নাহা মিণ্ট মহম্মদে লেমিন ঔল্ড চেয়িদী (ইংৰাজী ভাষা: Naha Mint Mohamed Lemine Ould Seyyidi; জন্ম: ২০ শতিকা – মৃত্যু: ২৪ জুলাই ২০২১) এগৰাকী মৰিটানিয়ান সাংবাদিক আছিল। তেওঁক মৰিটানিয়াৰ সংবাদ মাধ্যমত কাম কৰা প্ৰথমগৰাকী মহিলা হিচাপে গণ্য কৰা হয়।১২
জীৱনী
চেয়িদীৰ জন্ম হৈছিল মৰিটানিয়াৰ বৌটিলিমিটত। তেওঁ এগৰাকী স্ব-শিক্ষিত ব্যক্তি আছিল আৰু তেওঁৰ কোনো আনুষ্ঠানিক উচ্চ শিক্ষা নাছিল।৩
তেওঁক মৰিটানিয়াৰ মহিলা সাংবাদিকসকলৰ মাজত আৰু সামগ্ৰিকভাৱে সেই অঞ্চলৰ আৰব মহিলা সাংবাদিকসকলৰ মাজত এগৰাকী অগ্ৰদূত হিচাপে গণ্য কৰা হয়।১ ১৯৬০ চনৰ আশে-পাশে দেশখনে স্বাধীনতা লাভ কৰাৰ সময়ত যেতিয়া ৰাষ্ট্ৰীয় ৰেডিঅ' সম্প্ৰচাৰ কেন্দ্ৰ মুকলি কৰা হৈছিল, তেতিয়া তেওঁ সেই কেন্দ্ৰটোত কাম কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ দেশখনত টেলিভিছন নিউজ শ্ব' পৰিচালনা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিচিত হয়।৪৫
তেওঁৰ কনিষ্ঠ ভগ্নী খাদজাও দেশখনৰ এগৰাকী প্ৰাথমিক পৰ্যায়ৰ মহিলা সাংবাদিক আছিল। দুই ভগ্নীয়েই ফৰাচী ভাষাৰ সম্প্ৰচাৰক 'জাৰ্নেল টেলিভিজ এন ফ্ৰান্সেইজ'ৰ হৈ কাম কৰিছিল, অৱশ্যে চেয়িদীয়ে আৰবী ভাষাতো অনুষ্ঠান সম্প্ৰচাৰ কৰিছিল।৩৬৫ এগৰাকী ঘোষিকা হিচাপে তেওঁ মৰিটানিয়াৰ স্বাধীনতাৰ পৰৱৰ্তী ৰাজনৈতিক অস্থিৰতাৰ সময়ত এক প্ৰভাৱশালী কণ্ঠ আছিল।৭
১৯৬০ চনৰ পৰা তেওঁ মৰিটানিয়াৰ 'হায়াৰ কাউন্সিল অফ উইমেন'ৰ সদস্য আছিল।৮ ইয়াৰ উপৰিও তেওঁ মৰিটানিয়ান ইউনিয়ন অফ উইমেন ইন মিডিয়াৰ সন্মানীয় সভাপতি আছিল।৯ ২০২০ চনত সংগঠনটোৱে সংবাদ মাধ্যমত মহিলাৰ সমস্যাৰ ওপৰত ভিত্তি কৰি "নাহা মিন্ত চেয়িদী প্ৰতিযোগিতা" আৰম্ভ কৰিছিল।২
২০২১ চনত মৰিটানিয়াত চেয়িদীৰ মৃত্যু হয়।১০১১
বঁটা আৰু সন্মান
১৯৬৭ চনত মিচৰৰ ৰাষ্ট্ৰপতি গামাল আবদেল নাছেৰ, টিউনিছিয়াৰ ৰাষ্ট্ৰপতি হাবিব বৰ্গুইবা আৰু সংযুক্ত আৰব আমিৰাতৰ ৰাষ্ট্ৰপতি জায়েদে বিন চুলতান আল নাহিয়ানে চেয়িদীক সন্মানিত কৰিছিল। ১৯৭৭ চনত মৰিটানিয়াৰ স্বাধীনতা উদযাপনৰ অনুষ্ঠানত দেশখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি মোক্তাৰ ঔল্ড ডাড্ডাই তেওঁক 'ইণ্ডিপেণ্ডেন্স মেডেল' প্ৰদান কৰিছিল।
২০০২ চনত তেওঁ মৰিটানিয়া চৰকাৰৰ পৰা জীৱনজোৰা সাধনা বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Marsaud, Olivia. (2001-11-19). La Mauritanie au féminin. Le Nouvel Afrik
- ↑ (2020-07-30). الإعلان عن إطلاق النسخة الأولى من مسابقة "الناها منت سيدي" للإعلام وقضايا المرأة · وكالة التواصل. Tawasoul
- ↑ (2016-05-12). Naha MINT SEYYIDI. Maurifemme
- ↑ (2020-11-01). M. MOHAMED SAID OULD HAMODY À L'OCCASION DU CINQUANTENAIRE DE L'INDÉPENDANCE: "L'obstacle majeur au moment de l'indépendance, c'était le manque d'infrastructures de base". Agence Mauritanienne D'information
- ↑ (2015). La femme mauritanienne fortement présente dans le secteur de la presse, 20 ans après Beijing. Femmes et Médias au Maghreb
- ↑ Barrada, Mohamed Fouad. (2020-03-04). Visages de femmes mauritaniennes. La Tribune
- ↑ (2012-11-03). Naha Mint Seyidi: La speakerine qui a fait échouer le coup d'Etat de Kader. CRIDEM
- ↑ Daddah, Mokhtar Ould. (2003). La Mauritanie contre vents et marées. Karthala Editions. ISBN 2811137653
- ↑ (2018-02-11). L'Union des femmes des médias de Mauritanie organise une cérémonie d'hommage pour certaines personnalités. Agence Mauritanienne D'information
- ↑ Bamba, Oumlbenina Mint. (2021-07-24). Mauritanie: Décès de Naha Mint Seyidi, la reine de la télévision locale... Senalioune
- ↑ (2021-07-24). Le Bureau Exécutif du SJM présente ses condoléances suite au décès de la Doyenne Naha Mint Seyidi. Alwiam info
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহা মিণ্ট চেয়িদী” প্ৰবন্ধৰ সংশোধন ৬০২৪০৩ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।