অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাৰ্জানা ওৱাহিদী

ফাৰ্জানা ওৱাহিদী ( Farzana Wahidy; জন্ম: ১৯৮৪) এগৰাকী আফগান তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। আফগানিস্তানৰ বহু মহিলা আৰু ছোৱালীৰ তেওঁ ফটোগ্ৰাফী কৰিছে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৬ ৩৮৮ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ফাৰ্জানা ওৱাহিদী ( Farzana Wahidy; জন্ম: ১৯৮৪) এগৰাকী আফগান তথ্যচিত্ৰ ফটোগ্ৰাফাৰ আৰু ফটো সাংবাদিক। আফগানিস্তানৰ বহু মহিলা আৰু ছোৱালীৰ তেওঁ ফটোগ্ৰাফী কৰিছে। আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা ফটোগ্ৰাফাৰ যিয়ে এছ'চিয়েটেড প্ৰেছ (এপি) আৰু এজেন্স ফ্ৰান্স-প্ৰেছ (এএফপি)ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে কাম কৰিছিল।১

ওৱাহিদীয়ে আফগান মহিলা আৰু পুৰুষক ফটো সাংবাদিকতাত কেৰিয়াৰ গঢ়িবলৈ প্ৰশিক্ষণ দিবলৈ কাবুলত স্থাপন কৰা এআইএনএ ফটো সাংবাদিকতা প্ৰতিষ্ঠানত অধ্যয়ন কৰিছিল। ২০০২ চনৰ পৰা আৰম্ভ কৰি ৫০০ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত ১৫ গৰাকী ছাত্ৰীৰ ভিতৰত অন্যতম আছিল। ইৰাণী-ফ্ৰান্সৰ ফটো সাংবাদিক মানুচেৰ দেঘাটিৰ অধীনত তেওঁ অধ্যয়ন কৰিছিল।১ ওৱাহিদীয়ে ফটো সাংবাদিকতাৰ কেৰিয়াৰ বাছি লৈছিল, কাৰণ তেওঁ জীৱনত প্ৰত্যক্ষ কৰা কাহিনীবোৰ তেওঁ ধৰি ৰাখিব বিচাৰিছিল। ওৱাহিদীয়ে তেওঁৰ ফটোগ্ৰাফী ব্যৱহাৰ কৰি এগৰাকী আফগান মহিলা হিচাপে নিজৰ আৱেগ প্ৰকাশ কৰে আৰু পুৰুষ প্ৰধান দেশ আফগানিস্তানত তেওঁৰ দৰে আনৰ কণ্ঠ বৃদ্ধি কৰে। তেওঁৰ ফটোগ্ৰাফীৰ জৰিয়তে তেওঁ কেৱল তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহেই নহয় আফগান মহিলাসকলৰো সাধাৰণ জীৱনক চিত্ৰিত কৰিব বিচাৰে।২

জীৱন আৰু কেৰিয়াৰ

১৯৮৪ চনত কান্দাহাৰত জন্মগ্ৰহণ কৰা ওৱাহিদীয়ে ছয় বছৰ বয়সত পৰিয়ালৰ সৈতে কাবুললৈ গুচি যায়।৩ ১৯৯৬ চনত তালিবানে আফগানিস্তান দখল কৰাৰ সময়ত তেওঁ কিশোৰী আছিল। ১৩ বছৰ বয়সত বোৰ্খা নিপিন্ধা বাবে ৰাজপথত প্ৰহাৰ কৰা হৈছিল। সেই মুহূৰ্তটোলৈ উভতি চাই তেওঁ উল্লেখ কৰে যে, তেওঁৰ মন গৈছিল যে, সেই সময়ত তেওঁ এগৰাকী ফটোগ্ৰাফাৰ হ’লেহেঁতেন, নিজৰ দৰে কণমানি ছোৱালীৰ অৱস্থা আজিৰ সমাজখনক দেখুৱাব পাৰিলেহেঁতেন, কিন্তু ফটোগ্ৰাফী আৰু অন্যান্য ধৰণৰ সৃষ্টিশীল প্ৰকাশ নিষিদ্ধ কৰা হ’ল। তেওঁৰ দেউতাকৰ কেমেৰাৰ লেন্সত থকা পৰিয়ালৰ জীৱনৰ মুহূৰ্তবোৰ কেমেৰাত বন্দী কৰাৰ আকৰ্ষণ ত্যাগ কৰিবলগীয়া হৈছিল। আনকি তেওঁলোকৰ পাৰিবাৰিক ফটো এলবামবোৰো গৃহযুদ্ধৰ সময়ত ধ্বংস কৰা হৈছিল।

তালিবানৰ যুগত মহিলাসকলক শিক্ষা অব্যাহত ৰখাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। বোৰ্খাৰ তলত কিতাপ লুকুৱাই ৰাখিছিল যাতে তেওঁ ধৰা নপৰে,৪ তেওঁ কাবুলৰ এটা আৱাসিক অঞ্চলত আন প্ৰায় ৩০০ ছাত্ৰ-ছাত্ৰীৰ সৈতে এখন আণ্ডাৰগ্ৰাউণ্ড স্কুলত পঢ়িছিল আৰু ২০০১ চনত যেতিয়া আমেৰিকাৰ নেতৃত্বত বাহিনীয়ে তালিবানৰ শাসনৰ অন্ত পেলায়, তেতিয়া তেওঁ হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। ২০০৪ চনত ওৱাহিদীয়ে ফ্ৰান্সৰ পেৰিছত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বাতৰি সংস্থা এজেন্স-ফ্ৰান্স প্ৰেছৰ ফটোগ্ৰাফাৰ হিচাপে নিযুক্তি লাভ কৰে যদিও পিছলৈ তেওঁ নিউয়ৰ্ক চহৰৰ এছ'চিয়েটেড প্ৰেছত যোগদান কৰে।৫

২০০৭ চনত তেওঁ অণ্টাৰিঅ'ৰ বেলভিলৰ লয়ালিষ্ট কলেজত দুবছৰীয়া ফটো সাংবাদিকতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বৃত্তি লাভ কৰে আৰু ২০১০ চনত আফগানিস্তানলৈ উভতি যায়।৬৭

ওৱাহিদীয়ে মহিলা হিচাপে নিজৰ প্ৰৱেশ ব্যৱহাৰ কৰি আফগান মহিলা আৰু তেওঁলোকৰ পৃথকীকৃত সমাজত তেওঁলোকৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, য'ত বেশ্যা আৰু "নৈতিক অপৰাধ"ৰ বাবে কাৰাগাৰত বন্দী মহিলাও অন্তৰ্ভুক্ত।৬

ওৱাহিডীয়ে আফগানিস্তান ফটোগ্ৰাফাৰ এছ'চিয়েচন প্ৰতিষ্ঠা কৰে।৫ এ পি এ হৈছে এক অলাভজনক আৰু অৰাজনৈতিক সংস্থা যিয়ে সমগ্ৰ আফগানিস্তানৰ ফটোগ্ৰাফাৰ আৰু বিদেশ ভ্ৰমণ কৰা আফগান ফটোগ্ৰাফাৰসকলক সহায় কৰে। ফটোগ্ৰাফীৰ জৰিয়তে আফগানিস্তানৰ ভিতৰত পৰিৱৰ্তন প্ৰণয়ন কৰিব বিচৰাৰ বাবেই ওৱাহিদীয়ে এ পি এ প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ লক্ষ্য আছিল নিজৰ দেশত শিল্প আৰু ফটোগ্ৰাফীৰ সৈতে জড়িত জ্ঞানৰ ব্যৱধান বন্ধ কৰি বুজাবুজিক উৎসাহিত কৰা। এপিএই আফগান ফটোগ্ৰাফাৰসকলক সংযোগ লাভ কৰিবলৈ আৰু তেওঁলোকৰ কেৰিয়াৰক আগুৱাই নিবলৈ অনুমতি দিয়ে।৮

২০০৯ চনত তেওঁ আফগান মহিলাৰ ওপৰত কৰা তথ্যচিত্ৰ প্ৰকল্পৰ বাবে মুক্ত সমাজ প্ৰতিষ্ঠানৰ অনুদানপ্ৰাপ্ত আছিল। ওৱাহিদী নেচনেল জিঅ'গ্ৰাফিক অল ৰোডছ ফটোগ্ৰাফী প্ৰগ্ৰেম মেৰিট বঁটা লাভ কৰে আৰু ৱৰ্ল্ড প্ৰেছ ফটো জুপ শ্বৱাৰ্ট মাষ্টাৰক্লাছৰ বাবে মনোনীত হৈছিল।৯১০

২০১৬ চনত তেওঁ স্নাতক হোৱাৰ পিছত তেওঁৰ অসাধাৰণ সাফল্যৰ বাবে স্বীকৃতি লাভ কৰে আৰু তেওঁক সৃষ্টিশীল কলা আৰু ডিজাইনৰ বাবে প্ৰিমিয়াৰ বঁটা প্ৰদান কৰা হয়।৫

তেওঁৰ কৰ্মৰাজি আমেৰিকাৰ তথ্যচিত্ৰ ফ্ৰেম বাই ফ্ৰেমত প্ৰদৰ্শিত হৈছে।১১

ওৱাহিদীৰ ফটোসমূহ আফগানিস্তান, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, পাকিস্তান, জাৰ্মানী, ইটালী, নৰৱে, জেনেভা, চীন আৰু ফিনলেণ্ডত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হৈছে।৫

তথ্যসূত্ৰ

  1. ↑ Deghati, Reza. (March 2012). Shooting Stars: Reza presents Farzana Wahidy. Smithsonian Magazine
  2. ↑ Farzana Wahidy eng — PVF. www.pvf.fi
  3. ↑ Farzana Wahidy. Afghan Photography Network
  4. ↑ How A Female Photographer Sees Her Afghanistan. NPR.org
  5. ↑ Farzana Wahidy. Afghanistan Photographer Association
  6. ↑ McGrory, Marie. (2 April 2013). How A Female Photographer Sees Her Afghanistan. NPR
  7. ↑ Nowacki, Kim. (2 September 2011). Common Moments That Still Exist. The New York Times
  8. ↑ History – Afghanistan Photographer Association
  9. ↑ Pain, Paromita. (26 January 2011). Afghan Photographer Wahidy Shoots Through the Burka. Women's eNews Inc
  10. ↑ Farzana Wahidy. Open Society Foundations
  11. ↑ Jacobson, Alec. Farzana Wahidy. San Juan Independent

সম্পৰ্কিত শ্ৰেণী

আফগানিস্তানৰ ব্যক্তিফটোগ্ৰাফাৰসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্জানা ওৱাহিদী” প্ৰবন্ধৰ সংশোধন ৫৯৫৮২৪ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।