অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হিৰমি কাৱাকামি

হিৰমি কাৱাকামি (Hiromi Kawakami; 川上 弘美, জন্ম:১৯৫৮) এগৰাকী জাপানী সাহিত্যিক; যাক তেওঁৰ অসামান্য কল্পকাহিনী, কবিতা আৰু সাহিত্য সমালোচনাৰ বাবে জনা যায়। তেওঁ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য তানজাকি প্ৰাইজ, দ্য য়মিউৰি প্ৰাইজ তথা আইজুমি প্ৰাইজকে ধৰি বহুকেইটি জাপানী সাহিত্য বঁটা লাভ…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হিৰমি কাৱাকামি (Hiromi Kawakami; 川上 弘美, জন্ম:১৯৫৮) এগৰাকী জাপানী সাহিত্যিক; যাক তেওঁৰ অসামান্য কল্পকাহিনী, কবিতা আৰু সাহিত্য সমালোচনাৰ বাবে জনা যায়। তেওঁ তেওঁৰ সাহিত্যিক অৱদানৰ বাবে আকুটাগৱা প্ৰাইজ, দ্য তানজাকি প্ৰাইজ, দ্য য়মিউৰি প্ৰাইজ তথা আইজুমি প্ৰাইজকে ধৰি বহুকেইটি জাপানী সাহিত্য বঁটা লাভ কৰিছে। তেওঁ লেখাৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাণ হোৱাৰ লগতে তেওঁৰ লেখা প্ৰায় ১৫ টা ভাষালৈ অনুবাদ হৈছে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫৮ চনত কাৱাকামিৰ জন্ম হৈছিল আৰু চুগিনামিৰ ওচৰৰ তাকাইড’ত তেওঁ ডাঙৰ-দীঘল হৈছিল।১ ১৯৮০ চনত তেওঁ অ’চান’মিজু ৱুমেনচ্ কলেজৰপৰা স্নাতক ডিগ্ৰী লয়।২

কৰ্মজীৱন

স্নাতক ডিগ্ৰী লোৱাৰ পিছত কাৱাকামিয়ে এনডব্লিউ-এছএফৰ বাবে লিখা আৰু সম্পাদনা কৰিবলৈ আৰম্ভ কৰে। এইখন আছিল এখন জাপানী কল্প বিজ্ঞান আলোচনী।৩ ১৯৮০ চনত তেওঁৰ চুটি গল্প সু-সিম’কু এনডব্লিউ-এছএফত প্ৰকাশ হয়।২ তেওঁ মাধ্যমিক স্কুল আৰু হাইস্কুলত বিজ্ঞানো পঢ়াইছিল; কিন্তু তেওঁৰ স্বামীয়ে কামৰ বাবে নিবাসস্থান সলনি কৰাৰ পিছত কাৱাকামি গৃহিণী হৈ পৰে।৪১

১৯৯৪ চনত, ৩৬ বছৰ বয়সত, ‘কামিচামা’ (গড) শীৰ্ষক চুটি গল্পৰ সংকলনৰ সৈতে কল্প-কাহিনী কথক হিচাপে কাৱাকামিয়ে আত্মপ্ৰকাশ কৰে।৪ ১৯৯৬ চনত ‘হেবি ৱ ফুমি’ (ট্ৰেড অন আ স্নেক)-এ জাপানৰ অন্যতম সন্মানীয় সাহিত্য বঁটা আকুটাগৱা প্ৰাইজ লাভ কৰে।৫ পিছত ইয়াক ‘ৰেকৰ্ড অৱ আ নাইট টু ব্ৰিফ’ শীৰ্ষকেৰে ইংৰাজীলৈ অনুবাদ কৰা হয়।৬ তেওঁ ২০০১ চনত তেওঁৰ উপন্যাস ‘চেনচেই ন’ কাবান’ (দ্য ব্ৰিফকেছ অ’ৰ ষ্ট্ৰেঞ্জ ৱেডাৰ ইন ট’কিঅ’)ৰ বাবে তানিজাকি বঁটা লাভ কৰিছিল, যি হৈছে ত্ৰিশ বছৰীয়া এগৰাকী মহিলা আৰু তেওঁৰ প্ৰাক্তন শিক্ষক, সত্তৰৰ দশকৰ এজন পুৰুষৰ মাজত বন্ধুত্ব আৰু ৰোমাঞ্চৰ বিষয়ে এক প্ৰেমকাহিনী।৭ ফুকুশিমা দাইচি পাৰমাণৱিক দুৰ্যোগৰ পিছত, কাৱাকামিয়ে তেওঁৰ প্ৰথম চুটি গল্প ‘কামিচামা’ (গড) পুনৰ লিখিছিল, মূল প্লটটো একে ৰাখি ফুকুশিমাৰ ঘটনাবোৰ কাহিনীটোত অন্তৰ্ভুক্ত কৰিছিল।৮

২০১৪ চনত, কাৱাকামিৰ ২০০৩ চনৰ একে নামৰ উপন্যাসৰ ওপৰত আধাৰিত আৰু য়ুটাকা টেকেনুচি আৰু মাচিক’ অ’ন’ অভিনীত ‘নিশিনো য়ুকিহিক’ ন’ কই টু ব’কেন’ চলচ্চিত্ৰখন জাপানত দেশজুৰি মুক্তি দিয়া হয়।৯ সেই বছৰেই কাৱাকামিৰ উপন্যাস ‘চুইচেই’ (水声) Bungeishunjūয়ে প্ৰকাশ কৰে। চুইচেইয়ে ২০১৫ চনত ৬৬ তম ইয়োমিউৰি বঁটা লাভ কৰিছিল, বাছনি সমিতিৰ সদস্য য়’ক’ অ’গাৱাই সাহিত্যৰ দিগন্ত সম্প্ৰসাৰিত কৰাৰ বাবে কিতাপখনৰ প্ৰশংসা কৰিছিল।১০ ২০১৬ চনত ক’দানশাৰ দ্বাৰা প্ৰকাশিত কাৱাকামিৰ ১৪ টা চুটি গল্পৰ সংকলন ‘অ’কিনা ত’ৰি নি চাৰাৱাৰেনি য়’’ই (大きな鳥にさらわれないよう), ৪৪তম ইজুমি কিয়ুকা প্ৰাইজ ফ’ৰ লিটাৰেচাৰ লাভ কৰে।১১

তথ্যসূত্ৰ

  1. ↑ Kawakami, Hiromi. 作家の読書道:第7回 川上 弘美さん. WEB本の雑誌
  2. ↑ (March 13, 2017). Japan Society Book Club: Record of a Night Too Brief by Hiromi Kawakami. Japan Society of the UK
  3. ↑ Ashley, Mike. (2007). Gateways to Forever: The Story of the Science-fiction Magazines from 1970 to 1980. Liverpool University Press
  4. ↑ (May 2, 2018). どっち派? 川上弘美と小川洋子
  5. ↑ Flanagan, Damian. (May 27, 2017). 'Record of a Night Too Brief': Hiromi Kawakami uncoils life's mysteries with an exploration of dreams. The Japan Times
  6. ↑ Larson, M. W. (July 19, 2017). The Folkloric and the Fantastic: Hiromi Kawakami's "Record of a Night Too Brief". Los Angeles Review of Books
  7. ↑ 谷崎潤一郎賞受賞作品一覧 (List of Tanizaki Prize Award Winners). Chuo Koron Shinsha
  8. ↑ Dejima, Yukiko. (September 15, 2016). Japan after 3/11: Global Perspectives on the Earthquake, Tsunami, and Fukushima Meltdown. University Press of Kentucky
  9. ↑ 宇田川, 幸洋. (February 8, 2014). ニシノユキヒコの恋と冒険. Nikkei Style
  10. ↑ (February 2, 2015). 小説賞 川上弘美 「水声」. Yomiuri Shimbun
  11. ↑ (October 13, 2016). 泉鏡花文学賞 川上弘美さんが受賞. Mainichi Shimbun

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তিসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিৰমি কাৱাকামি” প্ৰবন্ধৰ সংশোধন ৬৩১৪১০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।