নলিনী জমিলা (Nalini Jamela; জন্ম: ১৮ আগষ্ট ১৯৫৪) এগৰাকী ভাৰতীয় বেষ্ট চেলাৰ লেখিকা,১ যৌনকৰ্মীৰ সক্ৰিয় প্ৰবক্তা আৰু কেৰালাৰ থ্ৰিছুৰৰ প্ৰাক্তন যৌনকৰ্মী। তেখেত দ্য অটোবায়’গ্ৰাফী অৱ এ চেক্স-ৱৰ্কাৰ (২০০৫) আৰু ৰোমাণ্টিক এনকাউণ্টাৰছ অৱ এ চেক্স ৱৰ্কাৰ (২০১৮) নামৰ গ্ৰন্থৰ লেখিকা। তেখেত কেৰালাৰ যৌনকৰ্মী মঞ্চৰ সমন্বয়ক২ আৰু পাঁচটা বেচৰকাৰী সংস্থাৰ (NGO) সদস্য।৩ ৫১ সংখ্যক কেৰেলা ৰাজ্যিক চলচ্চিত্ৰ বঁটাত ভাৰতপুঝা ছবিখনৰ সাজ-পোছাকৰ ডিজাইনৰ বাবে নলিনীয়ে বিশেষ জুৰীৰ উল্লেখ লাভ কৰে।৪৫
জীৱনী
১৯৫৪ চনৰ ১৮ আগষ্টত ভাৰতৰ থ্ৰিচ্ছুৰৰ কল্লুৰ গাঁৱত নলিনী জমিলাৰ জন্ম হৈছিল। ২৪ বছৰ বয়সত স্বামীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু নোহোৱালৈকে তেওঁ পথাৰত শস্য ৰোপণ আৰু চপোৱা কাম কৰিছিল৬ ইয়াৰ বাহিৰে তেওঁৰ দুটা সৰু সন্তানক পোহপাল দিইত্য়াথৰ কোনো উপায় নাছিল।৭ ৰোজেচি নামৰ এগৰাকী যৌনকৰ্মীয়ে৮৭ তেওঁক যৌন কৰ্মৰ সৈতে পৰিচয় কৰাই দিছিল। ৰোজেচিয়ে তেওঁৰ প্ৰথম ক্লায়েণ্ট হিচাপে এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ব্যৱস্থা কৰিছিল আৰু তেওঁক থ্ৰিচ্ছুৰৰ এটা অতিথিশালাত লগ পাইছিল য’ত ৰাজনীতিবিদসকলে সঘনাই গৈছিল। ৰাতিপুৱা অতিথিশালাৰ পৰা ওলাই আহোঁতে তাইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাৰপিট কৰে।৮
প্ৰায় সাত বছৰ বয়সত তেওঁ ৩য় শ্ৰেণীলৈকে পঢ়ি স্কুল এৰিছিল।১১৯৯০ চনত তেওঁ কল্লুৰ চৰকাৰী বিদ্যালয়ত অধিক শিক্ষা গ্ৰহণ কৰে আৰু শেষত দ্বাদশ শ্ৰেণীত উপনীত হয়।৯
২০০১ চনত তেওঁ কেৰালাৰ যৌনকৰ্মী মঞ্চৰ (SWFK) সমন্বয়ক হিচাপে নিৰ্বাচিত হয়।৯ তেওঁৰ নেতৃত্বত SWFK-এ ৰাজপথৰ যৌনকৰ্মীসকলৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰতিবাদী সমদল অনুষ্ঠিত কৰে।১০
জমিলা পাঁচটা বেচৰকাৰী সংস্থা (এন জি অ')ৰ সদস্য।৩ বাংগালুৰুত এইডছ কাউন্সেলিং প্ৰগ্ৰেমৰ চতুৰ্থখন বৈঠকত তেওঁ চৰকাৰক কেৱল কণ্ডম বিতৰণ কৰাই নহয়, যৌনকৰ্মী আৰু তেওঁলোকৰ সন্তানক শিক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায়।৩
কৰ্মজীৱন
এগৰাকী যৌনকৰ্মীৰ আত্মজীৱনী
২০০৫ চনত জমীলাই লিখা Oru Lyngikathozhilaliyude Atmakatha *(Autobiography of a Sex Worker, এগৰাকী যৌনকৰ্মীৰ আত্মজীৱনী ) গ্ৰন্থখনৰ ১৩,০০০ কপি বিক্ৰী হৈছিল। কিতাপখন প্ৰকাশৰ ১০০ দিনৰ ভিতৰতে ছটা সংস্কৰণলৈ মুক্তি পাইছিল।১১ মূলতঃ মালায়ালম ভাষাত লিখা এই গ্ৰন্থখন ২০০৭ চনত জে দেৱিকাই ইংৰাজীলৈ অনুবাদ কৰে,১আৰু পিছৰ বছৰত ছফী বাষ্টাইড-ফল্টজে ফৰাচী ভাষালৈ অনুবাদ কৰে।[15] এই গ্ৰন্থখনে সমাজত ব্যাপক আন্দোলনৰ সৃষ্টি কৰিছিল,১২ আৰু কেৰেলাত বহু বিবাব আৰু বিতৰ্কৰ সৃষ্টি কৰিছিল।১৩ নাৰীবাদীসকলে এই গ্ৰন্থখনক নিন্দা কৰিছিল। তেওঁলোকেৰ মতে, এই কিতাপ যৌন কৰ্মক মহিমামণ্ডিত কৰে আৰু ৰক্ষণশীলসকলেও এই বিষয়টো প্ৰচাৰ কৰা উচিত নহয়।১৪১৫৩১
যৌনকৰ্মীৰ ৰোমাণ্টিক এনকাউণ্টাৰ
২০১৮ চনত জমিলাৰ দ্বিতীয়খন গ্ৰন্থ Romantic Encounters of a Sex Worker১৬প্ৰকাশ পায়। কিতাপখন থৈৰেশমা ভৰদ্বাজে ইংৰাজীলৈ অনুবাদ কৰিছিল,৬ আৰু গুজৰাটী, বাংলা আৰু তামিললৈও অনুবাদ কৰিছিল।৩ কিতাপখনত ১৯৭০ চনৰ পৰা ২০০০ চনলৈকে লিখা আঠটা কাহিনী সন্নিবিষ্ট কৰা হৈছে,১০ ইয়াত তেওঁৰ ক্লায়েণ্টসকলৰ সৈতে গঢ় লৈ উঠা সম্পৰ্কৰ বিষয়ে কোৱা হৈছে।১২
তথ্যচিত্ৰ
উল্লেখযোগ্য যে বিখ্যাত চলচ্চিত্ৰ পৰিচালক সন্তোষ শিৱনৰ কনিষ্ঠ ভাতৃ সঞ্জীৱ শিৱনে ২০১৩ চনত জমিলাৰ জীৱনক লৈ ২৮ মিনিটৰ এখন তথ্যচিত্ৰ ‘Sex, Lies and a Book’ নিৰ্মাণ কৰিছিল। এই তথ্যচিত্ৰখন ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (UNDP) আৰু পাব্লিক চাৰ্ভিচ ব্ৰডকাষ্টিং ট্ৰাষ্টৰ যৌথ উদ্যোগত আছিল। ছবিখনত অভিনয় কৰিছিল জমিলাই।৩
তথ্যসূত্ৰ
- ↑ (2005-12-20). Indian prostitute mum sparks storm with book. www.chinadaily.com.cn
- ↑ Ittyipe, Minu S. (2005-07-30). The life of the Silenced. Tehelka
- ↑ (26 October 2006). നളിനി ജമീലയുടെ ആത്മകഥ അഭ്രപാളികളില്. malayalam.boldsky.com
- ↑ (2021-10-17). 51st Kerala State Film Awards: The full winners list
- ↑ നല്ലനടപ്പുകാരി ചമയാനില്ല; എന്റെ ജീവിതം ആരെയും ബോധിപ്പിക്കാനുമല്ല: നളിനി ജമീല. ManoramaOnline
- ↑ Jameela, Nalini. (16 May 2018). In a new book, Nalini Jameela breaks taboos and writes about her romantic encounters as a sex worker. Scroll.in
- ↑ (25 July 2005). Indian prostitute reveals all in gripping autobiography. South China Morning Post
- ↑ Ittyipe, Minu. (14 March 2012). The life of the Silenced. Tehelka - The People's Paper
- ↑ books.puzha.com - Author Details. www.puzha.com
- ↑ Mitra, Ipshita. (18 April 2018). Romantic Encounters of a Sex Worker: Nalini Jameela returns, with eight new stories from her past. Firstpost
- ↑ Jameela, Nalini. (2010). Oru Lymgikathozhilaliyude Atmakatha. D C Books. ISBN 9788126438105
- ↑ Pillai, Pooja. (25 March 2018). How to Talk about Sex Without Offending People. The Indian Express
- ↑ Roy, Nilanjana S. (2010-07-06). Giving a Voice to the Voiceless in India. The New York Times
- ↑ Jameela, Nalini. (2008). Autobiographie d'une travailleuse du sexe. Actes Sud. ISBN 9782742775163
- ↑ ഞങ്ങള്ക്ക് കോണ്ടം മാത്രം പോര: നളിനി ജമീല. malayalam.webdunia.com
- ↑ Nair, Preetha S. (2011-07-05). 'Proud' sex worker Nalini Jameela pens her second book. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নলিনী জমীলা” প্ৰবন্ধৰ সংশোধন ৪৯০৬০০ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।