নিধি ৰাজদান (কাশ্মীৰী ভাষা: निधि राज़दान) এগৰাকী দূৰদৰ্শন সাংবাদিক। তেওঁ এন ডি টি ভি ২৪x৭ নামৰ ইংৰাজী ভাষাত প্ৰচাৰিত টেলিভিছন চেনেলটোত কৰ্মৰত। নিউ দেল্হী টেলিভিশ্যন (চমুকৈ এন ডি টি ভি)ৰ মালিকানাধীন এই চেনেলটোৱে য়ে বাতৰি আৰু সাম্প্ৰতিক ঘটনাপ্ৰৱাহৰ বিশ্লেষণ ইত্যাদি সম্প্ৰচাৰ কৰে।
প্ৰাৰম্ভিক জীৱন
নিধি ৰাজদানৰ পিতৃ মহাৰাজ কৃষাণ ৰাজদান প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মূখ্য সম্পাদক। প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়া ভাৰতৰ অগ্ৰণী বাৰ্তা গোষ্ঠীসমূহৰ অন্যতম। নিধি ৰাজদানে স্কুলীয়া শিক্ষা এপীজে' স্কুল, শ্বেইখ চৰাই (ইংৰাজী ভাষা: APEEJAY School, Sheikh Sarai), নতুন দিল্লীত লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ লে'ডী শ্ৰী ৰাম কলেজ ফৰ ৱ'মে'নৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত নতুন দিল্লীৰ ভাৰতীয় গণ সংযোগ প্ৰতিস্থানৰ পৰা ৰেডিঅ' আৰু টেলিভিছন সাংবাদিকতাৰ প'ষ্ট গ্ৰেজুৱেট ডিপ্ল'মা লাভ কৰে। ১
কৰ্মজীৱন
১৯৯৯ চনত নিধি ৰাজদানে এন ডি টি ভিত যোগদান কৰে। তাৰ পিছৰ পৰাই তেওঁ বাৰ্তা পৰিৱেশকৰ পৰা জ্যেষ্ঠ সাংবাদিকৰ পৰ্যায়লৈ অগ্ৰগতি লাভ কৰে। ২
এন ডি টি ভিৰ নিম্নোক্ত কাৰ্যসূচীসমূহত নিধি ৰাজদানে আঁত ধৰে:
- এন ডি টি ভি ২৪x৭ - এটা প্ৰাইম টাইম বাতৰিৰ অনুস্থান।
- তেওঁৰ দ্বাৰা পৰিচালিত লেফ্ট ৰাইট এণ্ড চেন্টাৰ (ইংৰাজী ভাষা: Left, Right & Centre) নামৰ জনপ্ৰিয় অনুষ্ঠান পূৰ্বতে কেৱল শনিবাৰে নিশা ৮ বজাতহে প্ৰচাৰ হৈছিল আৰু বৰ্তমান এই অনুস্থান সোমবাৰৰ পৰা শুক্ৰবাৰলৈ প্ৰতিনিশা ৮ বজাত সম্প্ৰচাৰ হয়।
- দ্য লী'ড - পূৰ্বতে প্ৰচাৰিত এই অনুষ্ঠান বৰ্তমান বন্ধ হৈছে।
সাংবাদিক হিচাপে নিধি ৰাজদানে ৰাষ্ট্ৰীয় ৰাজনীতিৰ উপৰিও কাশ্মীৰৰ ৰাজনীতি সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰিছিল। বৰ্তমান তেওঁ মূখ্যতঃ বৈদেশিক ঘটনাপ্ৰৱাহৰ ওপৰত আলোকপাত কৰে। তেওঁৰ কৰ্মৰ ভিতৰত তিব্বত স্বায়ত্তশাসিত অঞ্চল, পাকিস্তান অধীকৃত কাশ্মীৰ, ইৰাণৰ বিষয়ত নিৰ্মান কৰা তথ্যচিত্ৰ আৰু ব্ৰিটেইনৰ ওপৰত সন্ত্ৰাসবাদৰ প্ৰভাৱ সম্পৰ্কীয় তথ্যচিত্ৰ উল্লেখনীয়।
সন্মান আৰু বঁটা
- জম্মু আৰু কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কৰা সাংবাদিকতাৰ বাবে ৰামনাথ গোৱেংকা সাংবাদিকতাৰ উৎকৰ্ষ বঁটা। ৩
- জম্মু আৰু কাশ্মীৰ চৰকাৰৰ সাংবাদিকতাৰ উৎকৰ্ষ বঁটা।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিধি ৰাজদান” প্ৰবন্ধৰ সংশোধন ৫১৭১০৬ (১১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।