অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজিয়া খান

ৰাজিয়া খান আমিন (Razia Khan Amin; জন্ম:১৯৩৬ – ২৮ ডিচেম্বৰ ২০১১) হৈছে এগৰাকী বাংলাদেশী লেখক, কবি আৰু শিক্ষাবিদ। ইয়াৰ উপৰিও তেওঁ আছিল; বাতৰি কাকতৰ এগৰাকী সাংবাদিক, থিয়েটাৰ অভিনেতা আৰু স্তম্ভলেখক। অন্যান্য সন্মানৰ লগতে খানে ১৯৫৬ চনত পি.ই.এন. ড্ৰামা বঁটা আৰু ১৯৭৫ চনত বাংলা একাডেমী বঁটা লাভ কৰিছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৪ ২২০ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাজিয়া খান আমিন (Razia Khan Amin; জন্ম:১৯৩৬ – ২৮ ডিচেম্বৰ ২০১১) হৈছে এগৰাকী বাংলাদেশী লেখক, কবি আৰু শিক্ষাবিদ।১ ইয়াৰ উপৰিও তেওঁ আছিল; বাতৰি কাকতৰ এগৰাকী সাংবাদিক, থিয়েটাৰ অভিনেতা আৰু স্তম্ভলেখক।১ ঢাকা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত তেওঁ অধ্যাপনা কৰিছিল। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বাংলাদেশ চৰকাৰে তেওঁক ১৯৯৭ চনত একুছে বঁটা প্ৰদান কৰিছিল।২ অন্যান্য সন্মানৰ লগতে খানে ১৯৫৬ চনত পি.ই.এন. ড্ৰামা বঁটা আৰু ১৯৭৫ চনত বাংলা একাডেমী বঁটা লাভ কৰিছিল।৩

তেওঁৰ উল্লেখযোগ্য সাহিত্য কৰ্মসমূহ হ’ল; চিত্ৰকাব্য, বট তলৰ উপন্যাস, অনুকল্প, পদাতিক আৰু দ্ৰৌপদী। ইয়াৰে দ্ৰৌপদী শীৰ্ষক বাংলাদেশৰ মুক্তিযুদ্ধ ভিত্তিক উপন্যাসখন ইংৰাজীলৈ অনূদিত হৈছে। তেওঁৰ কাব্য সংকলন দুখন হৈছে ক্ৰমে Argus under Anaesthesia (১৯৭৬) আৰু ক্ৰুৱেল এপ্ৰিল (১৯৭৭)।

শিক্ষা আৰু কৰ্মজীৱন

খানৰ দেউতাক মৌলৱী তামিজুদ্দিন খান এগৰাকী ৰাজনীতিবিদ তথা সমাজকৰ্মী আছিল।৪৫

খানে ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজীত স্নাতক তথা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰি উচ্চশিক্ষাৰ বাবে ব্ৰিটিছ কাউন্সিলৰপৰা বৃত্তি লৈ বাৰ্মিংহাম বিশ্ববিদ্যালয়লৈ গৈছিল।৬কিশোৰী অৱস্থাত তেওঁ ঠাকুৰ, মাক্সিম গ’ৰ্কী, বাৰ্ণাৰ্ড শ্ব, মাৰ্ক্স আৰু এংগেলছ অধ্যয়ন কৰিছিল।৩

খানে তেতিয়াৰ ইংৰাজী দৈনিক পাকিস্তান অৱজাৰ্ভাৰৰ সম্পাদনা মণ্ডলীত যোগদান কৰি (পিছলৈ কাকতখনৰ নাম দ্য বাংলাদেশ অৱজাৰ্ভাৰলৈ সলনি কৰা হৈছিল) নিয়মিতভাৱে ব্যংগ কলম কালচাৰ কেটল লিখিছিল। পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ ফেকাল্টি মেম্বাৰ হিচাপে যোগদান কৰে।১ তেওঁ বাংলাদেশৰ ‘ইউনিভাৰচিটি অৱ লিবাৰেল আৰ্টচ’ৰ ডীন হিচাপেও কৰ্মৰত আছিল।

১৮ বছৰ বয়সত, ১৯৫৮ চনত, তেওঁ তেওঁৰ প্ৰথমখন উপন্যাস বট তলৰ উপন্যাস লিখিছিল।৬ প্ৰকাশৰ পিছতে উপন্যাসখনে এক আলোড়নৰ সৃষ্টি কৰিছিল।৩যদিও গল্প আৰু উপন্যাসেৰে তেওঁ লেখক জীৱন আৰম্ভ কৰিছিল, কবি হিচাপে তেওঁ প্ৰসিদ্ধি লাভ কৰিছিল। বিশিষ্ট শিক্ষাবিদ আৰু মানৱ অধিকাৰ কৰ্মী ড° হামিদা হুছেইনে ৰাজিয়া খানৰ কবিতাৰ প্ৰসংগত কৈছিল;

"ৰাজিয়া খানে সদায় অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল। তেওঁৰ কবিতা আছিল মানুহৰ বাবে অনুপ্ৰেৰণাৰ উৎস। ষাঠিৰ দশকত, তেওঁৰ দৰে লেখকে সেই সময়ছোৱাত হোৱা সামৰিক শাসনৰ বিৰুদ্ধে মুকলিকৈ লিখিবলৈ আৰু কথা পাতিবলৈ মানুহৰ বাবে এক স্থান সৃষ্টি কৰিছিল। লেখনিৰে তেওঁ আনকি নিজৰ বাবে এক বিপদসংকুল ৰাস্তা তৈয়াৰ কৰিছিল। নিজৰ মাজত কঢ়িয়াই ফুৰা এখন আভ্যন্তৰীণ পৃথিৱী আৰু এই লৈ চলা বিবাদো তেওঁ কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰিছিল।" ৩

ব্যক্তিগত জীৱন

খানে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নুৰুল আমিনৰ দ্বিতীয় জ্যেষ্ঠ পুত্ৰ আনৱাৰুল আমিন মাখনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। আনৱাৰুল আমিন মাখন বিচিচিআই বাংলাদেশৰ প্ৰাক্তন জেনেৰেল মেনেজাৰ আছিল আৰু বিদেশত (লণ্ডনত) বাংলাদেশ বেংকৰ প্ৰথম শাখা খুলিছিল।৭ এই দম্পতীৰ দুটি সন্তান আছিল ক্ৰমে বেংকাৰ কাইজাৰ তামিজ আমিন আৰু সাংবাদিক আশা মেহৰিন আমিন।৮৯

গ্ৰন্থপঞ্জী

উপন্যাস

  • বট তলৰ উপন্যাস (নভেল অৱ দ্য ৱেচাইড, ১৯৫৯)
  • অনুকল্প (দ্য অলটাৰনেটিভ, ১৯৫৯)
  • প্ৰতিচিত্ৰ (দ্য ব্লু প্ৰিণ্ট, ১৯৭৫)
  • চিত্ৰ কাব্য (Picturesque Verses, ১৯৮০)
  • হে মহাজীৱন (অ’! ইটাৰনেল লাইফ, ১৯৮৩)
  • দ্ৰৌপদী (১৯৯২)৬
  • পদাতিক (দ্য পেডেষ্ট্ৰিয়ান, ১৯৯৬)
  • Brhastonir
  • শিখৰ হিমাদ্ৰীৰ
  • বন্দী বিহংগ৬

স্বীকৃতি

  • পেন লে ৰাইটিং এৱাৰ্ড (১৯৫৬)
  • পোপ গল্ড মেডেল (১৯৫৭)
  • বাংলা একাডেমী লিটাৰেৰী এৱাৰ্ড (১৯৭৫)
  • কমৰ মুস্তাৰি গল্ড মেডেল (১৯৮৫)
  • একুছে পদক (১৯৯৭)
  • লেখিকা সংঘ গল্ড মেডেল (১৯৯৮)৬
  • দ্ৰোহী কথা-সাহিত্যিক আব্দুৰ ৰৌফ চৌধুৰী স্মৃতি বঁটা (১৯৯৯)
  • অনন্যা সাহিত্য বঁটা (২০০৩)৬

তথ্যসূত্ৰ

  1. ↑ (28 December 2013). Razia Khan Amin's 2nd anniversary of death today. The Daily Star
  2. ↑ bn:একুশে পদকপ্ৰাপ্ত সুধীবৃন্দ. Government of Bangladesh
  3. ↑ (Nov 28). In Silent Dignity. www.thedailystar.net/in-silent-dignity-52166
  4. ↑ (2012-01-01). Those who passed on…. The Daily Star
  5. ↑ (2022-02-08). Maulvi Tamizuddin Khan: A Celebration Of Courage. Bangladesh on Record
  6. ↑ Shamim Ahsan. (31 October 2003). An Unpretentious Writer. The Daily Star
  7. ↑ Syeda, Maisha. (18 December 2021). Anwarul Amin’s memoir revisits the first Bangladeshi bank established abroad. The Daily Star (Bangladesh)
  8. ↑ Mazumder, Ershad. (2011). ব্যাঙ্কাৰদেৰ সামাজিক দায়বদ্ধতা ও মানবিকতা. ৰাস্তা থেকে বলছি
  9. ↑ (16 February 2022). সাহিত্যিক ৰাজিয়া খানেৰ জন্মদিন আজ. NewsG24

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিসাহিত্যিককবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজিয়া খান” প্ৰবন্ধৰ সংশোধন ৪১৩৩৪৯ (২১ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।