মহম্মদ গোৰ্জেস্তানী (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৯৮৪) এগৰাকী ইৰানীয়-আমেৰিকান লেখক, পৰিচালক আৰু প্ৰযোজক।১২ তেওঁ মূলতঃ এক্সিট ১২, চিষ্টাৰ হাৰ্টছ আৰু ৰিফিউজ নামৰ চলচ্চিত্ৰসমূহৰ বাবে পৰিচিত।৩৪৫
জীৱন আৰু কৰ্মজীৱন
গোৰ্জেস্তানীৰ জন্ম তেহৰাণত হৈছিল। ইৰান-ইৰাক যুদ্ধৰ বাবে ১৯৮৮ চনত তেওঁৰ পৰিয়ালে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ পলায়ন কৰে। তেওঁ কিউপাৰ্টিনো হাইস্কুলত পঢ়িছিল আৰু পৰৱৰ্তী সময়ত ভ্যাংকুভাৰ ফিল্ম স্কুলত অধ্যয়ন কৰে।১ ২০০৭ চনত ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ থিছিছ চলচ্চিত্ৰ দা শ্বেড প্ৰদৰ্শিত হৈছিল আৰু পিছলৈ বিবিচিয়ে ইয়াৰ স্বত্ব লাভ কৰিছিল।৬
নিকোল বুশ্বেৰী অভিনীত আৰু নিকট ভৱিষ্যতৰ পটভূমিত নিৰ্মিত হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ ৰিফিউজ-ৰ বাবে গোৰ্জেস্তানীয়ে আইটিভিএছৰ পৰা অনুদান লাভ কৰিছিল। এই চলচ্চিত্ৰখন ত্ৰিবেকা চলচ্চিত্ৰ মহোৎসৱ আৰু এছএক্সএছডব্লিউ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৭ তেওঁক ফিল্মমেকাৰ মেগাজিনৰ ২৫ গৰাকী নতুন মুখৰ এগৰাকী হিচাপে মনোনীত কৰা হৈছিল।৮ তেওঁৰ আটাইতকৈ শেহতীয়া হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ এক্সিট ১২-ৰ স্বত্ব ফক্স চাৰ্চলাইট পিকচাৰ্ছে অধিগ্ৰহণ কৰিছিল।৯
গোৰ্জেস্তানীয়ে তেওঁৰ কামৰ বাবে ৯ বাৰ ভিমিঅ' ষ্টাফ পিকছ সন্মান লাভ কৰিছে।২ তেওঁ আমেৰিকাত আৰক্ষীৰ হত্যাকাণ্ডক লৈ "দা হেপ্পী বাৰ্থডে প্ৰজেক্ট" নামৰ এলানি হ্ৰস্বদৈৰ্ঘ্য চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।১০ বৰ্তমান নিৰ্মাণাধীন অৱস্থাত থকা তেওঁৰ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰখনৰ বাবে ছান ফ্ৰান্সিস্কো ফিল্ম ছচাইটিৰ কেনেথ ৰেইনিং ফাউণ্ডেচন চলচ্চিত্ৰ নিৰ্মাণ অনুদান দুবাৰকৈ লাভ কৰিছে। তেওঁ ইভেন/অডৰ সহ-প্ৰতিষ্ঠাপক।১১
তথ্যসূত্ৰ
- ↑ (15 July 2013). Mohammad Gorjestani. filmmakermagazine.com
- ↑ (19 January 2018). Meet the filmmaker behind Square's innovative video series. vimeo.com
- ↑ EXIT 12. artandhealing.org
- ↑ SHORT FILMS IN FOCUS: SISTER HEARTS. rogerebert.com
- ↑ Mohammad Gorjestani's Short Film 'Refuge'. metroactive.com
- ↑ PRESS RELEASE - 2007 SHORT FILM AND FAMILY SHORT FILM PROGRAMS. tribecafilm.com
- ↑ Refuge. itvs.org
- ↑ (18 July 2013). Filmmaker Magazine Announces the 25 New Faces of Independent Film of 2013. indiewire.com
- ↑ (22 August 2019). Fox Searchlight Nabs 'Exit 12' Short Docu; Hidden Empire Film Group To Be Honored By Location Managers Guild International – Film Briefs. Deadline Hollywood
- ↑ Remembering Philando Castile on His Birthday. citylab.com
- ↑ 32 UNDER 32: MOHAMMAD GORJESTANI. thesfegotist.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহম্মদ গোৰ্জেস্তানী” প্ৰবন্ধৰ সংশোধন ৬১৩৮৩৬ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।