সাংবাদিক
১৩৪ প্ৰবন্ধ
-
ছাচা ফাইফাৰ
ছাচা ফাইফাৰ (ইংৰাজী: Sacha Pfeiffer; জন্ম ৭ ছেপ্টেম্বৰ ১৯৭১) এগৰাকী আমেৰিকান পুলিৎজাৰ বঁটা বিজয়ী তদন্তকাৰী সাংবাদিক আৰু ৰেডিঅ’ আয়োজক। ২০১৮ চনৰ নৱেম্বৰ মাহত তেওঁ এনপিআৰত তদন্ত সংবাদদাতা হিচাপে যোগদান কৰে। তেওঁ বিশেষকৈ দ্য বষ্টন গ্ল'বৰ স্পটলাইট তদন্তকাৰী দলৰ সৈতে কাম কৰাৰ বাবে পৰিচিত।
-
ছিমোনা বোনাফে
ছিমোনা বোনাফে (জন্ম ২৪ জুন ১৯৭৩) ইটালীৰ এগৰাকী ৰাজনীতিবিদ আৰু সাংবাদিক যিয়ে দেশখনৰ চেম্বাৰ অৱ ডেপুটিজৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
ছেৰেনা মেকেচি
ছেৰেনা ই মেকেচি (জন্ম ১৯৬২), পোছাকী নাম এলেক্স মাৰ্উড, লণ্ডনত বাস কৰা এগৰাকী ব্ৰিটিছ ঔপন্যাসিক আৰু সাংবাদিক।
-
জিল আব্ৰামছন
জিল এলেন আব্ৰামছন ( Jill Ellen Abramson; জন্ম: ১৯ মাৰ্চ, ১৯৫৪) এগৰাকী আমেৰিকান লেখিকা, সাংবাদিক আৰু শিক্ষাবিদ। দ্য নিউয়ৰ্ক টাইমছৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদিকা হিচাপে তেওঁ বেছিকৈ পৰিচিত; ২০১১ চনৰ ছেপ্টেম্বৰৰ পৰা ২০১৪ চনৰ মে' মাহলৈকে এই পদত অধিষ্ঠিত আছিল আব্ৰামছনে।
-
জেছি মেকে
জেছি মেকে ( ইংৰাজী: Jessie Mackay; ১৫ ডিচেম্বৰ ১৮৬৪ – ২৩ আগষ্ট ১৯৩৮) আছিল নিউজিলেণ্ডৰ এগৰাকী কবি, সাংবাদিক, নাৰীবাদী আৰু পশু অধিকাৰ কৰ্মী। তেওঁক প্ৰায়ে নিউজিলেণ্ডৰ প্ৰথম স্থানীয় জন্মৰ কবি বুলি কোৱা হয় আৰু নিউজিলেণ্ডৰ শৈলীৰ স্পষ্ট ৰূপ থকা আদিম লেখিকাসকলৰ ভিতৰত অন্যতম আছিল।
-
জেন ছুইশ্বেলম
জেন গ্ৰে কেনন ছুইশ্বেলম (৬ ডিচেম্বৰ, ১৮১৫ – ২২ জুলাই, ১৮৮৪) এগৰাকী আমেৰিকান ৰেডিকেল ৰিপাব্লিকান সাংবাদিক, প্ৰকাশক, বিলোপবাদী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল। হৰেচ গ্ৰীলিয়ে তেওঁৰ নিউয়ৰ্ক ট্ৰিবিউনত নিযুক্তি দিয়া আমেৰিকাৰ প্ৰথম মহিলা সাংবাদিকসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।
-
জেমছ ৰুফাছ এজি
জেমছ ৰুফাছ এজি (James Rufus Agee; জন্ম: ২৭ নৱেম্বৰ ১৯০৯ – মৃত্যু: ১৬ মে' ১৯৫৫) এজন আমেৰিকান ঔপন্যাসিক, সাংবাদিক, কবি, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ সমালোচক আছিল। তেওঁ ১৯৪০ চনত টাইমৰ বাবে লিখা আমেৰিকাৰ অন্যতম প্ৰভাৱশালী চলচ্চিত্ৰ সমালোচক আছিল।
-
জৰ্জ অৰৱেল
এৰিক আৰ্থাৰ ব্লেয়াৰ( ইংৰাজী; Eric Arthur Blair; (২৫ জুন ১৯০৩ – ২১ জানুৱাৰী ১৯৫০) এজন ইংৰাজ ঔপন্যাসিক, কবি, নিবন্ধকাৰ, সাংবাদিক আৰু সমালোচক আছিল। জৰ্জ অৰৱেল নামেৰে তেওঁ অধিক জনাজাত।
-
তু তু থা
তু তু থা (জন্ম ২৮ আগষ্ট ১৯৭১) এজনী বাৰ্মাৰ মহিলা সাংবাদিক আৰু ঔপন্যাসিক। তেওঁৰ জন্ম হৈছিল ১৯৭১ চনৰ ২৮ আগষ্ট তাৰিখে। তেওঁ পিতৃ আ নাউং এজন বিশিষ্ট কাৰ্টুনিষ্ট। তেওঁ আৰম্ভণিতে গভৰ্ণমেণ্ট টেকনিকেল ইনষ্টিটিউটত অভিযান্ত্ৰিক শিক্ষাৰ প্ৰশিক্ষণ লৈছিল।
-
ত্ৰিবেণী আচাৰ্য
ত্ৰিবেণী আচাৰ্য (Triveni Acharya;) মুম্বাইবাসী এগৰাকী ভাৰতীয় সাংবাদিক আৰু এক্টিভিষ্ট। তেওঁ ঘাইকৈ যৌন সৰবৰাহ-বিৰোধী গোট ৰেচকিউ ফাউণ্ডেচনৰ সৈতে কৰা কামৰ বাবে জনাজাত।
-
দীপ্তি কাপুৰ
দীপ্তি কাপুৰ (জন্ম:-১৯৮০) বৰ্তমান পৰ্তুগালৰ নিবাসী এগৰাকী ভাৰতীয় লেখিকা আৰু সাংবাদিক। তেওঁৰ প্ৰথম উপন্যাস 'এ বেড কেৰেক্টৰ' ২০১৫ চনত প্ৰকাশিত হয়। ২০২৩ চনত কাপুৰে তেওঁৰ দ্বিতীয় খন উপন্যাস 'এজ অৱ ভাইচ' প্ৰকাশ কৰে যাৰ অধিকাৰ এফএক্স ষ্টুডিঅ'ক এটা মুখ্য টিভি শৃংখলাৰ বাবে বিক্ৰী কৰা হয়।
-
নম্ৰতা যোশী
নম্ৰতা যোশী নতুন দিল্লীত অৱস্থিত এগৰাকী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। মূলতঃ আউটলুকৰ বাবে কাম কৰি তেওঁ ১৯৯৯ চনৰ পৰা ২০১৫ চনলৈ তাত আছিল। পাছত তেওঁ 'দ্য হিন্দু'ত যোগদান কৰিছিল। তেওঁ ২০০৪ চনত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
-
নাছিম জেহৰা
নাছিম জেহৰা (Nasim Zehra) এগৰাকী পাকিস্তানী সাংবাদিক আৰু লেখক যিয়ে চেনেল ২৪ত প্ৰাইমটাইম কাৰেণ্ট এফেয়াৰ্ছ টকশ্ব' আয়োজন কৰে।
-
নাজিলা মাৰুফিয়ান
নাজিলা মাৰুফিয়ান ( Nazila Maroufian) (জন্ম: ২০ মে' ২০০০) এগৰাকী ইৰাণ নাগৰিক কৰ্মী, ৰাজনৈতিক বন্দী আৰু সাংবাদিক। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহছা আমিনিৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ পিছৰেপৰা কেইবাবাৰো গ্ৰেপ্তাৰ কৰি মুকলি কৰি দিয়া হৈছে। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহলৈকে ইভিন কাৰাগাৰত বন্দী হৈ আছিল।
-
নাদেৰ ইব্ৰাহিমী
নাদেৰ ইব্ৰাহিমী (জন্ম ৩ এপ্ৰিল, ১৯৩৬ মৃত্যু ৫ জুন, ২০০৮) এজন ইৰানী লেখক, চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ, পৰিচালক, অভিনেতা, গীতিকাৰ আৰু ঔপন্যাসিক আছিল। কেৰমানৰ এক প্ৰখ্যাত পৰিয়ালৰ বংশধৰ আতা-অল-মোল্ক ইব্ৰাহিমীৰ পুত্ৰ নাদেৰে ফাৰ্চী সাহিত্যত ডিপ্লমা অৰ্জন কৰিছিল আৰু তাৰ পিছত ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী…
-
নাম্গে জাম
নাম্গে জাম (জন্ম ১৯৮৫) এগৰাকী ভূটানী সাংবাদিক আৰু কৰ্মী। তেওঁ ভূটানৰ ৰাজহুৱা ভূটান ব্ৰডকাষ্টিং চাৰ্ভিচত প্ৰডিউচাৰ আৰু সংবাদ এনকাৰে হিচাপে খ্যাতি লাভ কৰিছিল। ২০১৯–২০২৩ চনত তেওঁ ভূটান সাংবাদিক সমিতিৰ কাৰ্যবাহী নিৰ্দেশক হিচাপে কৰ্মৰত আছিল।
-
নাহা মিণ্ট চেয়িদী
নাহা মিণ্ট মহম্মদে লেমিন ঔল্ড চেয়িদী (ইংৰাজী: Naha Mint Mohamed Lemine Ould Seyyidi; জন্ম: ২০ শতিকা – মৃত্যু: ২৪ জুলাই ২০২১) এগৰাকী মৰিটানিয়ান সাংবাদিক আছিল। তেওঁক মৰিটানিয়াৰ সংবাদ মাধ্যমত কাম কৰা প্ৰথমগৰাকী মহিলা হিচাপে গণ্য কৰা হয়।
-
নিধি ৰাজদান
নিধি ৰাজদান (কাশ্মিৰী: निधि राज़दान) এগৰাকী দূৰদৰ্শন সাংবাদিক। তেওঁ এন ডি টি ভি ২৪x৭ নামৰ ইংৰাজী ভাষাত প্ৰচাৰিত টেলিভিছন চেনেলটোত কৰ্মৰত। নিউ দেল্হী টেলিভিশ্যন (চমুকৈ এন ডি টি ভি)ৰ মালিকানাধীন এই চেনেলটোৱে য়ে বাতৰি আৰু সাম্প্ৰতিক ঘটনাপ্ৰৱাহৰ বিশ্লেষণ ইত্যাদি সম্প্ৰচাৰ কৰে।
-
নীনা হৰিদাস
নীনা হৰিদাস এগৰাকী ভাৰতীয় সাংবাদিক আৰু লেখিকা। তেওঁ জীৱনশৈলী আৰু বিলাসী সম্প্ৰদায়ত বহনক্ষমতা আৰু ন্যায্য অনুশীলনৰ দিশত কাম কৰা লাষ্ট লিফ আইডিয়াছৰ প্ৰতিষ্ঠাপক-পৰিচালক। তাৰোপৰি তেওঁ ফেশ্বন, সৌন্দৰ্য্য, কলা, লাইফষ্টাইল ডিজাইনৰ বিশেষজ্ঞ আৰু টেলিভিছনৰ মন্তব্যকাৰী হিচাপেও পৰিচিত।
-
নেহা দীক্ষিত
নেহা দীক্ষিত (Neha Dixit) হৈছে ৰাজনৈতিক, লিংগ আৰু সামাজিক ন্যায় বিষয়ত সক্ৰিয় এগৰাকী ভাৰতীয় অপেছাদাৰী সাংবাদিক। তেওঁ অশোকা বিশ্ববিদ্যালয়ৰ এগৰাকী অতিথি অধ্যাপক। তেওঁক চামেলি দেৱী জৈন বঁটা (২০১৬) আৰু লগতে চিপিজে ইণ্টাৰনেচনেল প্ৰেছ ফ্ৰীডম এৱাৰ্ড (২০১৯) প্ৰদান কৰা হৈছে।
-
নৱনীতা চৌধুৰী
নৱনীতা চৌধুৰী বাংলাদেশৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা ব্ৰাকৰ এগৰাকী বাংলাদেশী সাংবাদিক, গায়িকা আৰু মহিলাৰ বিৰুদ্ধে হিংসা প্ৰতিৰোধৰ পদক্ষেপৰ পৰিচালক। তেওঁ ডিবিচি নিউজৰ সম্পাদিকা আৰু চেনেল ৭১ৰ টেলিভিছন টক শ্ব’ৰ আয়োজক আছিল।
-
পাৰবিন আৰদালন
পাৰবিন আৰদালন (Parvin Ardalan; জন্ম: ১৯৬৭ চনত তেহৰাণত) ইৰাণৰ এগৰাকী আগশাৰীৰ মহিলা অধিকাৰ কৰ্মী, লেখিকা আৰু সাংবাদিক।ইৰাণত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ বাবে কৰা সংগ্ৰামৰ বাবে ২০০৭ চনত তেওঁক অলফ পালমে বঁটাৰে সন্মানিত কৰা হৈছিল।
-
পিংকী বিৰানী
পিংকী বিৰানী (Pinki Virani; জন্ম: ৩০ জানুৱাৰী, ১৯৫৯) এগৰাকী ভাৰতীয় লেখক, সাংবাদিক আৰু মানৱাধিকাৰ কৰ্মী। তেওঁৰ গ্ৰন্থসমূহ হৈছে ৱান্স ৱাজ বম্বে, অৰুণাজ ষ্ট’ৰি, বিটাৰ চকলেট: চাইল্ড চেক্সুৱেল এবিউজ ইন ইণ্ডিয়া (ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত), আৰু ডীফ হেভেন।
-
ফণীন্দ্ৰনাথ গায়ন
ফণীন্দ্ৰনাথ গায়ন অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, সাংবাদিক আৰু সমাজকৰ্মী। সাহিত্যৰ ক্ষেত্ৰত তেওঁ বিশেষকৈ শিশুৰ বাবে লিখা সাহিত্যৰ বাবে জনপ্ৰিয়।
-
ফাৰ্জানা ওৱাহিদী
ফাৰ্জানা ওৱাহিদী ( Farzana Wahidy; জন্ম: ১৯৮৪) এগৰাকী আফগান তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। আফগানিস্তানৰ বহু মহিলা আৰু ছোৱালীৰ তেওঁ ফটোগ্ৰাফী কৰিছে।
-
বাহমন আহমদী আমৌই
বাহমন আহমদী আমৌই (Bahman Ahmadi Amouee) ১৯৬৭ চনত জন্মগহণ কৰা এজন ইৰানী সাংবাদিক। তেওঁ সংস্কাৰবাদী দৈনিক ব্যাৱসায়িক বাতৰি চাৰ্মেয়হ ৰ সম্পাদকৰ দায়িতত আছিল। ২০০৯ চনৰপৰা কাৰাবন্দী জীৱন কটাবলগীয়া হয়। সংবাদকৰ্মী জিলা বানিয়াঘুবক তেওঁ বিয়া কৰে।
-
বিভা বক্সি
বিভা বক্সি (Vibha Bakshi; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আৰু দায়িত্বশীল চলচ্চিত্ৰৰ প্ৰতিষ্ঠাপক। তেওঁক তেওঁৰ লিংগ বৈষম্য বিষয়ক চলচ্চিত্ৰ সমূহৰ বাবে জনা যায়।
-
বৰ্ষা ভোঁচলে
বৰ্ষা ভোঁচলে (জন্ম, ১৯৫৬ –মৃত্যু,৮ অক্টোবৰ ২০১২) মুম্বাইৰ আবাসী ভাৰতীয় গায়িকা, সাংবাদিক আৰু লেখিকা আছিল। তেওঁ গায়িকা আশা ভোঁসলেৰ জীয়ৰী আছিল।
-
ভায়োলেট আলভা
ভায়োলেট হৰি আলভা (Violet Alva; ২৪ এপ্ৰিল ১৯০৮ – ২০ নৱেম্বৰ ১৯৬৯)এগৰাকী ভাৰতীয় অধিবক্তা, সাংবাদিক, ৰাজনীতিবিদ, ৰাজ্যসভাৰ উপ-সভাপতি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (INC)ৰ সদস্য আছিল। তেওঁ ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা অধিবক্তা আৰু ৰাজ্যসভাৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা অধিবক্তা আছিল।
-
ভৱেশ শইকীয়া
ভৱেশ শইকীয়া (Bhabesh Saikiya) অসমৰ এগৰাকী সাংবাদিক আৰু অসমত “আপকু’’ৰ প্ৰতিষ্ঠাপক সভাপতি আছিল৷ তেওঁ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰি সাহিত্যিক আৰু অভিনেতা হিচাপেও মানুহৰ মাজত পৰিচিত আছিল৷