অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাটবাৰ্ধা গেগা

ফাটবাৰ্ধা গেগা (Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।

হালনাগাদ: ৫ এপ্ৰিল ২০২৫ ২০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ফাটবাৰ্ধা গেগা (Fatbardha Gega, ১৯১৯–১৯৯৯) আছিল এগৰাকী আলবেনিয়ান শিক্ষাবিদ, আৰু আলবেনিয়াত বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত আলবেনিয়ান শিক্ষাবিজ্ঞান আৰু মানসিক চিন্তাৰ অন্যতম পৰিচিত শিক্ষাবিদ।১

জীৱনী

গেগাৰ জন্ম হৈছিল আলবেনিয়াৰ ফিয়েৰত। টিৰানাৰ মহিলা প্ৰতিষ্ঠান নানা ম্ব্ৰেটনেশ্বে( Woman's Institute Nana Mbretneshë) উত্তীৰ্ণ হৈ অহাৰ পাছত তেওঁ ইটালীৰ ফ্ল’ৰেন্স বিশ্ববিদ্যালয়ৰ চিকিৎসা অনুষদত অধ্যয়ন কৰে।

১৯৪২ চনত শ্বকোডাৰৰ "ডনিকা কাষ্ট্ৰিঅ'টি" স্কুলত ইতিহাসৰ শিক্ষয়িত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। এই বিদ্যালয়ৰ পৰিচালক আৰু টিৰানা মাধ্যমিক শিক্ষাবিজ্ঞান বিদ্যালয় "১৭ নেণ্টোৰী"ৰ ইতিহাস, শিক্ষাবিজ্ঞান আৰু মনোবিজ্ঞানৰ উপ-সঞ্চালিকা আছিল। ১৯৬৫ চনত ইনষ্টিটিউট অৱ ষ্টাডিজ এণ্ড স্কুল পাব্লিকেচনত বৈজ্ঞানিক সহযোগী হিচাপে কাম কৰাৰ বিপৰীতে ১৯৬৬ চনৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ পেডাগজিকেল ষ্টাডিজ সঞ্চালকালয়ত কাম কৰে।

কৰ্ম

গেগাই আলবেনিয়ান শিক্ষাবিজ্ঞানৰ পুঁজিৰ বাবে বহুতো সৃষ্টিশীল কামক ভৱিষ্যত প্ৰজন্মৰ বাবে আগবঢ়াই থৈ গৈছিল। তেওঁ "মনোবিজ্ঞান" গ্ৰন্থখন (মাধ্যম শিক্ষাবিজ্ঞান বিদ্যালয়ৰ বাবে) সংকলন কৰিছিল আৰু "শিক্ষণৰ পদ্ধতি – বিদ্যালয়ত শিক্ষামূলক কাম" (১৯৭২) গ্ৰন্থখনৰ সহ-লেখিকা আছিল। টু ফৰ্গ ষ্ট্ৰং কেৰেক্টাৰচ্ ("To forge strong characters") (১৯৬৮) নামৰ কিতাপখনত তেওঁ শিক্ষাবিজ্ঞানৰ আমোলাতন্ত্ৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিছিল আৰু আধুনিক আলবেনিয়ান শিক্ষাবিজ্ঞানৰ এক মৌলিক নিৰাময়ৰ উপায় আগবঢ়াইছে। তেওঁৰ ৰচনাবোৰতো একেই কাম কৰিছিল। "বিদ্যালয় আৰু পৰিয়াল, (শিশুৰ নাগৰিক শিক্ষাৰ গুৰুত্বপূৰ্ণ কাৰক)", "শিক্ষক – ছাত্ৰৰ সম্পৰ্ক" আৰু অন্যান্য। তেওঁৰ প্ৰবন্ধবোৰত ডিডাকটিক আৰু ঐতিহাসিক শিক্ষাবিজ্ঞানৰ চিন্তাৰ নতুন পৃষ্ঠা লিখা হৈছিল। তেওঁৰ প্ৰধান ৰচনাসমূহ সংগ্ৰহ কৰি টিৰানাত "আপোনাৰ শিক্ষক আৰু অভিভাৱকৰ বাবে" (২০০২) শিৰোনামেৰে প্ৰকাশ কৰা হয়।১২৩৪

তথ্যসূত্ৰ

  1. ↑ Hajrullah Koliqi:Gruaja ndër shekuj (Arsimimi dhe emancipimi i saj), Libri Shkollor, Prishtinë, 2009, fq. 376
  2. ↑ Fatbardha Gega: Për ju mësues dhe prindër, KAD, Tiranë, 2002
  3. ↑ Murat Gecaj:Fatbardha Gega - Mësuese e Popullit dhe edukatore e talentuar 15.12.2009.http://www.zemrashqiptare.net/ 24.05.2016
  4. ↑ Fatbardha Gega: To forge strong characters (Extracted from the book “Distinguished Albanian Women” – Edi Shukriu), September 14, 2016, www.gentlewomen.al, Accessed 10.16.2016

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকশিক্ষাবিদআলবেনিয়াৰ ব্যক্তিনাৰীবাদ আৰু লোকগাথা ২০২৫

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাটবাৰ্ধা গেগা” প্ৰবন্ধৰ সংশোধন ৫০২৪৬২ (৫ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।