অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেথিউ ৰিকা

মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে।

হালনাগাদ: ২২ আগষ্ট ২০২৫ ৫৬৩ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেথিউ ৰিকা (माथ्यु रिका ) নেপালৰ শ্বেচেন টেনি ডাৰগিয়েলিং মঠত বাস কৰা এজন ফৰাচী লেখক, ফটোগ্ৰাফাৰ, অনুবাদক আৰু বৌদ্ধ সন্ন্যাসী।

মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাৰ মাজত ডাঙৰ-দীঘল হৈছিল। ১৯৭২ চনত পেষ্টুৰ ইনষ্টিটিউটৰ পৰা আণৱিক জিনীয় বিষয়ত তেওঁ পি এইচ ডি ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ নিজৰ বৈজ্ঞানিক কেৰিয়াৰ ত্যাগ কৰি তিব্বতী বৌদ্ধ ধৰ্ম পালন কৰাৰ সিদ্ধান্ত লয় আৰু মূলতঃ হিমালয়ত বাস কৰে।

ৰিকা মাইণ্ড এণ্ড লাইফ ইনষ্টিটিউটৰ ব’ৰ্ডৰ সদস্য। ২০০০ চনত ৰাবজাম ৰিনপোচেৰ সৈতে সহযোগীভাৱে প্ৰতিষ্ঠা কৰা অ-লাভজনক সংস্থা কৰুনা-শ্বেচেনৰ সৈতে কৰা মানৱীয় কামৰ বাবে তেওঁ ফ্ৰান্সৰ নেচনেল অৰ্ডাৰ অৱ মেৰিট লাভ কৰে। ১৯৮৯ চনৰ পৰা তেওঁ ১৪ নং দালাই লামাৰ ফৰাচী দোভাষী হিচাপে কাম কৰি আহিছে। ২০১০ চনৰ পৰা তেওঁ নিয়মীয়াকৈ ভ্ৰমণ কৰে৷ ৰিকাই কিয়াবজে ডিলগো য়েনচে ৰিনপোচেৰ সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি আহিছে আৰু শিক্ষাদানত সহায় কৰি আহিছে।

জীৱন

]]

ফ্ৰান্সৰ ছাভয়ৰ আইক্স-লেছ-বেইনছত জন্মগ্ৰহণ কৰা তেখেতৰ পিতৃৰ নাম আছিল প্ৰয়াত জিন-ফ্ৰান্সোৱা ৰেভেল (জন্ম জিন-ফ্ৰান্সোৱা ৰিকা)। তেওঁৰ মাতৃ গীতিময় বিমূৰ্ততাবাদী চিত্ৰশিল্পী আৰু তিব্বতী বৌদ্ধ নন ইয়াহনে লে টৌমেলিন। মেথিউ ৰিকা ফৰাচী বৌদ্ধিক মহলৰ ব্যক্তিত্ব আৰু ধাৰণাসমূহৰ মাজত ডাঙৰ-দীঘল হৈছিল।১

ৰিকাে ফ্ৰান্সৰ নোবেল বঁটা বিজয়ী ফ্ৰান্সোৱা জেকবৰ অধীনত পেষ্টুৰ ইনষ্টিটিউটত আণৱিক জেনেটিক্সত পি এইচ ডি ডিগ্ৰীৰ বাবে কাম কৰিছিল। ১৯৭২ চনত ডক্টৰেট ডিগ্ৰীৰ কাম সম্পূৰ্ণ কৰাৰ পিছত ৰিকাই নিজৰ বৈজ্ঞানিক কেৰিয়াৰ পৰিত্যাগ কৰে আৰু তিব্বতী বৌদ্ধ ধৰ্মৰ চৰ্চাত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয়।২

ইয়াৰ পিছত ৰিকা ভাৰতলৈ যায় আৰু তাতে তেওঁ হিমালয়ত বাস কৰি কেংগুৰ ৰিনপোচে আৰু সেই পৰম্পৰাৰ আন কেইজনমান শিক্ষকৰ লগত অধ্যয়ন কৰে। ১৯৯১ চনত ৰিনপোচেৰ মৃত্যুৰ আগলৈকে তেওঁ দিলগো খিয়েনচে ৰিনপোচেৰ ঘনিষ্ঠ ছাত্ৰ আৰু বন্ধু হৈ পৰিছিল।৩

ৰিকাক "পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি" বুলি কোৱা হৈছে।.৪৫ উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ত সুখৰ ওপৰত কৰা এক অধ্যয়নত মেথিউ ৰিকা আছিল স্বেচ্ছাসেৱী বিষয়৷ তেওঁ শ-শ স্বেচ্ছাসেৱকৰ গড়তকৈ বহু বেছি নম্বৰ লাভ কৰিছিল।৪ ৰিকাই অৱশ্যে এই অভিধাটোক "অৰ্থহীন" আৰু অসত্য বুলি অভিহিত কৰিছে।৬৭

তেওঁ নিজকে ধৰি দীৰ্ঘদিনীয়া ধ্যানকাৰীসকলৰ মগজুৰ ওপৰত এক অধ্যয়নৰ সহ-লেখক আছিল, যিসকলে নূন্যতম তিনি বছৰ ৰিট্ৰিটত আছিল।.৮

ৰিকা মাইণ্ড এণ্ড লাইফ ইনষ্টিটিউটৰ ব’ৰ্ডৰ সদস্য, যি বিজ্ঞানী, বৌদ্ধ পণ্ডিত আৰু ধ্যানবিদসকলৰ মাজত হোৱা বৈঠক আৰু সহযোগিতামূলক গৱেষণাৰ বাবে নিয়োজিত, তেওঁৰ অৱদানসমূহ ডেষ্ট্ৰাক্টিভ ইমোচনছ (ডেনিয়েল গোলমেনৰ সম্পাদনা) আৰু অন্যান্য ৰচনাৰ কিতাপত প্ৰকাশ পাইছে। তেওঁ মগজুৰ ওপৰত মন প্ৰশিক্ষণৰ প্ৰভাৱৰ দিশত সম্পন্ন হোৱা গৱেষণাত নিয়োজিত৷ তেওঁ আমেৰিকাৰ মেডিচন-উইচকনচিন, প্ৰিন্সটন আৰু বাৰ্কলে বিশ্ববিদ্যালয়, জাৰ্মানীৰ লাইপজিগৰ মেক্স প্লেংক ইনষ্টিটিউট,৯ বেলজিয়ামৰ লিয়েজ বিশ্ববিদ্যালয়,১০ আৰু ফ্ৰান্সৰ লায়ন আৰু কেনৰ ইনছাৰম কেন্দ্ৰকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কাম কৰিছে।১১

ৰিকাই চাৰি বছৰ ডৰ্ডগনত কটায়৷ ২০২৩ চনত ৰিকাই এশ বছৰ বয়সত মৃত্যু হোৱা মাতৃ য়াহনেৰ যত্ন লৈছিল৷ এই সময়ছোৱাত তেওঁৰ যত্ন লৈ ৰিকাই নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰিছিল।১২

যোগ-সাধনা অনুশীলন

ৰিকাই তিনি ধৰণৰ ধ্যান ব্যৱহাৰ কৰে: দয়া, মুকলি সচেতনতা আৰু বিশ্লেষণাত্মক।১৩ তেওঁ মুঠ ৫ বছৰ একক ধ্যান-ধাৰণাত কটায়, আৰু ইয়াৰ বাবে তেওঁ দূৰণিবটীয়া এটা পাহাৰৰ জুপুৰিত বাস কৰে।১৩

ভেগানবাদ

ৰিকাৰ্ড এজন ভেগান১৩ তেওঁ ভেগানবাদ আৰু পশুৰ অধিকাৰৰ প্ৰচাৰ কৰে, যাৰ বিষয়ে তেওঁ ২০১৬ চনত এ প্লি ফৰ দ্য এনিমেলছ নামৰ কিতাপত লিখিছিল।১৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (29 October 2012). Buddhist monk is the world's happiest man. Daily News America
  2. ↑ Chalmers, Robert. Matthieu Ricard: Meet Mr Happy. The Independent
  3. ↑ Brussat, Frederick; Brussat, Mary Ann. Guru Yoga An Oral Teaching by Dilgo Khyentse Rinpoche. Spirituality & Practice
  4. ↑ Chalmers, Robert. (18 February 2007). Matthieu Ricard: Meet Mr Happy – Profiles, People. The Independent
  5. ↑ (8 May 2008). The pursuit of happiness – Relationships – Life & Style Home. The Brisbane Times
  6. ↑ The World's Happiest Man Wishes You Wouldn't Call Him That www.gq.com/story/happiest-man-in-the-world-matth
  7. ↑ Beddington, Emma. (18 September 2023). The world's happiest man? Matthieu Ricard on the secrets of a serene, successful, satisfying life. The Guardian
  8. ↑ Antoine Lutz; Lawrence L. Greischar; Nancy B. Rawlings. (16 November 2004). Long-term meditators self-induce high-amplitude gamma synchrony during mental practice. PNAS. পৃ. 16369–73
  9. ↑ Department of Neuroscience. cbs.mpg.de
  10. ↑ (15 May 2015). Liège: the CHU explore the cerveau du moine Matthieu Ricard en méditation
  11. ↑ Pardonnez-moi – Matthieu Ricard. rts.ch
  12. ↑ Beddington, Emma. (2023-09-18). The world's happiest man? Matthieu Ricard on the secrets of a serene, successful, satisfying life. The Guardian
  13. ↑ 10% Happier with Dan Harris by ABC News on Apple Podcasts. ITunes
  14. ↑ Bekoff, Marc. (26 September 2016). Matthieu Ricard's 'A Plea for the Animals' Is A Must Read: A Wonderful Celebration Of World Animal Day 2016. HuffPost

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকনেপালৰ ব্যক্তিবৌদ্ধ ধৰ্মআলোক চিত্ৰ লওঁতাঅনুবাদকসাধু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেথিউ ৰিকা” প্ৰবন্ধৰ সংশোধন ৫৩৪৫০৩ (২২ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।