অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিভা বক্সি

বিভা বক্সি (Vibha Bakshi; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আৰু দায়িত্বশীল চলচ্চিত্ৰৰ প্ৰতিষ্ঠাপক। তেওঁক তেওঁৰ লিংগ বৈষম্য বিষয়ক চলচ্চিত্ৰ সমূহৰ বাবে জনা যায়।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৩৬৮ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বিভা বক্সি (Vibha Bakshi; জন্ম: ২৩ ছেপ্টেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক আৰু দায়িত্বশীল চলচ্চিত্ৰৰ প্ৰতিষ্ঠাপক। তেওঁক তেওঁৰ লিংগ বৈষম্য বিষয়ক চলচ্চিত্ৰ সমূহৰ বাবে জনা যায়। পৰিচালক আৰু প্ৰযোজক হিচাপে বিভাৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছে ডটাৰ্ছ অৱ মাদাৰ ইণ্ডিয়া আৰু চান ৰাইজ। দুয়োখন চলচ্চিত্ৰই ভাৰতৰ ৰাষ্ট্ৰপতিৰপৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।১ তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিৰপৰা মুঠ চাৰিটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কৰা কামৰ বাবে বিভাক ২০১৮ চনত বষ্টন বিশ্ববিদ্যালয়ৰ দ্বাৰা সন্মানীয় ডক্টৰ অৱ হিউমেন লেটাৰছ বঁটা প্ৰদান কৰা হৈছে।২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭০ চনৰ ২৩ ছেপ্টেম্বৰত ভাৰতৰ মুম্বাইত বিভা বক্সিৰ জন্ম হৈছিল। তেওঁৰ দেউতাক বেদ ছাব্ৰা এগৰাকী ব্যৱসায়ী আছিল আৰু ২০১৮ চনত ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা ১০০ জন শীৰ্ষ ব্যৱসায়ী নেতাৰ তালিকাত স্থান পাইছিল।৩৪ বক্সিৰ মাক গীতা ছাব্ৰা এগৰাকী কবি আৰু লেখক। বিভায়ে মুম্বাইৰ কনভেণ্ট অৱ জেচাচ এণ্ড মেৰী আৰু ছেইণ্ট জেভিয়াৰ্চ কলেজত পঢ়িছিল। সাংবাদিকতা আৰু সম্প্ৰচাৰত (জাৰ্নেলিজম এণ্ড ব্ৰডকাষ্টিং) স্নাতক ডিগ্ৰী লবলৈ তেওঁ আমেৰিকালৈ গৈছিল। তেওঁ ১৯৯৩ চনত বষ্টন বিশ্ববিদ্যালয়ৰপৰা কম্যুনিকেচনত বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল২ আৰু ১৯৯৯ চনত নিউয়ৰ্ক বিশ্ববিদ্যালয়ত সম্প্ৰচাৰৰ (ব্ৰডকাষ্টিং) ডিপ্লোমা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল।৫৬

কৰ্মজীৱন

বিভায়ে মুম্বাইৰ প্লাছ চেনেলত ব্ৰডকাষ্ট জাৰ্নেলিষ্ট হিচাপে সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ কৰে। পিছত তেওঁ চিএনবিচি (ভাৰত)ৰ জিইচ ফাউণ্ডিং টীমত যোগদান কৰে।৭

২০০৪ চনত, বিভাই অস্কাৰ বিজয়ী মে’ৰিয়ান ডিলিঅৰ সৈতে সহ-প্ৰযোজক ৰূপে আত্মপ্ৰকাশ কৰে। তেওঁলোকে প্ৰযোজনা কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত লাইফটাইম টিভিৰ বাবে টেৰৰ এট হ’ম (২০০৫) উল্লেখযোগ্য। আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে মহিলাৰ বিৰুদ্ধে হিংসা বন্ধ কৰিবলৈ এটি অভিযান আৰম্ভ কৰিছিল আৰু এই চলচ্চিত্ৰখন এমি বঁটা বিজয়ী এই অভিযানৰ অংশ আছিল। তেওঁ গোলকীয় উষ্ণতা বৃদ্ধি বিষয়ত এইচ বি অ’(HBO)ৰ বাবে নিমাৰ্ণ কৰা চলচ্চিত্ৰখন হৈছে; টু হট নট টু হেণ্ডেল (২০০৬)।৮৫

তেওঁ তাজ হোটেলৰ বাবে ভাৰতৰ ৰত্নখচিত প্ৰাসাদসমূহৰ ওপৰত চুটি ছবি নিৰ্মাণ কৰিছিল। এই সমূহৰ ভিতৰত আছে; ফলকনুমা পেলেচ৯, লেক উদয়পুৰ পেলেচ১০, উমেইড ভৱন পেলেচ আৰু ৰামবাগ পেলেচ।১১

টাটা চিকিৎসা কেন্দ্ৰ, কলিকতাৰ বাবে নিৰ্মিত বিভাৰ চলচ্চিত্ৰখন ৪ বিলিয়ন ডলাৰৰ এটি জনহিতকৰ উদ্যোগ আছিল। ৰতন টাটাই ইয়াৰ নেতৃত্ব লৈছিল আৰু টাটা ট্ৰাষ্টে ইয়াৰ বাবে পুঁজি যোগান ধৰিছিল। চলচ্চিত্ৰখন ভাৰতৰ ঊনত্ৰিছটা চেনেলত ইংৰাজীত আৰু নটা আঞ্চলিক ভাষাত সম্প্ৰচাৰিত হৈছিল।

সন্মান আৰু স্বীকৃতি

২০১৮ চনত, বক্সিক সাংবাদিক আৰু চলচ্চিত্ৰ নিৰ্মাতা হিচাপে কৰা কামৰ বাবে তেওঁ পঢ়া বষ্টন বিশ্ববিদ্যালয়ৰপৰা সন্মানীয় ডক্টৰ অৱ হিউমেন লেটাৰ প্ৰদান কৰা হৈছিল।২১২ তেওঁ বষ্টন বিশ্ববিদ্যালয়ৰ স্কুল অৱ কম্যিউনিকেচনৰ আৰম্ভণি বক্তা আছিল। বিশ্বব্যাপী লিংগ সমতা আৰু লিংগ ন্যায়ৰ দিশত অৰিহণা যোগোৱা তেওঁৰ চলচ্চিত্ৰসমূহৰ বাবে বিভাক ভগ ইণ্ডিয়াৰ ২০২১ বৰ্ষৰ ৱুমেন অৱ দ্য ইয়েৰ ঘোষণা কৰা হৈছিল।১৩

ব্যক্তিগত জীৱন

বিভায়ে গল্ডমেন চাক্সৰ প্ৰাক্তন হেড প্ৰাইভেট ইকুইটি ইণ্ডিয়া৬ আৰু বৰ্তমান প্ৰাইভেট ইকুইটি ফাৰ্ম অৱতাৰ গ্ৰথ কেপিটেল পাৰ্টনাৰ্ছৰ প্ৰতিষ্ঠাপক বিশাল বক্সিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।১৪ তেওঁলোকৰ বৰুণ আৰু বীৰ নামে দুটি পুত্ৰ সন্তান আছে।১৫

তথ্যসূত্ৰ

  1. ↑ D'Mello, Yolande. We saw women cops get emotional. Mumbai Mirror
  2. ↑ Haziq, Saman. (27 October 2017). 'Don't change the world, be the change'. Khaleej Times
  3. ↑ Chowdhury, Farhana. (23 November 2017). Specialists of a niche genre. Khaleej Times
  4. ↑ Maceda, Cleofe. Revealed: Top Indian business leaders in Arab world. Gulf News
  5. ↑ Volmers, Eric. (26 January 2017). Documentary Daughters of Mother India tackles horror with hope. Calgary Herald
  6. ↑ (19 April 2001). rediff.com US edition: 'A terrible visa which inherently isolates women'. Rediff.com
  7. ↑ D’Cruz, Dolcy. (20 November 2019). A world of gender equality. Herald Goa
  8. ↑ Bhandaram, Vishnupriya. (8 March 2016). Daughters of Mother India: Vibha Bakshi's documentary is an exploration of why our society keeps failing women. Firstpost
  9. ↑ The Enchanting Taj Falaknuma Palace, Hyderabad. Taj Hotels
  10. ↑ Taj Lake Palace, Udaipur. Taj Hotels
  11. ↑ Experience the Life at Rambagh Palace, Jaipur. Taj Hotels
  12. ↑ Honorary Degree Goes to Filmmaker Shining a Light on Gender Violence. Bostonia
  13. ↑ (2021-12-02). Meet Vibha Bakshi, the filmmaker who finds the most extraordinary stories in the unlikeliest of places. Vogue India
  14. ↑ Balakrishnan, Reghu. (29 June 2016). Vishal Bakshi quits Goldman Sachs to set up private equity business. Mint
  15. ↑ Saha, Pashupati. (2 January 2016). An attempt to change. The Statesman

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ প্ৰযোজকৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ভাৰত) বিজয়ীসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভা বক্সি” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৭২ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।