সাহিত্যিক
২৭১ প্ৰবন্ধ
-
নিকোলাই অষ্টৰভস্কি
নিকোলাই আলেক্মেভিচ অষ্ট্ৰয়ভষ্কি (Nicolai Alekseyevich Ostrovsky) হ'ল সমাজতান্ত্ৰিক বাস্তৱতা যুগৰ লেখক। নিকোলাই অষ্ট্ৰয়ভষ্কিৰ এখন বিখ্যাত উপন্যাস হ'ল 'পাগত উঠা তীখা' ( How the Steel was Tempered)। এই উপন্যাসখন বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে।
-
নিৰ্মল বাৰ্মা
নিৰ্মল বাৰ্মা (জন্ম,৩ এপ্ৰিল ১৯২৯ –মৃত্যু, ২৫ অক্টোবৰ ২০০৫) এজন হিন্দী লেখক, ঔপন্যাসিক, কৰ্মী, অনুবাদক। তেখেতক হিন্দী সাহিত্যৰ 'নয়ী কাহানি' সাহিত্য আন্দোলনৰ অন্যতম পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। তেওঁৰ প্ৰথম গল্প সংকলন 'পৰিন্দে'ক ইয়াৰ প্ৰথম উদাহৰণ হিচাপে গণ্য কৰা হয়।
-
পাৰ্থজিৎ বৰুৱা
পাৰ্থজিৎ বৰুৱা (Parthajit Baruah) অসম, ভাৰতৰ এগৰাকী তথ্যচিত্ৰ-নিৰ্মাতা, প্ৰযোজক, চলচ্চিত্ৰ-নিৰ্মাতা, চলচ্চিত্ৰ-সমালোচক, চলচ্চিত্ৰ-ইতিহাসকাৰ, গৱেষক, লেখক আৰু প্ৰবক্তা৷ তেওঁ এতিয়ালৈকে কেইবাখনো তথ্যচিত্ৰ নিৰ্মাণ কৰিছে৷ ২০১৪ চনত লক্ষ্মী ওৰাং– ৰাইজিং ফ্ৰম দ্য গ্ৰেভ শীৰ্ষক তথ্যচিত্ৰখনৰ জৰিয়তে চৰ্চালৈ…
-
প্ৰলহাদ কেশৱ আত্ৰে
প্ৰলহাদ কেশৱ আত্ৰে ( (জন্ম: ১৩ আগষ্ট ১৮৯৮ – মৃত্যু: ১৩ জুন ১৯৬৯), জনপ্ৰিয়ভাৱে আচাৰ্য আত্ৰে নামেৰে পৰিচিত, এজন বিশিষ্ট মাৰাঠী সাহিত্যিক, কবি, শিক্ষাবিদ, মাৰাঠা (এখন মাৰাঠী ভাষাৰ বাতৰি কাকত)ৰ প্ৰতিষ্ঠাপক–সম্পাদক চলচ্চিত্ৰ নিৰ্মাতা আৰু সৰ্বোপৰি এজন বিখ্যাত বক্তা।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
ফাটবাৰ্ধা গেগা
ফাটবাৰ্ধা গেগা (Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।
-
ফেৰেইডুন ফাৰোখজাদ
ফেৰেইডুন ফাৰোখজাদ (Fereydoun Farrokhzad) তেওঁৰ টেলিভিছন ভেৰাইটি শ্ব' দ্য ছিলভাৰ কাৰ্নেচনৰ বাবে বেছিকৈ পৰিচিত, এই শ্ব'য়েই বহু শিল্পীক চিনাকি কৰাই দিছিল আৰু অভিনয় জগতখনত; যেনে এবি, লেইলা ফ'ৰৌহাৰ, শ্বোহৰেহ, ছাত্তাৰ, হায়েদেহ, আৰু বহুতো।
-
ফৈজুন্নেছা চৌধুৰাণী
নৱাব বেগম ফৈজুন্নেছা চৌধুৰাণী (Nawab Begum Faizunnesa Choudhurani; ১৮৩৪-১৯০৩) বৰ্তমানৰ বাংলাদেশৰ কমিল্লা জিলাৰ হোমনাবাদ পশ্চিমগাঁও ইষ্টেটৰ জমিদাৰ আছিল। তেওঁ বিশেষকৈ নাৰী শিক্ষা আৰু অন্যান্য সামাজিক সমস্যাৰ বাবে তেওঁৰ প্ৰচাৰৰ বাবে জনাজাত।
-
ফ্লোৰেন্স ব্লেক
ফ্ল'ৰেন্স গিনিজ ব্লেক এগৰাকী আমেৰিকাৰ নাৰ্ছ আছিল। ১৯৫৪ চনত ব্লেকে তেওঁৰ ক্লাছিক গ্ৰন্থ দ্য চাইল্ড, হিজ পেৰেণ্টছ এণ্ড দ্য নাৰ্ছ লিখিছিল। তেওঁ আন দুখন শিশু নাৰ্চিং পাঠ্যপুথি এচেন্সিয়েলছ অৱ পেডিয়াট্ৰিক নাৰ্চিং আৰু নাৰ্চিং কেয়াৰ অৱ চিলড্ৰেনৰ সহ-লেখক আছিল।
-
বাংলা ভাষাৰ মহিলা কবি
বাংলা ভাষাৰ মহিলা কবিসকলে বাংলা সাহিত্যত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। প্ৰাচীন কালৰ পৰা আধুনিক সময়লৈকে বহু মহিলা কবিয়ে সমাজ, প্ৰেম, বিদ্ৰোহ, আৰু নাৰীবাদৰ বিষয়বস্তু লৈ কবিতা ৰচনা কৰিছে।
-
বাবুৰাও পেটেল
বাবুৰাও পেটেল (১৯০৪–১৯৮২) এজন ভাৰতীয় প্ৰকাশক আৰু সাহিত্যিক, চলচ্চিত্ৰ আৰু ৰাজনীতিৰ সৈতে জড়িত।
-
বাহমান গোবাদী
বাহমান গোবাদী (জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) এজন ইৰানীয় কুৰ্দিশ চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু লেখক। তেওঁ ইৰানীয় চিনেমাৰ "নতুন ঢৌ" আন্দোলনৰ সৈতে জড়িত।
-
বাৰ্বাৰা এণ্ডাৰচন
বাৰ্বাৰা লিলিয়াছ ৰোমেইন এণ্ডাৰছন, লেডী এণ্ডাৰছন হিচাপেও জনা যায়, জন্ম নাম ৰাইট, নিউজিলেণ্ডৰ এগৰাকী কল্পকাহিনী লেখিকা, যিয়ে ষাঠিৰ দশকত প্ৰথমখন কিতাপ প্ৰকাশ পোৱাৰ পিছত আন্তৰ্জাতিকভাৱে স্বীকৃতিপ্ৰাপ্ত আৰু বেষ্ট চেলাৰ লেখিকা হিচাপে পৰিগণিত হৈছিল।
-
বিনয় মোহন শইকীয়া
বিনয় মোহন শইকীয়া (Binoy Mohan Saikia) এজন লেখক, সম্পাদক আৰু বিদ্যুৎ বিতৰণ কোম্পানীৰ জ্যেষ্ঠ বিষয়া। ২০২৩ চনলৈকে তেখেতে বাইছখন মৌলিক গ্ৰন্থ, ষোল্লখন অনুবাদ গ্ৰন্থ আৰু দহখন সম্পাদনা গ্ৰন্থ প্ৰকাশ কৰিছে। অসমীয়া জীৱনী গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰখনত বৰ্তমান সময়ত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে।
-
বিলাল তনৱীৰ
বিলাল তনৱীৰ (Bilal Tanweer উৰ্দু, পঞ্জাৱী:; জন্ম:১৯৮৩) লাহোৰত বসবাস কৰা এগৰাকী পাকিস্তানী লেখক আৰু অনুবাদক। তেওঁৰ দ্য স্কেটাৰ হিয়েৰ ইজ টু গ্ৰেট উপন্যাসখনে ২০১৪ চনত শক্তি ভট্ট ফাৰ্ষ্ট বুক প্ৰাইজ লাভ কৰিছিল আৰু ২০১৫ চনত দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা ডি এছ চি পুৰস্কাৰ আৰু Chautauqua Prizeৰ…
-
ভদ্ৰন (পৰিচালক)
ভদ্ৰন মাট্টেল হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু লেখক। তেওঁৰ কৰ্মৰাজিত মূলতঃ ভুলভাৱে কৰা সন্তান প্ৰতিপালনৰ বাবে সৃষ্টি হোৱা বলিদান, মানসিক আঘাত আৰু পৰিত্ৰাণ, পিতৃত্বৰ অৱমাননাৰ লগতে শৈশৱৰ যন্ত্ৰণাসমূহক ফঁহিয়াই দেখুওৱা হয়।
-
ভি এচ নাইপল
ছাৰ বিদ্যাধৰ সুৰজপ্ৰসাদ নাইপল { (জন্ম ১৭ আগষ্ট ১৯৩২ – মৃত্যু ১১ আগষ্ট ২০১৮) ত্ৰিনিদাদত জন্মগ্ৰহণ কৰা নাইপলে ইংৰাজীত কল্পকাহিনী আৰু অকল্পকাহিনী লিখা এগৰাকী বৃটিছ লেখক।
-
ভিক্টোৰিয়া এমেলিনা
ভিক্টোৰিয়া এমেলিনা ( Viktoria Amelina; ইউক্ৰেইনীয়: Вікторія Юріївна Амеліна; জন্ম: ১ জানুৱাৰী ১৯৮৬ – ১ জুলাই ২০২৩), এগৰাকী ইউক্ৰেনিয়ান ঔপন্যাসিক আৰু যুদ্ধ সম্পৰ্কীয় অপৰাধৰ গৱেষক আছিল। তেওঁ দুখন উপন্যাস আৰু এখন শিশু গ্ৰন্থ লেখিছে।
-
মহম্মদ গোৰ্জেস্তানী
মহম্মদ গোৰ্জেস্তানী (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৪) এগৰাকী ইৰানীয়-আমেৰিকান লেখক, পৰিচালক আৰু প্ৰযোজক। তেওঁ মূলতঃ এক্সিট ১২, চিষ্টাৰ হাৰ্টছ আৰু ৰিফিউজ নামৰ চলচ্চিত্ৰসমূহৰ বাবে পৰিচিত।
-
মাফিকা গ্ৱালা
মাফিকা পাস্কেল গ্ৱালা (৫ অক্টোবৰ ১৯৪৬ – ৫ ছেপ্টেম্বৰ ২০১৪) এজন সমকালীন দক্ষিণ আফ্ৰিকাৰ কবি আৰু সম্পাদক আছিল, যিয়ে ইংৰাজী আৰু জুলু ভাষাত লিখা-মেলা কৰিছিল।
-
মালা সেন
মালা সেন (Mala Sen, ৩ জুন ১৯৪৭ – ২১ মে' ২০১১) এগৰাকী বঙালী-ভাৰতীয়-ব্ৰিটিছ সাহিত্যিক আৰু মানৱ অধিকাৰ কৰ্মী আছিল। এগৰাকী কৰ্মী হিচাপে তেওঁ ১৯৬০ আৰু ১৯৭০ চনৰ সময়ছোৱাত লণ্ডনত নাগৰিক অধিকাৰ সক্ৰিয়তা আৰু জাতি সম্পৰ্কৰ দিশত কৰা কামৰ বাবে পৰিচিত আছিল৷ এয়া তেওঁৰ ব্ৰিটিছ এছিয়ান আৰু ব্ৰিটিছ ব্লেক পেন্থাৰ…
-
মালিনী ভট্টাচাৰ্য
ড° মালিনী ভট্টাচাৰ্য Malini Bhattacharya) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী)ক প্ৰতিনিধিত্ব কৰে৷ তেওঁ পশ্চিম বংগৰ যাদৱপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।
-
মাৰ্গাৰেট কেলান
মাৰ্গাৰেট কেলান (Margaret Callan; জন্ম: আনুমানিক ১৮১৭ – মৃত্যু: আনুমানিক ১৮৮৩) এগৰাকী আইৰিছ শিক্ষয়িত্ৰী, জাতীয়তাবাদী আৰু লেখিকা আছিল। তেওঁক তেওঁৰ ছদ্মনাম থৰ্ণ্টন মেকমহন নামেৰও জনা গৈছিল।
-
মাৰ্চিডিজ আবাদ
মাৰ্চিডিজ আবাদ, জন্ম ১৯৬১ চনত, স্পেইনৰ বাৰ্চিলোনাত। তেওঁ এগৰাকী স্পেনিছ সাংবাদিক আৰু চুটিগল্প লেখক।
-
মিখাইল শ্বলখভ
মিখাইল শ্বলখভ (সম্পূৰ্ণ নাম: মিখাইল আলেক্সাণ্ডাৰভিচ শ্বলখভ,, ৰাছিয়ান: Михаил Александрович Шолохов), জন্ম ১৯০৫ – মৃত্যু ১৯৮৪) এজন ৰাছিয়াৰ ঔপন্যাসিক আৰু ১৯৬৫ চনৰ সাহিত্যৰ ন'বেল বঁটা বিজয়ী আছিল।
-
মিয়েক' কাৱাকামি
মিয়েক' কাৱাকামি (Mieko Kawakami; জন্ম: ২৯ আগষ্ট, ১৯৭৬) অ’ছাকাৰ এগৰাকী জাপানীজ লেখক আৰু কবি। সাহিত্যৰ কেইবাটাও ধাৰাত তেওঁ সন্মানীয় জাপানী সাহিত্য বঁটা লাভ কৰিছে।
-
মৃদুলা ভাটকাৰ
মৃদুলা ভাটকাৰ (Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেথিউ ৰিকা
মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।
-
মেৰী বাৰ্কেট কাৰ্ড
মেৰী বাৰ্কেট কাৰ্ড ( Mary Birkett Card; ২৮ ডিচেম্বৰ ১৭৭৪–১৮১৭), এগৰাকী আইৰিছ মূলৰ ব্ৰিটিছ কবি, বিলোপবাদী আৰু নাৰীবাদী আছিল, সোতৰ বছৰ বয়সত প্ৰকাশিত তেওঁৰ দাসত্ব বিৰোধী কবিতা এ পয়েম অন দ্য আফ্ৰিকান স্লেভ ট্ৰেডৰ বাবে তেওঁ সৰ্বাধিক স্মৰণ কৰা হয়।
-
মেৰী মেকি
মেৰী মেকি (জন্ম কেথলিন মেৰী হুইটলাম, জন্ম ১৯৪০ চনৰ আৰম্ভণিতে) ১৯৭১ চনৰপৰা ৭০খনতকৈও অধিক কল্পকাহিনী আৰু অকল্পনীয় কিতাপৰ ইংৰাজী লেখক। তেওঁৰ ৰচনা ২০টা ভাষালৈ অনুবাদ কৰা হৈছে। বিশেষকৈ নেচনেল ট্ৰাষ্টৰ বাবে এটা দেশীয় ঘৰ চোৱা-চিতা কৰা জীৱনৰ লঘু হৃদয়ৰ বিৱৰণৰ বাবে তেওঁ পৰিচিত।