ফ্ৰান্সিছ কিছলিং (জন্ম ১৫ জুন ১৯৪৩) ধৰ্ম, প্ৰজনন, আৰু নাৰীৰ অধিকাৰৰ ক্ষেত্ৰত কাম কৰা এগৰাকী সক্ৰিয় কৰ্মী। তেওঁ চেণ্টাৰ ফৰ হেল্থ, এথিক্স এণ্ড ছ’চিয়েল পলিচিৰ সভানেত্ৰী। ১৯৮২ চনৰপৰা ২০০৭ চনলৈকে কেথলিকছ ফৰ চয়ছ (১৯৭৩ চনত প্ৰতিষ্ঠা)ৰ সভানেত্ৰী আছিল আৰু তাৰ পিছত তেওঁ জন অ’ব্ৰাইনৰ হাতত সংস্থাৰ বাঘজৰী অৰ্পণ কৰিছিল। এতিয়া তেওঁ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ চেণ্টাৰ ফৰ বায়'এথিক্স আৰু মেক্সিকো চহৰৰ ইউএনএএমৰ ইনষ্টিটিউট ডি ইনভেষ্টিগেচনছ ফিলোচ'ফিকাছ [es] ৰ অতিথি পণ্ডিত। তেওঁ নিয়মিতভাৱে দ্য নেচন আৰু দ্য হাফিংটন পোষ্টলৈ টুকুৰা অৱদান আগবঢ়ায়। ২০০৩ চনত ৰবিন মৰ্গানৰ সম্পাদনাত চিষ্টাৰহুড ইজ ফৰ এভাৰ: দ্য উইমেনছ এন্থলজি ফৰ এ নিউ মিলেনিয়াম নামৰ সংকলনখনত তেওঁ "ডান্সিং এগেইনষ্ট দ্য ভেটিকান" নামৰ লেখাৰে অৱদান আগবঢ়ায়।১
প্ৰাথমিক জীৱন
১৯৪৩ চনত নিউয়ৰ্ক চহৰৰ পোলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ পৰিয়ালত থমাছ আৰু ফ্লৰেন্স ৰোমানস্কি (জন্ম ৰিংকিউভিচ)ৰ ঘৰত ফ্ৰান্সিছ ৰোমানস্কিৰ জন্ম হৈছিল।২ পাঁচ বছৰৰ পাছত মাতৃয়ে আন এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ পাছত মাকে বিবাহ বিচ্ছেদ কৰে আৰু পিছলৈ চাৰ্লছ কিছলিং নামৰ এজন ব্যক্তিক বিয়া কৰায় আৰু তেওঁৰ সৈতে আৰু দুটা সন্তান জন্ম হয়।২ কেথলিক স্কুলৰ নানসকলৰপৰা অনুপ্ৰাণিত হৈ ১৯৬০ চনৰ আৰম্ভণিতে ১৯ বছৰ বয়সত কনভেণ্টত যোগদান কৰে যদিও মাত্ৰ ছমাহৰ পিছত তেওঁ গুচি যায় আৰু নিউ স্কুলত নামভৰ্তি কৰে।২
গৰ্ভপাতৰ অধিকাৰ সক্ৰিয়তা
ষাঠিৰ দশকত নাৰী আন্দোলনত কিছলিং সক্ৰিয় হৈ পৰে। ১৯৭০ চনত নিউয়ৰ্কত গৰ্ভপাত বৈধ হোৱাৰ পিছত পেলহামত গৰ্ভপাতৰ ক্লিনিক পৰিচালনা কৰিবলৈ কোৱা হয় আৰু যিটো তেওঁ গ্ৰহণ কৰে।২
১৯৭৭ চনত তেওঁক নেচনেল এবৰ্চন ফেডাৰেচনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী নিযুক্তি দিয়া হয়।৩ ১৯৭৮ চনত তেওঁ কেথলিকছ ফৰ এ ফ্ৰী চয়ছৰ ব'ৰ্ডত যোগদান কৰে আৰু ১৯৮২ চনত তেওঁ সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে – ২০০৭ চনত অৱসৰ লোৱালৈকে ২৫ বছৰ ধৰি এই পদত অধিষ্ঠিত হয়।২
তেওঁ গৰ্ভনিৰোধ আৰু গৰ্ভপাতৰ বাবে ৰাজহুৱা ধনৰ সমৰ্থন কৰে আৰু এলেন ফ্ৰেংকফৰ্টৰ সৈতে ৰ'জী: দ্য ইনভেষ্টিগেচন অৱ এ ৰংগফুল ডেথৰ সহ-লেখিকা।৪৫
কিছলিং ২০০৭–২০০৮ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ অংশ ৰেডক্লিফ ইনষ্টিটিউট ফেল’শ্বিপ প্ৰগ্ৰেমৰ ফেলো আছিল। আৱাসত থকাৰ সময়ত তেওঁৰ প্ৰকল্পটো আছিল গৰ্ভপাতৰ বিষয়ে কেনেকৈ চিন্তা কৰিব: প্ৰ'-চয়ছ ৰিফ্লেকচনছ অন ৰাইটছ এণ্ড ৰেচপন্সিবিলিটি নামৰ এখন কিতাপ।৬ বৰ্তমান তেওঁ ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া চেণ্টাৰ ফৰ বায়'এথিক্সৰ অতিথি পণ্ডিত।৭
তথ্যসূত্ৰ
- ↑ Library Resource Finder: Table of Contents for: Sisterhood is forever: the women's anth. Vufind.carli.illinois.edu
- ↑ Banerjee, Neela. (27 February 2007). Backing Abortion Rights While Keeping the Faith. The New York Times
- ↑ Filteau, Jerry. (2011-02-25). Frances Kissling urges pro-choice movement to evolve. National Catholic Reporter
- ↑ Frances Kissling, Influential Proponent of Reproductive Choice and Vocal Critic of the Roman Catholic Church, To Step Down After 25 Years as President of Catholics for a Free Choice. Catholics for a Free Choice
- ↑ Ellen Frankfort; Frances Kissling. (1979). Rosie: The Investigation of a Wrongful Death. Dial Press. ISBN 978-0-8037-7504-6
- ↑ 2007–2008 Radcliffe Institute Fellows. radcliffe.edu. Radcliffe Institute
- ↑ Penn Medical Ethics and Health Policy | Home. Bioethics.upenn.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফ্ৰান্সিছ কিছলিং” প্ৰবন্ধৰ সংশোধন ৫৮২৯৮৩ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।