অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ত্ৰিবেণী আচাৰ্য

ত্ৰিবেণী আচাৰ্য (Triveni Acharya;) মুম্বাইবাসী এগৰাকী ভাৰতীয় সাংবাদিক আৰু এক্টিভিষ্ট। তেওঁ ঘাইকৈ যৌন সৰবৰাহ-বিৰোধী গোট ৰেচকিউ ফাউণ্ডেচনৰ সৈতে কৰা কামৰ বাবে জনাজাত।

হালনাগাদ: ৩০ এপ্ৰিল ২০২৪ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ত্ৰিবেণী আচাৰ্য (Triveni Acharya;) মুম্বাইবাসী এগৰাকী ভাৰতীয় সাংবাদিক আৰু এক্টিভিষ্ট। তেওঁ ঘাইকৈ যৌন সৰবৰাহ-বিৰোধী গোট ৰেচকিউ ফাউণ্ডেচনৰ সৈতে কৰা কামৰ বাবে জনাজাত। বিশ বছৰৰো অধিক সময় ধৰি ত্ৰিবেণী আচাৰ্যই বাধ্য হৈ যৌন ব্যৱসায়ত লিপ্ত হোৱা আৰু সৰবৰাহ কৰা যুৱতী আৰু মহিলাসকলক উদ্ধাৰ কৰিবলৈ অক্লান্ত ভাৱে কাম কৰি আহিছে আৰু তেওঁলোকক সেই জীৱন ঘূৰাই দিয়াৰ চেষ্টা কৰিছে আহিছে, যি জীৱন প্ৰকৃততে তেওঁলোকৰ প্ৰাপ্য। এতিয়ালৈকে তেওঁ তেওঁৰ সংগঠনৰ জৰিয়তে প্ৰায় চাৰি হাজাৰ ভুক্তভোগীক উদ্ধাৰ কৰিছে আৰু এটি নতুন জীৱন দিছে।১

ৰেচকিউ ফাউণ্ডেচন নামৰ সেচ্ছাসেৱী সংস্থাটো ত্ৰিবেণীৰ স্বামী বালকৃষ্ণ আচাৰ্যই প্ৰতিষ্ঠা কৰিছিল, কিন্তু ২০০৫ চনত এক মটৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাত ত্ৰিবেণীয়ে ইয়াৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে।২ সংগঠনটোৱে বলপূৰ্বক পতিতাবৃত্তিৰ বাবে বিক্ৰী কৰা আৰু ভাৰত, নেপাল আৰু বাংলাদেশৰ বিভিন্ন প্ৰান্তৰ মানৱ সৰবৰাহৰ চিকাৰ হোৱা ভুক্তভোগীসকলক উদ্ধাৰ, পুনৰ সংস্থাপন আৰু প্ৰত্যাৱৰ্তনৰ বাবে কাম কৰে।৩ সংস্থাৰ কৰ্মীসকলে ১৯৯৩ চনৰ পৰা ‘পতিতালয় অভিযান’ চলাই আহিছে।৪ সংগঠনটোৱে বছৰি মোটামুটি তিনিশজনী ছোৱালীক মুক্ত কৰে, আৰু লগতে সিহঁতক দিহা-পৰামৰ্শ (counseling), চাকৰিৰ প্ৰশিক্ষণ আৰু এইচ.আই.ভি. পৰীক্ষাৰ সুবিধা প্ৰদান কৰে।৫ যিহেতু এই অভিযানৰ ফলত প্ৰায়ে যৌন সৰবৰাহকাৰীসকলৰ গুৰুতৰ আৰ্থিক ক্ষতি বা কাৰাবাস হয়, সেয়ে তেওঁৰ কামৰ ফলস্বৰূপে ত্ৰিবেণী আচাৰ্যই ইতিমধ্যে কেইবাটাও মৃত্যুৰ ভাবুকি লাভ কৰিছে।৬

আচাৰ্যৰ সভাপতিত্বত কৰা কামৰ বাবে ৰেচকিউ ফাউণ্ডেচনে বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। ২০০৮ চনত, গোটটোৱে মহিলা উদ্যোগীসকলৰ বাবে ‘স্ত্ৰী শক্তি বঁটা’ লাভ কৰিছিল।৭ টাইৱানৰ ৰাষ্ট্ৰপতি মা ইং-জেউৱে আচাৰ্যলৈ টাইৱান ফাউণ্ডেশ্যন ফৰ ডেমক্ৰেচিৰ ‘এচিয়ান ডেমক্ৰেচি এণ্ড হিউমেন ৰাইটচ্ এৱাৰ্ড’ বঁটা প্ৰদান কৰাৰ লগতে ১,০০,০০০ আমেৰিকান ডলাৰৰ নগদ অনুদান আগবঢ়ায়।৫ এই বঁটাৰ বাবে এজন প্ৰাক্তন ভুক্তভোগীয়ে ৰেচকিউ ফাউণ্ডেচনৰ নাম মনোনীত কৰিছিল, যাক সংগঠনটোৱে মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা ৰক্ষা কৰিছিল।৮ ২০১১ চনত আচাৰ্যই নিজেই ট্ৰেইন ফাউণ্ডেচনৰ ‘চিভিল কাৰেজ প্ৰাইজ’ লাভ কৰিছিল। দৃঢ়তাৰে অশুভ শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া সকলক বছৰি এই বঁটা প্ৰদান কৰা হয়।৯ যৌন সৰবৰাহ, ঘৰুৱা নিৰ্যাতন আৰু শিশু পৰ্ণগ্ৰাফীৰ বিৰূদ্ধে কাম কৰা মেক্সিকান সাংবাদিক লিডিয়া কেচ’ ৰিবেৰ’ৰ সৈতে যুটীয়াভাৱে আচাৰ্যক এই বঁটা প্ৰদান কৰা হৈছিল।১০ ২০১৩ চনত, ৰেচিকিউ ফাউণ্ডেচনৰ সৈতে একেলগে কৰা কামৰ বাবে ত্ৰিবেণীক ‘ৱৰ্ল্ড অৱ চিলড্ৰেন হিউমেনিটেৰিয়ান এৱাৰ্ডেৰে’ সন্মানিত কৰা হয়।১১ এই স্বীকৃতিৰ সৈতে নগদ ৭৫,০০০ ডলাৰৰ অনুদান আগবঢ়োৱা হৈছিল।১২

তথ্যসূত্ৰ

  1. ↑ TRIVENI ACHARYA. worldofchildren.org/
  2. ↑ About Us. Rescue Foundation
  3. ↑ Welcome to Rescue Foundation. Rescue Foundation
  4. ↑ Mallika Kapur. (2011). Bound cruelly to their work. The Hindu Business Line
  5. ↑ (10 December 2010). Indian NGO wins accolades. হিন্দুস্তান টাইমছ
  6. ↑ (2011). Triveni Acharya, Civil Courage Prize Honoree 2011. Civil Courage Prize
  7. ↑ (9 March 2008). A woman-friendly step, says Sonia. দ্য হিন্দু
  8. ↑ Flora Wang. (9 November 2010). Rescue Foundation wins this year’s rights award. Taipei Times
  9. ↑ (2012). About the Prize. Civil Courage Prize
  10. ↑ (October 2011). 2011 Civil Courage Prize Honoree. civilcourageprize.org
  11. ↑ (September 2013). 2013 Humanitarian Honoree World of Children Award. worldofchildren.org
  12. ↑ World of Children Award Cash Grant Awards. worldofchildren.org

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ত্ৰিবেণী আচাৰ্য” প্ৰবন্ধৰ সংশোধন ৪২০১২৪ (৩০ এপ্ৰিল ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।