অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাম শ্ৰী মুগালী

ৰাম শ্ৰী মুগালী (ৰংগনাথ শ্ৰীনিবাস মুগালী) (১৯০৬ চনৰ ১৫ জুলাই – ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী) এগৰাকী কানাড়া ভাষাৰ সাহিত্যিক আছিল। ১৯৫৬ চনত তেওঁ "কানাড়া সাহিত্য চৰিত" ৰচনাৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে।

হালনাগাদ: ২৯ জুলাই ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰাম শ্ৰী মুগালী (ৰংগনাথ শ্ৰীনিবাস মুগালী) (১৯০৬ চনৰ ১৫ জুলাই – ১৯৯৩ চনৰ ২০ ফেব্ৰুৱাৰী) এগৰাকী কানাড়া ভাষাৰ সাহিত্যিক আছিল। ১৯৫৬ চনত তেওঁ "কানাড়া সাহিত্য চৰিত" ৰচনাৰ বাবে কেন্দ্ৰীয় সাহিত্য অকাডেমীৰ সন্মান লাভ কৰে। ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ টুমকুৰ জিলাৰ ছিদ্গংগাত অনুষ্ঠিত ৪৪সংখ্যক কানাড়া সাহিত্য সন্মিলনৰ সভাপতি আছিল।

প্ৰাথমিক জীৱন

ব্ৰিটিছ ভাৰতৰ গদাগ জিলাৰ ৰন তালুকৰ হোল আলুৰ দেশস্থ মাধৱ ব্ৰাহ্মণ পৰিয়ালত১ মুগালিৰ জন্ম হৈছিল। ১৯৩৩ চনত তেওঁ সাংলিৰ উইলিংডন কলেজত কানাড়া ভাষাৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। উইলিংডনত তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত আছিল লেখক সুবন্না একুণ্ডি আৰু গংগাধৰ ভি চিত্তল। ১৯৬৬ চনত মুগালিয়ে উইলিংডন কলেজৰ অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৬৭ চনৰপৰা ১৯৭০ চনলৈ বাংগালুৰু বিশ্ববিদ্যালয়ৰ কানাড়া বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল। ১৯৯২ চনৰ ২০ ফেব্ৰুৱাৰীত বাংগালুৰুত মুগালৰ মৃত্যু হয়।

কৃতি

  • কানাড়া সাহিত্য চৰিত
  • কানাড়া সাহিত্য চৰিত্ৰে - আধুনিক কানাড়া সাহিত্য চৰিত্ৰে সহিতা
  • কানাড় সাহিত্য বিমৰ্ষে থাটৱিকা বিবেচানে
  • বেন্দ্ৰে কাব্য
  • সাহিত্যোপাসনে
  • শ্ৰী শ্ৰী অৰবিন্দ মকৰন্দ
  • পুনৰ্ণৱোদয় মট্টু সাহিত্যপাসনে
  • প্ৰাচীন কানাড়া সাহিত্য ৰূপাগুৰু
  • কানাড়া কাব্য সঞ্চয়
  • শ্ৰী অৰবিন্দৰ সাবিত্ৰী
  • অগ্নিবৰ্ণ
  • নৱ মানৱ
  • বাছিগা
  • অপ্ৰ কৰুণে
  • ওম শান্তি
  • কাৰাণ পুৰুষ মট্টু বালুৰী
  • আন্না
  • ধনজয়া
  • এটিদা কাই
  • ৰান্নানা কৃতি ৰত্না
  • কান্নদাদা কাৰে
  • মাতেমবুদু জ্যোতিৰ্লিংগ

উৎস

তথ্যসূত্ৰ

  1. ↑ Pritish Nandy. (1974). The Illustrated Weekly of India, Volume 95, Part 4. Bennett, Coleman & Company, Limited, at the Times of India Press. পৃ. 31

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসাহিত্য অকাডেমি বঁটা বিজয়ীকৰ্ণাটকৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম শ্ৰী মুগালী” প্ৰবন্ধৰ সংশোধন ৬২১১২৬ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।