শ্যাম চেলভাডুৰাই (Shyam Selvadurai; জন্ম: ১২ ফেব্ৰুৱাৰী, ১৯৬৫) কানাডাস্থিত এগৰাকী শ্ৰীলংকান লেখক।১ তেওঁক ঘাইকৈ তেওঁৰ ১৯৯৪ চনৰ উপন্যাস ‘ফানি বয়’ৰ বাবে জনা যায়। এই উপন্যাসখনে বুকচ্ ইন কানাডা প্ৰথম উপন্যাস বঁটা লাভ কৰিছিল।২ ইয়াৰোপৰি সমকামী কল্প সাহিত্য ৰূপে কিতাপখনক লাম্বডা সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছিল।৩
পৃষ্ঠভূমি
চেলভাডুৰাইৰ জন্ম হৈছিল শ্ৰীলংকাৰ কলম্বোত। তেওঁৰ মাতৃ আছিল এগৰাকী সিংহলী আৰু পিতৃ এজন তামিল। তেওঁলোকে পৰস্পৰবিৰোধী জাতিগত সংঘাত থকা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছিল আৰু এই সংঘাতে চেলভাডুৰাইৰ লেখাক প্ৰভাৱিত কৰাই নহয়, ইয়ে আছিল তেওঁৰ লেখাৰ প্ৰধান বিষয়বস্তু।৩ ১৯৮৩ চনত সংঘটিত হোৱা জাতিগত সংঘাতৰ বাবেই পৰিয়ালটো কানাডালৈ প্ৰব্ৰজন কৰিবলৈ বাধ্য হয়। তেতিয়া চেলভাডুৰাইৰ বয়স আছিল মাত্ৰ ঊনৈশ বছৰ।৩ ১৯৮৯ চনত শ্যাম য়ৰ্ক বিশ্ববিদ্যালয়ৰ থিয়েটাৰ শ্ৰেণীত (য়ৰ্ক ইউনিভাৰচিটি ফৰ থিয়েটাৰ) ভৰ্তি হয় আৰু তাৰপৰা ফাইন আৰ্টত স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত তেওঁ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা সৃষ্টিশীল লেখাত এম এফ এ অৰ্থাৎ ফাইন আৰ্টৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৪ ১৯৯৭ চনত শ্ৰীলংকাত থকাৰ সময়ত শ্যাম আৰু তেওঁৰ সংগীয়ে সন্মুখীন হোৱা অসুবিধা তথা অস্বস্তি সম্পৰ্কে শ্যামে ‘কামিং আউট’ শীৰ্ষকেৰে এটি প্ৰৱন্ধ লিখিছিল আৰু টাইম এছিয়াই ২০০৩ চনত এছিয়ান প্ৰব্ৰজনকাৰীসকলৰ বিষয়ত প্ৰকাশ কৰা এটি বিশেষ সংখ্যাত এই প্ৰৱন্ধটো প্ৰকাশ কৰিছিল। ৩
কৰ্মজীৱন
চেলভাডুৰাইৰ ‘ফানি বয়’ উপন্যাসখন ১৯৯৪ চনত প্ৰকাশ হৈছিল আৰু ১৯৯৮ চনত প্ৰকাশ হৈছিল তেওঁৰ দ্বিতীয়খন উপন্যাস ‘চিনামন গাৰ্ডেনচ্’।৫
২০০৪ চনত, চেলভাই ‘ষ্টৰি ৱালা: চৰ্ট ফিকচন ফ্ৰম চাউথ এছিয়ান ৰাইটাৰ্ছ’ শীৰ্ষক এখন চুটি গল্প সংকলন সম্পাদনা কৰে, য’ত অন্যসকলৰ লগতে চলমান ৰুছদি, মণিকা আলি আৰু হানিফ কুৰেছিৰ গল্প অন্তৰ্ভুক্ত আছিল। ২০০৫ চনত তেওঁৰ এখন প্ৰাপ্তবয়স্ক উপন্যাস ‘চুইমিং ইন দ্য মনচুন চি’ প্ৰকাশ পায়। এই কিতাপখনে ২০০৬ চনত শিশু আৰু যুৱ সাহিত্য শ্ৰেণীত লাম্বডা সাহিত্য বঁটা লাভ কৰে।৩ তেওঁ TOK: Writing the New Toronto Book 1 লৈ অৱদান আগবঢ়াইছে।.৬
২০১৩ চনত তেওঁৰ চতুৰ্থখন উপন্যাস ‘দ্য হাংগ্ৰি ঘ’ষ্ট’ প্ৰকাশ হয়। ২০১৩ চনত চেলভাডুৰাইৰ ‘ফানি বয়’ক মাদুৰাইৰ দ্য আমেৰিকান কলেজৰ ইংৰাজী বিভাগৰ স্নাতক শ্ৰেণীৰ প্ৰান্তীয় অধ্যয়ন আৰু সমকামী সাহিত্যৰ অধীনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়।৭ ২০১৪ চনত তেওঁক চেক্সুৱেল আইডেণ্টিফিকেচন বিষয়ক ইচ্ছ্যুসমূহৰ উন্নতি আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে টৰন্টো বিশ্ববিদ্যালয়ৰ দ্য মাৰ্ক এছ বনহাম চেণ্টাৰ ফৰ চেক্সুৱেল ডাইভাৰচিটি ষ্টাডিজৰ পৰা বনহাম চেণ্টাৰ বঁটা প্ৰদান কৰা হয়।৮
২০২০ চনত দীপা মেহতাৰ পৰিচালনাত চেলভাডুৰাইৰ উপন্যাসৰ অভিযোজন ফানি বয় ছবিখন মুকলি হয়।৯ ২০২১ চনত অনুষ্ঠিত হোৱা নৱম কানাডিয়ান স্ক্ৰীণ এৱাৰ্ডত মেহতা আৰু চেলভাডুৰাইয়ে এই চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্যৰ বঁটা (Best Adapted Screenplay) লাভ কৰিছিল।১০
২০২২ চনত, বুদ্ধৰ পত্নী যশোধৰাক বিষয় ৰূপে লিখা তেওঁৰ বুৰঞ্জীমূলক উপন্যাস মেনচনচ্ অৱ দ্য মুন প্ৰাকাশ পায়।১১
ব্যক্তিগত জীৱন
শ্যাম বৰ্তমান তেওঁৰ সংগী এণ্ড্ৰিউ চেম্পিয়নৰ সৈতে টৰণ্টোত বাস কৰে।১২
২০১৬ চনত, মকৰাৰ এটি প্ৰজাতিক চেলভাৰ নামেৰে বৃগনলিয়া শ্যামি নামাকৰণ কৰা হয়। এইটো এটা সৰু প্ৰজাতিৰ মকৰাৰ, যাৰ ৰং শেঁতা হালধীয়া ৰঙৰ আৰু ইয়াৰ দৈৰ্ঘ্য ১.৪ মিলিমিটাৰৰ পৰা ১.৫ মিলিমিটাৰৰ ভিতৰত হয়।১৩
গ্ৰন্থপঞ্জী
- ফানি বয়, Toronto: McClelland and Stewart, ১৯৯৪ (আৰু অন্যবোৰ)। শ্ৰেষ্ঠ সমকামী পুৰুষ উপন্যাসৰ বাবে ‘লাম্বডা সাহিত্য বঁটা’ আৰু ১৯৯৪ চনৰ ‘বুকচ ইন কানাডা ফাৰ্ষ্ট নভেল’ বঁটা।
- চিনামন গাৰ্ডেনচ্, Toronto: McClelland and Stewart, ১৯৯৮
- চুইমিং ইন দ্য মনচুন চি, Toronto: Tundra, ২০০৫; ২০০৬ চনত শিশু আৰু যুৱ সাহিত্য শ্ৰেণীত লাম্বডা সাহিত্য বঁটা।
- ষ্টৰি ৱালা: চৰ্ট ফিকচন ফ্ৰম চাউথ এছিয়ান ৰাইটাৰ্ছ, New York: Houghton Mifflin, ২০০৫ (সম্পাদক)
- দ্য হাংগ্ৰি ঘ’ষ্ট (উপন্যাস), Toronto: Doubleday Canada, ২০১৩
- মেনি ৰ’ডচ থ্ৰু পেৰেডাইজ:এন এন্থলজি অৱ শ্ৰী লংকান লিটাৰেচাৰ, London: Penguin Books Limited, ২০১৪ (সংকলক আৰু অনুবাদক)
- মেনচনচ্ অৱ দ্য মুন, ২০২২১৪
তথ্যসূত্ৰ
- ↑ Val Ross, "Shyam Selvadurai: a writer of two worlds". The Globe and Mail, March 23, 1995
- ↑ "Toronto immigrant wins best first-novel award". Ottawa Citizen, March 18, 1995
- ↑ Paul Chafe, "Shyam Selvadurai". The Canadian Encyclopedia, April 2, 2012
- ↑ shyamselvadurai.com/wp-content/uploads/2022/04/R
- ↑ Allan Gould, "Cinnamon Gardens' exoticism worth savouring". Windsor Star, November 21, 1998
- ↑ (Fall 2006). TOK: Writing the New Toronto, Book 1. Zephyr Press
- ↑ (2014-10-24). Making gender flexible - Madurai. The Hindu
- ↑ (2014-03-19). The 2014 Bonham Centre Awards Gala celebrates Power of the Word on April 24, 2014, honouring authors and writers who have contributed to the public understanding of sexual diversity in Canada. Pennant Media Group
- ↑ Radheyan Simonpillai, "Deepa Mehta’s Funny Boy to premiere on Netflix" . Now, October 15, 2020
- ↑ Naman Ramachandran, "‘Schitt’s Creek,’ ‘Blood Quantum’ Triumph at Canadian Screen Awards". Variety, May 21, 2021
- ↑ shyamselvadurai.com/
- ↑ Hunn, Deborah. (2006). Selvadurai, Shyam. Glbtq.com
- ↑ Van Koeverden, Jane. Spider Species named for Michael Ondaatje, Shyam Selvadurai. CBC. Canadian Broadcasting Corporation
- ↑ "66 works of Canadian fiction to watch for in spring 2022". CBC Books, January 11, 2022
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্যাম চেলভাডুৰাই” প্ৰবন্ধৰ সংশোধন ৫২৯৩৮৪ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।