলিষ্ট কৰা হয় আৰু ২০০৩ চনত হেলিগোলেণ্ডৰ বাবে হুইটব্ৰেড প্ৰাইজ আৰু অৰেঞ্জ প্ৰাইজ ফৰ ফিকচনৰ বাবে চৰ্টলিষ্ট কৰা হয়।
-
শ্যাম চেলভাডুৰাই
শ্যাম চেলভাডুৰাই (Shyam Selvadurai; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৬৫) কানাডাস্থিত এগৰাকী শ্ৰীলংকান লেখক। তেওঁক ঘাইকৈ তেওঁৰ ১৯৯৪ চনৰ উপন্যাস ‘ফানি বয়’ৰ বাবে জনা যায়। এই উপন্যাসখনে বুকচ্ ইন কানাডা প্ৰথম উপন্যাস বঁটা লাভ কৰিছিল।
-
সুনীতি নামযোশী
সুনীতি নামযোশী (Suniti Namjoshi; জন্ম:১৯৪১) হৈছে এগৰাকী কবি আৰু কাহিনী কথক। ব্ৰিটিছ ভাৰতৰ অধীনত মুম্বাইত তেওঁৰ জন্ম হৈছিল। মুম্বাইত ডাঙৰ-দীঘল হৈছিল যদিও কৰ্মসূত্ৰে সুনীতি কানাডাত আছিল আৰু বৰ্তমান তেওঁ তেওঁৰ ইংৰাজ লেখক স্বামী গিলিয়ান হেন্সকম্বৰ সৈতে ইংলেণ্ডৰ দক্ষিণপশ্চিমাঞ্চলত বাস কৰে।
-
সুমুখী সুৰেশ
সুমুখী সুৰেশ (Sumukhi Suresh) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ষ্টেণ্ড আপ কমেডিয়ান, লেখক আৰু পৰিচালক। হাস্যৰসময়ী স্কেচৰ বাবে তেওঁ পৰিচিত যিবোৰ তেওঁ লিখে আৰু পৰিবেশন কৰে। হিন্দুস্তান টাইমছে এটা অনলাইন প্ৰবন্ধত সুমুখী সুৰেশক "ভাৰতৰ টিনা ফেই" বুলি উল্লেখ কৰিছে।
-
সেৱাষ্টি কিৰিয়াজী
সেৱাষ্টি কিৰিয়াজী-ডাকো (Sevasti Qiriazi) (আনুমানিক ১৮৭১–১৯৪৯) এগৰাকী আলবেনিয়ান দেশপ্ৰেমিক, শিক্ষাবিদ, প্ৰটেষ্টেণ্ট মিছনেৰী, লেখিকা, আলবেনিয়ান মহিলা শিক্ষাৰ পথ প্ৰদৰ্শক আৰু আলবেনিয়ান ৰাষ্ট্ৰীয় জাগৰণৰ কৰ্মী আছিল।
-
সোনা চৰাইপোত্ৰা
সোনা চৰাইপোত্ৰা (Sona Charaipotra)এগৰাকী ভাৰতীয়-এমেৰিকান কল্পকাহিনী লেখক আৰু মনোৰঞ্জন আৰু জীৱনশৈলী বিষয়ক সাংবাদিক। ‘পেৰেড ডট কম’(Parade.com) ত লিখা তেওঁৰ ‘ৱাই এ’ শৃংখলা টাইনি প্ৰীতি থিংচ্ৰ বাবে তেওঁক ঘাইকৈ জনা যায়।
-
স্মৃতা জৈন
স্মৃতা জৈন (জন্ম: ৩১ জানুৱাৰী ১৯৮৩, ভাৰতৰ নতুন দিল্লীত) বৰ্তমান নিউয়ৰ্ক চহৰত বাস কৰা এগৰাকী ভাৰতীয় ডিজাইনাৰ, শিল্পী, ফটোগ্ৰাফাৰ, কবি, লেখক আৰু ডিজাইনৰ শিক্ষাবিদ। তেওঁ দুখন কিতাপ ৰচনা আৰু ডিজাইন কৰিছে। সেইকেইখন হৈছে: ফেট ফ্ৰী চিংৰা (২০১৮ চনত মুক্তি পোৱা) আৰু ক্ৰিয়েটিং দুৰ্গা (২০১৩)।
-
হাইদৰ হুছেইন
হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।
-
হাফিজ শ্বিৰাজী
হাফিজ শ্বিৰাজী (خواجه شمسالدین محمد حافظ شیرازی, আনুমানিক ১৩১৫ – ১৩৯০) আছিল এজন ইৰানী ছুফী কবি, যিয়ে পাৰ্চী ভাষাত গজল লিখি অতুলনীয় খ্যাতি লাভ কৰিছিল। তেওঁৰ কাব্যৰ সংকলন "দিওয়ান-ই-হাফিজ" আজিও ইৰানী সাহিত্য আৰু সংস্কৃতিত অত্যন্ত প্ৰসিদ্ধ।
-
হিৰমি কাৱাকামি
হিৰমি কাৱাকামি (Hiromi Kawakami; 川上 弘美, জন্ম:১৯৫৮) এগৰাকী জাপানী সাহিত্যিক; যাক তেওঁৰ অসামান্য কল্পকাহিনী, কবিতা আৰু সাহিত্য সমালোচনাৰ বাবে জনা যায়। তেওঁ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য তানজাকি প্ৰাইজ, দ্য য়মিউৰি প্ৰাইজ তথা আইজুমি প্ৰাইজকে ধৰি বহুকেইটি জাপানী সাহিত্য বঁটা লাভ…
-
হুমা চফদাৰ
হুমা চফদাৰ ( Huma Safdar, উৰ্দু: ہما صفدر) এগৰাকী শিক্ষক, নাট্য শিল্পী, পাঞ্জাবী ভাষাৰ সমাজ সচেতক কৰ্মী তথা নাৰীবাদী নাট্য “সংগত”ৰ পৰিচালক। এগৰাকী শিল্পী হিচাপে তেওঁ পঞ্জাৱ লোক ৰহছৰ সৈতে কাম কৰিছিল। লাহোৰ ব্যাকৰণ বিদ্যালয়ত কলা আৰু পাঞ্জাবী ভাষাৰ শিক্ষয়িত্ৰী হিচাপে অধ্যাপনা কৰি আহিছে।
-
হেনা দাস
হেনা দাস (Hena Das; ১২ ফেব্ৰুৱাৰী, ১৯২৪ – ২০ জুলাই, ২০০৯) আছিল বাংলাদেশৰ নাৰী জাগৰণ আন্দোলনৰ তেওঁৰ সময়ৰ এগৰাকী উল্লেখযোগ্য অৱদানকাৰী। তেওঁ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী আছিল আৰু ব্ৰিটিছ বিৰোধী আন্দোলন, ভাষা-আন্দোলন, ঊনসত্তৰৰ গণ-অভ্যুত্থান তথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামকে ধৰি বহুকেইটা আন্দোলনৰ…
-
ৰং ৱংসাৱন
নাৰং ৱংসাৱন ( থাই: ณรงค์ วงษ์สวรรค์; ২০ মে' ১৯৩২ – ১৫ মাৰ্চ ২০০৯) এগৰাকী থাই লেখক আৰু সাংবাদিক। তেওঁ ৰং ৱংসাৱন (থাই ভাষাত: 'รงค์ วงษ์สวรรค์) নামেৰে লেখা-মেলা কৰিছিল। তেওঁৰ সৰহসংখ্যক লেখা আছিল অৰ্ধ-আত্মজীৱনীমূলক।
-
ৰমেশ চন্দ্ৰ কলিতা
ৰমেশ চন্দ্ৰ কলিতা (Ramesh Chandra Kalita) হৈছে এজন ইতিহাসবিদ, অধ্যাপক, লেখক, পাঠ্যপুথি ৰচক আৰু সম্পাদক। তেওঁ ভাৰত আৰু অসমৰ ইতিহাস বিষয়ক বহুকেইখন গ্ৰন্থ প্ৰণয়ন কৰিছে। তেখেতে তেজপুৰ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল।
-
ৰাজিয়া খান
ৰাজিয়া খান আমিন (Razia Khan Amin; জন্ম:১৯৩৬ – ২৮ ডিচেম্বৰ ২০১১) হৈছে এগৰাকী বাংলাদেশী লেখক, কবি আৰু শিক্ষাবিদ। ইয়াৰ উপৰিও তেওঁ আছিল; বাতৰি কাকতৰ এগৰাকী সাংবাদিক, থিয়েটাৰ অভিনেতা আৰু স্তম্ভলেখক। অন্যান্য সন্মানৰ লগতে খানে ১৯৫৬ চনত পি.ই.এন. ড্ৰামা বঁটা আৰু ১৯৭৫ চনত বাংলা একাডেমী বঁটা লাভ কৰিছিল।
-
ৰাজীৱ মালহোত্ৰা
ৰাজীৱ মালহোত্ৰা (Rajiv Malhotra) (জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৫০) ভাৰতত জন্মগ্ৰহণ কৰা এজন আমেৰিকীয় সোঁপন্থী হিন্দুত্ববাদী মতাদৰ্শবিদ৷ তেওঁ ভাৰতীয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইনফিনিটি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক৷ ইয়াৰ লগতে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ তিব্বতী বৌদ্ধ টেংগ্যুৰ অনুবাদৰ প্ৰকল্পৰ বাবেও ধন…
-
ৰাতিহ হাৰ্ডজোনো
ৰাতিহ হাৰ্ডজোনো ( Ratih Hardjono; জন্ম: ৬ ডিচেম্বৰ ১৯৬০) কম্পাছ নামৰ ইণ্ডোনেছিয়াৰ বাতৰি কাকতৰ এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখক আৰু এগৰাকী জনসংযোগ পৰামৰ্শদাতা। তেওঁৰ প্ৰথমখন কিতাপ 'হোৱাইট ট্ৰাইব অৱ এছিয়াত অষ্ট্ৰেলিয়াৰ সংস্কৃতি, ইতিহাস আৰু ৰাজনীতিৰ আলোচনা, ১৯৯৩ চনত প্ৰকাশ পায়।
-
ৰাম শ্ৰী মুগালী
ৰাম শ্ৰী মুগালী (ৰংগনাথ শ্ৰীনিবাস মুগালী) (১৯০৬ চনৰ ১৫ জুলাই – ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী) এগৰাকী কানাড়া ভাষাৰ সাহিত্যিক আছিল। ১৯৫৬ চনত তেওঁ "কানাড়া সাহিত্য চৰিত" ৰচনাৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে।
-
ৰীতা কোঠাৰী
ৰীতা কোঠাৰী (Rita Kothari; জন্ম: ৩০ জুলাই, ১৯৬৯) এগৰাকী গুজৰাটী আৰু ইংৰাজী ভাষাৰ লেখক আৰু অনুবাদক। জন্মসূত্ৰে কোঠাৰী ভাৰতীয় গুজৰাটী। এগৰাকী সিন্ধী ৰূপে নিজা পৰিচয় আৰু স্মৃতি সংৰক্ষণৰ মানসেৰে, কোঠাৰীয়ে ভাৰত বিভাজন আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ক বহুকেইখন কিতাপ লিখিছে।
-
ৰেজা আল্লামেজাদেহ
ৰেজা আল্লামেজাদেহ (ফাৰ্চী:رضا علامهزاده) হৈছে নেদাৰলেণ্ডত বসবাস কৰা ইৰাণত জন্মগ্ৰহণ কৰা এজন ডাচ চলচ্চিত্ৰ নিৰ্মাতা, চলচ্চিত্ৰ সমালোচক আৰু লেখক। তেওঁ মূলতঃ শৰণাৰ্থীসকলৰ ওপৰত নিৰ্মিত চলচ্চিত্ৰ যেনে দ্য গেষ্টছ অৱ হোটেল এষ্টোৰিয়া (১৯৮৮) আৰু ইৰাণৰ ইছলামিক শাসন-ব্যৱস্থাৰদ্বাৰা ইউৰোপত বিৰোধী নেতাসকলক…